--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰ মুকলিৰ প্ৰাকক্ষণত ৰামনগৰী অযোধ্যাত ব্যাপক প্ৰস্তুতি৷ ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান৷ যাক লৈ এতিয়া উদুলি-মুদুলি পৰিৱেশ অযোধ্যাত৷ ২২ জানুৱাৰীৰ পূৰ্বে নৱনিৰ্মিত ৰাম মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে নিৰ্মাণকাৰ্যত জড়িত অভিযন্তাসকলে৷ 

দেওবাৰৰ পৰা অযোধ্যাত আৰম্ভ হৈছে চাফাই অভিযান৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শুভাৰম্ভ কৰে চাফাই অভিযানৰ৷ ইপিনে মুকলিৰ প্ৰাকক্ষণত চত্তীশগড়ৰ পৰা অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে ৰামললাৰ বিশেষ সিংহাসনৰ লগতে ২১ কিলোগ্ৰাম ওজনৰ ৰূপৰ সামগ্ৰী৷ আনহাতে বিহাৰৰ মিথিলাৰ পৰা ৰামলালাৰ বাবে প্ৰেৰণ কৰা হৈছে ৰূপৰ বিশেষ বাচন-বৰ্তন৷ ইপিনে নৱনিৰ্মিত ৰাম মন্দিৰক লৈ দেশৰ ভিন্ন প্ৰান্তত ভক্তৰ লগতে আন আন লোকসকলৰ মাজতো বিশেষ উছাহ-উদ্দীপনা৷ গুজৰাট আৰু ৰাজস্থানৰ পৰা পদব্ৰজে অযোধ্যাত উপস্থিত ২ যুৱক৷ ৩৪ দিনত ১৪০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰি অযোধ্যাত উপস্থিত হ’ল যুৱকদ্বয়৷ 

একেদৰে ইণ্ডোৰৰ পৰা ৰাষ্ট্রীয় পৰ্যায়ৰ এথলীট কাৰ্তিক যোশীয়ে অযোধ্যা অভিমুখে আৰম্ভ কৰিছে ১০০৮ কিলোমিটাৰৰ দৌৰ৷ ১৪ দিনত দৌৰবিদগৰাকীয়ে সম্পূৰ্ণ কৰিব দৌৰ৷ দেওবাৰে অযোধ্যা প্ৰশাসনে লাভ কৰিলে ৫০ খন ই-বাছৰ লগতে ৫০খনকৈ পিংক অ’টোৰিক্সা৷ আনহাতে অযোধ্যাত উপস্থিত হৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম খ্যাত অভিনেতা অৰুণ গোভিল৷ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে বিশ্বৰ ৫৫খন দেশৰ ১০০ গৰাকী অতিথিক৷ তাৰ মাজতে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰলৈও প্ৰেৰণ কৰা হ’ল নিমন্ত্ৰণী পত্ৰ৷ বিজেপি নেত্ৰী তথা বিখ্যাত অভিনেত্ৰী হেমা মালিনীয়ে ১৭ জানুৱাৰীত অংশ ল’ব অযোধ্যাৰ নৃত্যানুষ্ঠানত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু