--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণা কৰিছে উত্তৰাখণ্ডত।  ভূমিস্খলনৰ বাবে পাহাৰীয়া ৰাজ্য খনত  কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে। বহু পথৰ ওপৰত  শিলৰ স্তূপ জমা হোৱাৰ বাবে যান-বাহন চলাচল ব্যাহত হৈ পৰিছে। শেহতীয়াকৈ পাহাৰ পৰা হঠাতে নামি অহা মাটি-শিৱে পুতি পেলাইছে তীৰ্থযাত্ৰীৰ এখন বাহন।

  ফলস্বৰূপে, কমেও পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে।আৰক্ষীয়ে প্ৰকাশ কৰা মতে  উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ তৰচালী অঞ্চলত ভূমিস্খলনৰ ফলত পথটোত শিলৰ স্তূপ জমা হৈছিল। সেই সময়ত তীৰ্থযাত্ৰীৰ এখন গাড়ীয়ে  কেদাৰনাথলৈ যাবলৈ চেষ্টা কৰি আছিল। ধাৰাসাৰ বৰষুণৰ ফলত তৰচালী অঞ্চলত পথটো খহি পৰে আৰু পাহাৰৰ পৰা মাটি নামি আহে ।ফলত  ঘাইপথৰ প্ৰায় ৬০ মিটাৰ ধ্বংস হয়। সেই মাটিয়ে  গাড়ীখন পুতি পেলায়।  গাড়ীখনৰ পৰা পিছত পাঁচ জন তীৰ্থ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।  

দুৰ্ঘটনাটোৰ ফলত  কেদাৰনাথলৈ যোৱা গুপ্তকাশী-গৌৰীকুণ্ড ঘাইপথটো দীঘলীয়া সময়ৰ বাবে বন্ধ হৈ যায়। 
যোৱা কেইদিনমানধৰি উত্তৰাখণ্ডৰ কেইবাখনো জিলাত বজ্ৰপাতকে ধৰি ধাৰাসাৰ বৰষুণ চলি আছে। ফলত কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে। ১১ ৰ পৰা ১৪ আগষ্টলৈ কেইবাখনো জিলাত ৰঙা আৰু কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। এনে পৰিস্থিতিত, তীৰ্থযাত্ৰীসকলে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকক বাৰে বাৰে বিভিন্ন পথত আবদ্ধ হৈ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন