--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনৰ পত্নী দুৰ্গা ষ্টালিনে কেৰালাৰ গুৰুভায়ুৰৰ ভগৱান কৃষ্ণ মন্দিৰলৈ সোণৰ মুকুট দান কৰিছে।মুকুটটোৰ মূল্য ১৪ লাখ টকা। মুকুটটোত ৩২ টা সোণৰ মুদ্ৰা খচিত কৰা আছে। জানিব পৰা মতে মুকুটটো তেওঁক কইম্বাটুৰৰ এজন ব্যৱসায়ীয়ে দিছিল। ষ্টালিনৰ পত্নী দুৰ্গা ষ্টালিনে চন্দন কাঠ ঘঁহিবলৈ মন্দিৰলৈ ২ লাখ টকাৰ এটা যন্ত্ৰও দান কৰিছে। 

দুৰ্গা ষ্টালিনে  ভগ্নী আৰু আন আত্মীয়সকলৰ সৈতে মন্দিৰত উপস্থিত হৈ মুকুটটো দান কৰে। দুৰ্গা ষ্টালিনে মুকুট দান  কৰা মন্দিৰটো কেৰালাৰ ত্ৰিচুৰ জিলাত আছে।মন্দিৰটোত  ভগৱান কৃষ্ণক গুৰুভায়ুৰাপ্পন ৰূপত উপাসনা কৰা হয়। এই বিখ্যাত মন্দিৰটোক দক্ষিণৰ দ্বাৰকা বুলিও জনা যায়।

 এই মন্দিৰটো ৫০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। লোককথা অনুসৰি ইয়াক দেৱশিলপী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। মন্দিৰটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যাতে সূৰ্যৰ প্ৰথম ৰশ্মি পোনপটীয়াকৈ ভগৱান গুৰুভায়ুৰৰ ভৰিত পৰে। উল্লেখ্য তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত  জে জয়ললিতাই ২০০১ চনত কেৰালাৰ এই মন্দিৰলৈ এটা হাতী দান কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন