--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ
“This is the day you will  always remember as the day you almost caught captain Jack Sparrow.”

কেপ্তেইন জেক স্পেৰউ - হলিউডৰ সৰ্বকালৰ এক অদ্ভুত জনপ্ৰিয় চৰিত্ৰ । কেৱল কিশোৰ-কিশোৰীৰ মাজতেই নহয়, সকলো বয়সৰ দৰ্শকৰ মাজতেই বিচিত্ৰ ভেশ-ভূষা, স্বকীয় অভিনয়শৈলীৰে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰা এই চৰিত্ৰটো সুদীৰ্ঘকাল ৰূপায়ণ কৰি আহিছিল জন ডেপে৷

কিন্তু বিগত কিছু দিন ধৰি নিজৰ বদমেজাজী আচৰণৰ বাবে প্ৰযোজকৰ সৈতে হোৱা ভুল বুজাবুজি আৰু সহ-অভিনেত্ৰী অম্বেৰ হাৰ্ডৰ সৈতে হোৱা সংঘাতৰ বাবে সঘনাই সংবাদ শিৰোনামা অধিকাৰ কৰি আহিছিল ৷অভাৱনীয়ভাৱে খহিছিল তেওঁৰ আৰ্জিত স্বপ্নৰ সৌধ ।আনকি তেওঁক ফেন্টাষ্টিক বিষ্ট ৩, পাইৰেটচ অৱ দ্য কেৰিবিয়ান আদিৰ দৰে বৃহৎ প্ৰ’জেক্টৰ পৰা আতৰোৱা হৈছিল ।কিছুদিন পূৰ্বে অৱশ্যে তেওঁ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰত জয়লাভ কৰে ৷ অৱশ্যে কেছত জিকি তেওঁ লাভ কৰিবলগীয়া ক্ষতিপূৰণ গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷

তেতিয়াৰে পৰা অভিনেতাজনে নিজৰ হৃত জনপ্ৰিয়তা উদ্ধাৰৰ বাবে যত্ন কৰি আহিছে ৷ শেহতীয়াকৈ জানিব পৰা মতে অভিনেতা জন ডেপলৈ ডিজনীয়ে ক্ষমা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে ।লগতে আগবঢ়াইছে ২৩৫৫ কোটি টকাৰ লোভনীয় প্ৰস্তাৱ । কিয়নো অতুলনীয় প্ৰতিভাৰ অধিকাৰী কেপ্তেইন জেক স্পেৰউৰ চৰিত্ৰত প্ৰকৃততে স্মৰণীয় অভিনয় কৰি অহা  জন ডেপৰ স্থানত আন কোনো অভিনেতাক স্বীকাৰ কৰি লোৱাটো পাইৰেটচ অৱ দ্য কেৰিবিয়ানৰ অনুৰাগীসকলৰ বাবে অসম্ভৱ ৷

সমগ্ৰ বিশ্বৰ দৰ্শকৰ মন জয় কৰা অভিনেতাজনে ডিজনীৰ এই প্ৰস্তাৱ গ্ৰহণ কৰেনে নকৰে সেয়া সময়েহে ক’ব ।এই পৰ্যন্ত তেখেতে এই বিষয়ে কোনো কথা সদৰি কৰা নাই ৷ আমি মাথোন অনুৰাগী হিচাপে আশাহে কৰিব পাৰো আকৌ স্ক্ৰীণ কঁপাবলৈ জন ডেপ আহিব কেপ্তেইন জেক স্পেৰউৰ ৰূপত আৰু আওৰাব তেওঁৰ সেই বিখ্যাত সংলাপ-

“আই এম কেপ্তেইন জন স্পেৰউ,চেভী

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি