--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনে সংহাৰী ৰূপ ধাৰণা কৰিছে উত্তৰাখণ্ডত।  ভূমিস্খলনৰ বাবে পাহাৰীয়া ৰাজ্য খনত  কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে। বহু পথৰ ওপৰত  শিলৰ স্তূপ জমা হোৱাৰ বাবে যান-বাহন চলাচল ব্যাহত হৈ পৰিছে। শেহতীয়াকৈ পাহাৰ পৰা হঠাতে নামি অহা মাটি-শিৱে পুতি পেলাইছে তীৰ্থযাত্ৰীৰ এখন বাহন।

  ফলস্বৰূপে, কমেও পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে।আৰক্ষীয়ে প্ৰকাশ কৰা মতে  উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ তৰচালী অঞ্চলত ভূমিস্খলনৰ ফলত পথটোত শিলৰ স্তূপ জমা হৈছিল। সেই সময়ত তীৰ্থযাত্ৰীৰ এখন গাড়ীয়ে  কেদাৰনাথলৈ যাবলৈ চেষ্টা কৰি আছিল। ধাৰাসাৰ বৰষুণৰ ফলত তৰচালী অঞ্চলত পথটো খহি পৰে আৰু পাহাৰৰ পৰা মাটি নামি আহে ।ফলত  ঘাইপথৰ প্ৰায় ৬০ মিটাৰ ধ্বংস হয়। সেই মাটিয়ে  গাড়ীখন পুতি পেলায়।  গাড়ীখনৰ পৰা পিছত পাঁচ জন তীৰ্থ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।  

দুৰ্ঘটনাটোৰ ফলত  কেদাৰনাথলৈ যোৱা গুপ্তকাশী-গৌৰীকুণ্ড ঘাইপথটো দীঘলীয়া সময়ৰ বাবে বন্ধ হৈ যায়। 
যোৱা কেইদিনমানধৰি উত্তৰাখণ্ডৰ কেইবাখনো জিলাত বজ্ৰপাতকে ধৰি ধাৰাসাৰ বৰষুণ চলি আছে। ফলত কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে। ১১ ৰ পৰা ১৪ আগষ্টলৈ কেইবাখনো জিলাত ৰঙা আৰু কমলা সতৰ্কবাণী জাৰি কৰা হৈছে। এনে পৰিস্থিতিত, তীৰ্থযাত্ৰীসকলে আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকক বাৰে বাৰে বিভিন্ন পথত আবদ্ধ হৈ পৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস