--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চেলেম-ৰাছিপুৰম পথত চলি থকা তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ ৫২নং বাছৰ যাত্ৰীসকলে চলিত মাহৰ আৰম্ভণিতে এগৰাকী লেডী কণ্ডাক্টৰে টিকটৰ বাবে তেওঁলোকৰ ওচৰলৈ অহাত আচৰিত হৈছিল। কাৰণ নামকল জিলাত আগতে কেতিয়াও মহিলা চৰকাৰী বাছ কণ্ডাক্টৰ নাছিল। তেনেস্থলত এগৰাকী মহিলা কণ্ডাক্টৰে টিকটৰ বাবে অহাতো সঁচাকৈয়ে যাত্ৰীসকলে বাবে আশ্চর্যকৰ আছিল।

 তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ চেলেম সংমণ্ডলে এমাহতকৈও অধিক পূৰ্বে বাছ কণ্ডাক্টৰ পদৰ বাবে নামকল জিলাৰ ৰাছিপুৰম কুমাৰৰ পত্নী কে ইলয়াৰানী নামৰ এগৰাকী মহিলাক নিযুক্তি দিছিল।

 মহিলাগৰাকীয়ে জনোৱা মতে ১০জন প্ৰাৰ্থীৰ নতুন নিযুক্তিৰ গোটৰ তেওঁ আছিল একমাত্ৰ মহিলা প্ৰাৰ্থী। এমাহজোৰা মৌলিক প্ৰশিক্ষণৰ অন্তত ১ জুনত চেলেম-ৰাছিপুৰম পথত তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ ৫২ নং বাছৰ সৈতে ইলায়াৰাণীয়ে কাম আৰম্ভ কৰিছিল। মহিলাগৰাকীযে দৈনিক পুৱা ৫ বজাৰ পৰা কৰ্তব্য আৰম্ভ কৰে আৰু নিশা ১০ বজাত সমাপ্ত হয়।

 ইলায়াৰাণীয়ে কয় যে তেওঁৰ পিতৃ তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ চেলেম বিভাগৰ টিকট পৰীক্ষণ বিষয়া আছিল। অৱসৰৰ পূৰ্বে ২০১০ চনত অসুস্থতাৰ বাবে তেওঁ মৃত্যুক সাৱটি লয়। তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালৰ যিকোনো সদস্যৰ বাবে দয়ালুতাৰ ভিত্তিত চাকৰিৰ বাবে আবেদন কৰিছিল‌‌। পাছলৈ মহিলাগৰাকীয়ে সৰু ভায়েক ইলয়াৰাজাৰ অনুৰোধত চাকৰিটো গ্ৰহণ কৰিছিল।

 এখন ব্যক্তিগত মহাবিদ্যালয়ৰ সৈতে কাম কৰি থকা স্বামী কুমাৰেও তেওঁক কণ্ডাক্টৰৰ চাকৰি লবলৈ উৎসাহিত কৰা বুলিও কয় মহিলাগৰাকীয়ে। তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ  বিষয়াসকলে প্ৰথমতে চাকৰি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে ব্যাখ্যা কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে