--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ ৰাজনৈতিক  ভৱিষ্যত কি হ’ব?অহা  সপ্তাহতে হয়তো এই প্ৰশ্নৰ উত্তৰ পোৱা যাব।   সোমবাৰে এথিক্স সমিতিয়ে লোকসভাত প্ৰতিবেদন দাখিলৰ  সম্ভাৱনা আছে৷ সেইদিনটো লোকসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত হ’ব। মহুৱাৰ সাংসদ পদৰ  কৰ্তন কৰা হ’ব নেকি সেই বিষয়ত  ভোটৰ জড়িয়তে চূড়ান্ত সিদ্ধান্ত  লোৱাৰ সম্ভাৱনা আছে।  

যদি এথিক্স সমিতিৰ প্ৰতিবেদনৰ সপক্ষে অধিক ভোট দিয়া হয়, তেন্তে মৈত্ৰক  সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হ'ব। ইফালে, সৰ্বদলীয় বৈঠক সোমবাৰে অনুষ্ঠিত  হ'ব ৷  মহুৱাৰ  সমস্যাটো তাতো উত্থাপিত হ'ব বুলি আশা কৰা হৈছে।সংসদত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই শনিবাৰে এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু  সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে  বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত  প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।  ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই   বিজেপি সাংসদগৰাকীৰ  অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু   লাভালাভ প্ৰদান কৰিছে।  যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ  খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই  দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়