--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনৰ পত্নী দুৰ্গা ষ্টালিনে কেৰালাৰ গুৰুভায়ুৰৰ ভগৱান কৃষ্ণ মন্দিৰলৈ সোণৰ মুকুট দান কৰিছে।মুকুটটোৰ মূল্য ১৪ লাখ টকা। মুকুটটোত ৩২ টা সোণৰ মুদ্ৰা খচিত কৰা আছে। জানিব পৰা মতে মুকুটটো তেওঁক কইম্বাটুৰৰ এজন ব্যৱসায়ীয়ে দিছিল। ষ্টালিনৰ পত্নী দুৰ্গা ষ্টালিনে চন্দন কাঠ ঘঁহিবলৈ মন্দিৰলৈ ২ লাখ টকাৰ এটা যন্ত্ৰও দান কৰিছে। 

দুৰ্গা ষ্টালিনে  ভগ্নী আৰু আন আত্মীয়সকলৰ সৈতে মন্দিৰত উপস্থিত হৈ মুকুটটো দান কৰে। দুৰ্গা ষ্টালিনে মুকুট দান  কৰা মন্দিৰটো কেৰালাৰ ত্ৰিচুৰ জিলাত আছে।মন্দিৰটোত  ভগৱান কৃষ্ণক গুৰুভায়ুৰাপ্পন ৰূপত উপাসনা কৰা হয়। এই বিখ্যাত মন্দিৰটোক দক্ষিণৰ দ্বাৰকা বুলিও জনা যায়।

 এই মন্দিৰটো ৫০০০ বছৰ পুৰণি বুলি অনুমান কৰা হৈছে। লোককথা অনুসৰি ইয়াক দেৱশিলপী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। মন্দিৰটো এনেদৰে নিৰ্মাণ কৰা হৈছিল যাতে সূৰ্যৰ প্ৰথম ৰশ্মি পোনপটীয়াকৈ ভগৱান গুৰুভায়ুৰৰ ভৰিত পৰে। উল্লেখ্য তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত  জে জয়ললিতাই ২০০১ চনত কেৰালাৰ এই মন্দিৰলৈ এটা হাতী দান কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস