--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগীৰ প্ৰিয় ক্ৰিকেটাৰ হ’ব পাৰে বিৰাট কোহলী। কিন্তু তেওঁৰ প্ৰিয় ক্ৰিকেটাৰ কোন? এটা এজেন্সীক দিয়া এক সাক্ষাৎকাৰত বিৰাটে নিজেই প্ৰিয় খেলুৱৈৰ নাম প্ৰকাশ কৰে। অৱশ্যে তেওঁ মহেন্দ্ৰ সিং ধোনিৰ নাম লোৱা নাছিল। বিৰাটে আন এজন প্ৰাক্তন ক্ৰিকেটাৰৰ নাম লৈছিল। 

বিশ্বকাপৰ ফাইনেলৰ পিছত বিৰাটে খেলা নাই। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁক পুনৰ খেলা দেখা যাব। সেই মেচত খেলাৰ আগতে বিৰাটে এটা সাক্ষাৎকাৰ দিছিল। সেই সাক্ষাৎকাৰত বিৰাটে কৈছিল- বিশ্ব ক্ৰিকেটত মোৰ প্ৰিয় ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ। মোৰ প্ৰিয় ক্ৰিকেটাৰৰ তালিকাত তেওঁৰ নাম সদায় শীৰ্ষত থাকিব।"

শচীনে ২৪ বছৰ ভাৰতৰ হৈ ক্ৰিকেট খেলিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১০০ শতক অৰ্জন কৰিছিল। এতিয়াও টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰানৰ অভিলেখ শচীন টেণ্ডুলকাৰৰ হাতত আছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ তালিকাত তিনি নম্বৰ স্থানত আছে বিৰাট। শচীনে ১৮,৪২৬ ৰান সংগ্ৰহ কৰে। 

বিৰাটে এই পৰ্যন্ত ১৩,৮৪৮ ৰান সংগ্ৰহ কৰিছে। শচীনৰ পৰা এতিয়াও ৪৫৭৮ ৰান পিছ পৰি আছে বিৰাট। কিন্তু বিৰাট এতিয়া এদিনীয়া ক্ৰিকেটত অধিকাংশ শতকৰ মালিক। শচীনৰ ৪৯ শতকৰ অভিলেখ ভংগ কৰি বিৰাটে এদিনীয়া ক্ৰিকেটত ৫০টা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক