--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত কিবা সমস্যাই দেখা দিছে! খবৰ পোৱাৰ পিছতে আৰু ৰ’ব নোৱাৰিলে বিৰাট কোহলীয়ে। সকলো কাম পেলাই  দক্ষিণ আফ্ৰিকাৰ পৰা ততাতৈয়াকৈ ঘৰলৈ উভতি আহিল কোহলী। তেওঁ পাৰিবাৰিক কাৰণত পৰিষদৰ অনুমতি লৈ দেশলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে।  ফলত কোহলীয়ে দক্ষিণ আফ্ৰিকাত  প্ৰথম টেষ্টত খেলিব পাৰিব নে নাই সেয়া অনিশ্চিত হৈ পৰিছে। 

জানিব পৰা মতে  বিৰাট কোহলীয়ে  বোৰ্ডৰ অনুমতিলৈ  তিনিদিনীয়া অনুশীলন মেচো খেলা নাছিল। বিৰাটে  জৰুৰী ভিত্তিত দেশলৈ উভতি আহিছে বুলি জনা গৈছে যদিও তেওঁ প্ৰকৃততে কি কাৰণত এনেদৰে খৰখেদাকৈ দেশলৈ উভতি আহিছে সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। ব'ৰ্ডৰ মতে, প্ৰথম টেষ্টৰ পূৰ্বে বিৰাটে দক্ষিণ আফ্ৰিকালৈ যাব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ২৬ ডিচেম্বৰত আৰম্ভ হ'ব। 

উল্লেখ্য বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে মাক হ’বলৈ ওলাইছে বুলি খবৰ ওলাই আছে। পত্নীৰ কিবা অসুবিধা হোৱাৰ বাবেই বিৰাটে হঠাতে দেশলৈ উভতি আহিছে বুলি বহুতে ধাৰণা কৰিছে। ১৯ ডিচেম্বৰত অনুষ্কাই তেওঁৰ ছ'চিয়েল মিডিয়া পৃষ্ঠাত এটা ভিডিঅ' পোষ্ট কৰিছিল। ভিডিঅ'টো চাই অনুৰাগীসকলে  ধাৰণা কৰিছে যে  নায়িকাগৰাকীয়ে হয়তো  দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। অৱশ্যে সেই কাৰণতে বিৰাট দেশলৈ উভতি আহিছিল নে নাই জনা নাযায়।

এই বছৰৰ বিশ্বকাপত বিৰাট মহান ফৰ্মত আছিল। তেওঁ এদিনীয়া বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হৈছিল। যদিও ভাৰতে বিশ্বকাপ জিকিব নোৱাৰিলে তথাপি বিৰাটে দলৰ প্ৰতি যোগোৱা অৱদানক সকলোৱে স্বীকাৰ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু