--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অযোধ্যাৰ ছাবনী ক্ষেত্ৰৰ হাবিৰ মাজত ১৮টা হেণ্ড গ্ৰেনেড উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰশ্ন হয় এয়া কোনো ষড়যন্ত্ৰ নে অসাৱধানতা ? অৱশ্যে ইমানখিনি গ্ৰেনেড ক’ৰ পৰা কেনেকৈ সেই ঠাইলৈ আহিল, তাকে লৈ অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ 

দৰাচলতে অযোধ্যা জিলাৰ ছাবনী পৰিষদৰ ৰামমিলন নিষাদে জনোৱামতে নিৰ্মলী কুণ্ডৰ এজন স্থানীয় যুৱকে পোনপ্ৰথমে কুণ্ডৰ দাঁতিকাষৰীয়া অৰণ্যৰ মাজত  একেলগে যথেষ্টসংখ্যক গ্ৰেনেড পৰি থকা প্ৰত্যক্ষ কৰে । সন্দেহজনক দেখি স্থানীয় লোকসকলে  মিলিটেৰী ইন্টেলিজেন্সক খবৰ দিয়ে আৰু ততাতৈয়াকৈ আহি তেওঁলোকে আটাইবোৰ গ্ৰেনেড নিস্ক্ৰিয় কৰে৷ 

জানিবপৰামতে ছাবনী ক্ষেত্ৰৰ সেনাৰ ফায়াৰিং অভ্যাস কৰা ঠাইৰ পৰা সন্দেহজনকভাৱে গ্ৰেনেড উদ্ধাৰ হোৱা ঠাইখণ্ড মাথো আঢ়ৈ কিল’মিটাৰ দূৰত ৷ চৰম অসাৱধানতা আৰু নাগৰিকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিস্বৰূপে দেখা দিয়া এই ঘটনাৰ সেনাৰ ফালৰ পৰা বিভাগীয় তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

মিলিটেৰী ইন্টেলিজেন্সৰ এজন বিষয়াই ঘটনা সন্দৰ্ভত কয় যে, সৈনিকসকলৰ সামৰিক অভ্যাসৰ পিছত মিছ হোৱা গ্ৰেনেডসমূহ সাধাৰণতে পেলাই দিয়া হয় ।কিন্তু এইদৰে একেলগে ইমানখিনি গ্ৰেনেড ক’ৰপৰা কেনেকৈ আহিল এয়া নিশ্চয়েই অনুসন্ধানৰ বিষয় ৷ এই গ্ৰেনেডখিনি কোন বেটচৰ, কাক অনুমোদন দিয়া হৈছিল, এইখিনি লক্ষ্যনীয় হ’ব ৷ 

সেই ঠাইখণ্ডত সেনাৰ শ্বুটিং ৰেঞ্জ আছে সঁচা ।কিন্তু বিশেষ সূত্ৰমতে তাত গ্ৰেনেডৰ অভ্যাস বৰকৈ কৰা নহয় ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ