--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাম মন্দিৰ মুকলিৰ প্ৰাকক্ষণত ৰামনগৰী অযোধ্যাত ব্যাপক প্ৰস্তুতি৷ ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান৷ যাক লৈ এতিয়া উদুলি-মুদুলি পৰিৱেশ অযোধ্যাত৷ ২২ জানুৱাৰীৰ পূৰ্বে নৱনিৰ্মিত ৰাম মন্দিৰৰ কাম সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে নিৰ্মাণকাৰ্যত জড়িত অভিযন্তাসকলে৷ 

দেওবাৰৰ পৰা অযোধ্যাত আৰম্ভ হৈছে চাফাই অভিযান৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শুভাৰম্ভ কৰে চাফাই অভিযানৰ৷ ইপিনে মুকলিৰ প্ৰাকক্ষণত চত্তীশগড়ৰ পৰা অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে ৰামললাৰ বিশেষ সিংহাসনৰ লগতে ২১ কিলোগ্ৰাম ওজনৰ ৰূপৰ সামগ্ৰী৷ আনহাতে বিহাৰৰ মিথিলাৰ পৰা ৰামলালাৰ বাবে প্ৰেৰণ কৰা হৈছে ৰূপৰ বিশেষ বাচন-বৰ্তন৷ ইপিনে নৱনিৰ্মিত ৰাম মন্দিৰক লৈ দেশৰ ভিন্ন প্ৰান্তত ভক্তৰ লগতে আন আন লোকসকলৰ মাজতো বিশেষ উছাহ-উদ্দীপনা৷ গুজৰাট আৰু ৰাজস্থানৰ পৰা পদব্ৰজে অযোধ্যাত উপস্থিত ২ যুৱক৷ ৩৪ দিনত ১৪০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰি অযোধ্যাত উপস্থিত হ’ল যুৱকদ্বয়৷ 

একেদৰে ইণ্ডোৰৰ পৰা ৰাষ্ট্রীয় পৰ্যায়ৰ এথলীট কাৰ্তিক যোশীয়ে অযোধ্যা অভিমুখে আৰম্ভ কৰিছে ১০০৮ কিলোমিটাৰৰ দৌৰ৷ ১৪ দিনত দৌৰবিদগৰাকীয়ে সম্পূৰ্ণ কৰিব দৌৰ৷ দেওবাৰে অযোধ্যা প্ৰশাসনে লাভ কৰিলে ৫০ খন ই-বাছৰ লগতে ৫০খনকৈ পিংক অ’টোৰিক্সা৷ আনহাতে অযোধ্যাত উপস্থিত হৈছে ৰামায়ণ ধাৰাবাহিকৰ ৰাম খ্যাত অভিনেতা অৰুণ গোভিল৷ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে বিশ্বৰ ৫৫খন দেশৰ ১০০ গৰাকী অতিথিক৷ তাৰ মাজতে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰলৈও প্ৰেৰণ কৰা হ’ল নিমন্ত্ৰণী পত্ৰ৷ বিজেপি নেত্ৰী তথা বিখ্যাত অভিনেত্ৰী হেমা মালিনীয়ে ১৭ জানুৱাৰীত অংশ ল’ব অযোধ্যাৰ নৃত্যানুষ্ঠানত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক