--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চেলেম-ৰাছিপুৰম পথত চলি থকা তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ ৫২নং বাছৰ যাত্ৰীসকলে চলিত মাহৰ আৰম্ভণিতে এগৰাকী লেডী কণ্ডাক্টৰে টিকটৰ বাবে তেওঁলোকৰ ওচৰলৈ অহাত আচৰিত হৈছিল। কাৰণ নামকল জিলাত আগতে কেতিয়াও মহিলা চৰকাৰী বাছ কণ্ডাক্টৰ নাছিল। তেনেস্থলত এগৰাকী মহিলা কণ্ডাক্টৰে টিকটৰ বাবে অহাতো সঁচাকৈয়ে যাত্ৰীসকলে বাবে আশ্চর্যকৰ আছিল।

 তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ চেলেম সংমণ্ডলে এমাহতকৈও অধিক পূৰ্বে বাছ কণ্ডাক্টৰ পদৰ বাবে নামকল জিলাৰ ৰাছিপুৰম কুমাৰৰ পত্নী কে ইলয়াৰানী নামৰ এগৰাকী মহিলাক নিযুক্তি দিছিল।

 মহিলাগৰাকীয়ে জনোৱা মতে ১০জন প্ৰাৰ্থীৰ নতুন নিযুক্তিৰ গোটৰ তেওঁ আছিল একমাত্ৰ মহিলা প্ৰাৰ্থী। এমাহজোৰা মৌলিক প্ৰশিক্ষণৰ অন্তত ১ জুনত চেলেম-ৰাছিপুৰম পথত তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ ৫২ নং বাছৰ সৈতে ইলায়াৰাণীয়ে কাম আৰম্ভ কৰিছিল। মহিলাগৰাকীযে দৈনিক পুৱা ৫ বজাৰ পৰা কৰ্তব্য আৰম্ভ কৰে আৰু নিশা ১০ বজাত সমাপ্ত হয়।

 ইলায়াৰাণীয়ে কয় যে তেওঁৰ পিতৃ তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ চেলেম বিভাগৰ টিকট পৰীক্ষণ বিষয়া আছিল। অৱসৰৰ পূৰ্বে ২০১০ চনত অসুস্থতাৰ বাবে তেওঁ মৃত্যুক সাৱটি লয়। তেওঁৰ মৃত্যুৰ পাছত পৰিয়ালৰ যিকোনো সদস্যৰ বাবে দয়ালুতাৰ ভিত্তিত চাকৰিৰ বাবে আবেদন কৰিছিল‌‌। পাছলৈ মহিলাগৰাকীয়ে সৰু ভায়েক ইলয়াৰাজাৰ অনুৰোধত চাকৰিটো গ্ৰহণ কৰিছিল।

 এখন ব্যক্তিগত মহাবিদ্যালয়ৰ সৈতে কাম কৰি থকা স্বামী কুমাৰেও তেওঁক কণ্ডাক্টৰৰ চাকৰি লবলৈ উৎসাহিত কৰা বুলিও কয় মহিলাগৰাকীয়ে। তামিলনাডু ৰাজ্যিক পৰিবহণ নিগমৰ  বিষয়াসকলে প্ৰথমতে চাকৰি সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে ব্যাখ্যা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ