--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অযোধ্যাৰ ছাবনী ক্ষেত্ৰৰ হাবিৰ মাজত ১৮টা হেণ্ড গ্ৰেনেড উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰশ্ন হয় এয়া কোনো ষড়যন্ত্ৰ নে অসাৱধানতা ? অৱশ্যে ইমানখিনি গ্ৰেনেড ক’ৰ পৰা কেনেকৈ সেই ঠাইলৈ আহিল, তাকে লৈ অনুসন্ধান ইতিমধ্যে আৰম্ভ কৰা হৈছে ৷ 

দৰাচলতে অযোধ্যা জিলাৰ ছাবনী পৰিষদৰ ৰামমিলন নিষাদে জনোৱামতে নিৰ্মলী কুণ্ডৰ এজন স্থানীয় যুৱকে পোনপ্ৰথমে কুণ্ডৰ দাঁতিকাষৰীয়া অৰণ্যৰ মাজত  একেলগে যথেষ্টসংখ্যক গ্ৰেনেড পৰি থকা প্ৰত্যক্ষ কৰে । সন্দেহজনক দেখি স্থানীয় লোকসকলে  মিলিটেৰী ইন্টেলিজেন্সক খবৰ দিয়ে আৰু ততাতৈয়াকৈ আহি তেওঁলোকে আটাইবোৰ গ্ৰেনেড নিস্ক্ৰিয় কৰে৷ 

জানিবপৰামতে ছাবনী ক্ষেত্ৰৰ সেনাৰ ফায়াৰিং অভ্যাস কৰা ঠাইৰ পৰা সন্দেহজনকভাৱে গ্ৰেনেড উদ্ধাৰ হোৱা ঠাইখণ্ড মাথো আঢ়ৈ কিল’মিটাৰ দূৰত ৷ চৰম অসাৱধানতা আৰু নাগৰিকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিস্বৰূপে দেখা দিয়া এই ঘটনাৰ সেনাৰ ফালৰ পৰা বিভাগীয় তদন্ত ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

মিলিটেৰী ইন্টেলিজেন্সৰ এজন বিষয়াই ঘটনা সন্দৰ্ভত কয় যে, সৈনিকসকলৰ সামৰিক অভ্যাসৰ পিছত মিছ হোৱা গ্ৰেনেডসমূহ সাধাৰণতে পেলাই দিয়া হয় ।কিন্তু এইদৰে একেলগে ইমানখিনি গ্ৰেনেড ক’ৰপৰা কেনেকৈ আহিল এয়া নিশ্চয়েই অনুসন্ধানৰ বিষয় ৷ এই গ্ৰেনেডখিনি কোন বেটচৰ, কাক অনুমোদন দিয়া হৈছিল, এইখিনি লক্ষ্যনীয় হ’ব ৷ 

সেই ঠাইখণ্ডত সেনাৰ শ্বুটিং ৰেঞ্জ আছে সঁচা ।কিন্তু বিশেষ সূত্ৰমতে তাত গ্ৰেনেডৰ অভ্যাস বৰকৈ কৰা নহয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
গুৱাহাটী বিশ্ববিদ্যালয়ত 'পেছাৰ বাবে প্ৰস্তুতি' শীৰ্ষক অনুষ্ঠানৰ সামৰণি