--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত কিবা সমস্যাই দেখা দিছে! খবৰ পোৱাৰ পিছতে আৰু ৰ’ব নোৱাৰিলে বিৰাট কোহলীয়ে। সকলো কাম পেলাই  দক্ষিণ আফ্ৰিকাৰ পৰা ততাতৈয়াকৈ ঘৰলৈ উভতি আহিল কোহলী। তেওঁ পাৰিবাৰিক কাৰণত পৰিষদৰ অনুমতি লৈ দেশলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে।  ফলত কোহলীয়ে দক্ষিণ আফ্ৰিকাত  প্ৰথম টেষ্টত খেলিব পাৰিব নে নাই সেয়া অনিশ্চিত হৈ পৰিছে। 

জানিব পৰা মতে  বিৰাট কোহলীয়ে  বোৰ্ডৰ অনুমতিলৈ  তিনিদিনীয়া অনুশীলন মেচো খেলা নাছিল। বিৰাটে  জৰুৰী ভিত্তিত দেশলৈ উভতি আহিছে বুলি জনা গৈছে যদিও তেওঁ প্ৰকৃততে কি কাৰণত এনেদৰে খৰখেদাকৈ দেশলৈ উভতি আহিছে সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। ব'ৰ্ডৰ মতে, প্ৰথম টেষ্টৰ পূৰ্বে বিৰাটে দক্ষিণ আফ্ৰিকালৈ যাব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ২৬ ডিচেম্বৰত আৰম্ভ হ'ব। 

উল্লেখ্য বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে মাক হ’বলৈ ওলাইছে বুলি খবৰ ওলাই আছে। পত্নীৰ কিবা অসুবিধা হোৱাৰ বাবেই বিৰাটে হঠাতে দেশলৈ উভতি আহিছে বুলি বহুতে ধাৰণা কৰিছে। ১৯ ডিচেম্বৰত অনুষ্কাই তেওঁৰ ছ'চিয়েল মিডিয়া পৃষ্ঠাত এটা ভিডিঅ' পোষ্ট কৰিছিল। ভিডিঅ'টো চাই অনুৰাগীসকলে  ধাৰণা কৰিছে যে  নায়িকাগৰাকীয়ে হয়তো  দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। অৱশ্যে সেই কাৰণতে বিৰাট দেশলৈ উভতি আহিছিল নে নাই জনা নাযায়।

এই বছৰৰ বিশ্বকাপত বিৰাট মহান ফৰ্মত আছিল। তেওঁ এদিনীয়া বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হৈছিল। যদিও ভাৰতে বিশ্বকাপ জিকিব নোৱাৰিলে তথাপি বিৰাটে দলৰ প্ৰতি যোগোৱা অৱদানক সকলোৱে স্বীকাৰ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক