--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ
“This is the day you will  always remember as the day you almost caught captain Jack Sparrow.”

কেপ্তেইন জেক স্পেৰউ - হলিউডৰ সৰ্বকালৰ এক অদ্ভুত জনপ্ৰিয় চৰিত্ৰ । কেৱল কিশোৰ-কিশোৰীৰ মাজতেই নহয়, সকলো বয়সৰ দৰ্শকৰ মাজতেই বিচিত্ৰ ভেশ-ভূষা, স্বকীয় অভিনয়শৈলীৰে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা এই চৰিত্ৰটো সুদীৰ্ঘকাল ৰূপায়ণ কৰি আহিছিল জন ডেপে৷

কিন্তু বিগত কিছু দিন ধৰি নিজৰ বদমেজাজী আচৰণৰ বাবে প্ৰযোজকৰ সৈতে হোৱা ভুল বুজাবুজি আৰু সহ-অভিনেত্ৰী অম্বেৰ হাৰ্ডৰ সৈতে হোৱা সংঘাতৰ বাবে সঘনাই সংবাদ শিৰোনামা অধিকাৰ কৰি আহিছিল ৷অভাৱনীয়ভাৱে খহিছিল তেওঁৰ আৰ্জিত স্বপ্নৰ সৌধ ।আনকি তেওঁক ফেন্টাষ্টিক বিষ্ট ৩, পাইৰেটচ অৱ দ্য কেৰিবিয়ান আদিৰ দৰে বৃহৎ প্ৰ’জেক্টৰ পৰা আতৰোৱা হৈছিল ।কিছুদিন পূৰ্বে অৱশ্যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰত জয়লাভ কৰে ৷ অৱশ্যে কেছত জিকি তেওঁ লাভ কৰিবলগীয়া ক্ষতিপূৰণ গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

তেতিয়াৰে পৰা অভিনেতাজনে নিজৰ হৃত জনপ্ৰিয়তা উদ্ধাৰৰ বাবে যত্ন কৰি আহিছে ৷ শেহতীয়াকৈ জানিব পৰা মতে অভিনেতা জন ডেপলৈ ডিজনীয়ে ক্ষমা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে ।লগতে আগবঢ়াইছে ২৩৫৫ কোটি টকাৰ লোভনীয় প্ৰস্তাৱ । কিয়নো অতুলনীয় প্ৰতিভাৰ অধিকাৰী কেপ্তেইন জেক স্পেৰউৰ চৰিত্ৰত প্ৰকৃততে স্মৰণীয় অভিনয় কৰি অহা  জন ডেপৰ স্থানত আন কোনো অভিনেতাক স্বীকাৰ কৰি লোৱাটো পাইৰেটচ অৱ দ্য কেৰিবিয়ানৰ অনুৰাগীসকলৰ বাবে অসম্ভৱ ৷

সমগ্ৰ বিশ্বৰ দৰ্শকৰ মন জয় কৰা অভিনেতাজনে ডিজনীৰ এই প্ৰস্তাৱ গ্ৰহণ কৰেনে নকৰে সেয়া সময়েহে ক’ব ।এই পৰ্যন্ত তেখেতে এই বিষয়ে কোনো কথা সদৰি কৰা নাই ৷ আমি মাথোন অনুৰাগী হিচাপে আশাহে কৰিব পাৰো আকৌ স্ক্ৰীণ কঁপাবলৈ জন ডেপ আহিব কেপ্তেইন জেক স্পেৰউৰ ৰূপত আৰু আওৰাব তেওঁৰ সেই বিখ্যাত সংলাপ-

“আই এম কেপ্তেইন জন স্পেৰউ,চেভী

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?