--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হোৱা নাই, বৰঞ্চ প্ৰতিবছৰে বৃদ্ধিহে পাইছে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনাগত বিধানসভাৰ নিৰ্বাচনলৈ সম্ভৱতঃ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৫০ লাখ হ'বগৈ।

ডিজিটেল ডেস্ক: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অহা ২৮ ছেপ্টেম্বৰৰ পৰা প্ৰচাৰ চলাব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। ২৮, ২৯ ছেপ্টেম্বৰৰ লগতে এক, দুই, তিনি অক্টোবৰত নগাঁও সমষ্টিত প্ৰচাৰ চলোৱাৰ উপৰি অহা ৩০ ছেপ্টেম্বৰত শিলচৰ পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বৰাকলৈ যাব মুখ্যমন্ত্ৰীগৰাকী। 


পৌৰ সভা নিৰ্বাচনৰ বাবে এদিনেই প্ৰচাৰ চলাব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিলচৰত আমাৰ প্ৰচাৰ ভালদৰে চলি আছে। আমি যথেষ্ট অগ্রগতি লাভ কৰিছোঁ। বিজেপিয়ে যথেষ্ট সংখ্যক আসন লাভ কৰিব। আনহাতে, বদৰুদ্দিন আজমলে মুখ্যমন্ত্রীক আক্ৰমণ কৰি থকাৰ সন্দৰ্ভত তেওঁ কয়, 'মই যি ক'বলগীয়া আছে নির্বাচনী প্ৰচাৰ সভাত ক'ম।' আনহাতে, গঁড় সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ দিনত প্ৰতিবছৰে ৪০-৪৫টা গঁড় হত্যা কৰা হৈছিল। এই সংখ্যা চৰকাৰীহে। প্রকৃত সংখ্যা ইয়াতকৈও অধিক। বহুতো গঁড় হত্যাৰ তথ্য লিপিবদ্ধই কৰা হোৱা নাছিল। কিন্তু যোৱা তিনি বছৰ ধৰি এটাও গঁড় চোৰাং চিকাৰীয়ে মৰা নাই। 


তেওঁ লগতে কয়, '২০১৪ চনৰ পৰাই গঁড় হত্যাৰ সংখ্যা কমি আহিছে। এয়া আমাৰ বাবে এক ডাঙৰ সাফল্য। সম্ভৱতঃ বিশ্বত কোনো স্থানতে চৰকাৰে এনে সাফল্য লাভ কৰা নাই।' ইয়াৰ বাবে তেওঁ আৰক্ষীৰ লগতে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। 


আনহাতে, অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হোৱা নাই, বৰঞ্চ প্ৰতিবছৰে বৃদ্ধিহে পাইছে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনাগত বিধানসভাৰ নিৰ্বাচনলৈ সম্ভৱতঃ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৫০ লাখ হ'বগৈ। আমি নাম কৰ্তন কৰাত নাই, বৃদ্ধি কৰাৰ পক্ষতহে আছোঁ।' ইফালে প্রশাসনিক কাম-কাজ অধিক দ্রুত আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে 'ই-অ'ফিচ' ব্যৱস্থা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সকলো বিভাগৰ কাম-কাজৰ বাবে একেটা ছফ্টৱেৰ ব্যৱহাৰ কৰা হ'ব। ইয়াৰ জৰিয়তে চৰকাৰী ফাইলৰ কাম-কাজ অনলাইনযোগে সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ