--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী নাৰীয়ে মাতৃ হ’ব বিচাৰে। মাতৃত্বক নাৰী জীৱনৰ প্ৰধান অলংকাৰ বুলি কোৱা হয়। মাতৃ হ'ব নোৱাৰাৰ বাবে কিছুমান নাৰী আজীৱন অসুখী হৈ থাকে। আজি আমি আপোনালোকক এনে এগৰাকী মহিলাৰ বিষয়ে ক'ম যিয়ে ৪০ বছৰ বয়সলৈকে ৪৪ টা সন্তান জন্ম দিছে। যেতিয়া এই মহিলাগৰাকীয়ে জন্ম নিয়ন্ত্ৰণৰ কথা ভাবিছিল, তেতিয়া চিকিৎসকে কৈছিল যে তেওঁৰ ওপৰত কোনো পৰিয়াল পৰিকল্পনা পদ্ধতিয়ে কাম নকৰে। একে সময়তে মহিলাগৰাকীক চিকিৎসকে সতৰ্ক কৰি দিছিল যে যদি তেওঁ সন্তান জন্ম দিয়া বন্ধ কৰি দিয়ে তেন্তে তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে বা আনকি মৃত্যুও হ’ব পাৰে। ৪৪টা সন্তান জন্ম দিয়া মাতৃগৰাকীৰ নাম মৰিয়াম নাবাটানজি। তেওঁ পূব আফ্ৰিকাৰ উগাণ্ডাৰ বাসিন্দা। বৰ্তমান মৰিয়ামৰ বয়স ৪৩ বছৰ আৰু ৪০ বছৰ বয়সলৈকে মৰিয়মে ৪৪টা সন্তান জন্ম দিয়ে।

মৰিয়মে মাত্ৰ এবাৰহে অকল এটা সন্তান জন্ম দিছিল। ইয়াৰ পাছত তেওঁ চাৰিবাৰ দুটা সন্তান, পাঁচবাৰ তিনি আৰু চাৰিবাৰ পাঁচ সন্তান জন্ম দিয়ে। তেওঁৰ ৬টা সন্তানৰ মৃত্যু হৈছে। বৰ্তমান জীয়াই থকা ৩৮টা সন্তানৰ ভিতৰত ২০টা ল’ৰা আৰু ১৮জনী ছোৱালী। মৰিয়মৰ বয়স যেতিয়া ১২ বছৰ আছিল তেতিয়া মাক-দেউতাকে বিয়াৰ অজুহাতত মৰিয়মক বিক্ৰী কৰিছিল। ১৩ বছৰ বয়সতে প্ৰথম সন্তান জন্ম দিয়ে মৰিয়মে। প্ৰথম সন্তানৰ জন্মৰ পিছত মৰিয়মে উপলব্ধি কৰিলে যে তেওঁৰ প্ৰজনন ক্ষমতা আন মহিলাতকৈ বেছি। যেতিয়া তেওঁৰ অবিৰতভাৱে ইমানবোৰ সন্তান জন্ম হৈছিল, তেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু তাৰ পিছত ডাক্তৰে তেওঁক এটা চিকিৎসাজনিত অৱস্থাৰ কথা কৈছিল।
 চিকিৎসকে মৰিয়মক জনোৱা মতে, তেওঁৰ ডিম্বাশয় অস্বাভাৱিকভাৱে ডাঙৰ, যাৰ ফলত তেওঁৰ শৰীৰত হাইপাৰঅ’ভুলেচন নামৰ এটা অৱস্থাৰ সৃষ্টি হৈছে। হাইপাৰ-অভুলেট এক জিনীয় অৱস্থা। এই পৰিস্থিতিত অধিক সন্তান জন্ম দিয়াৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চাৰ্লছ কিগুণ্ডুৰ মতে মৰিয়ামৰ ডিম্বাশয়ৰ উৰ্বৰতা অতি বেছি যাৰ বাবে তেওঁ ইমানবোৰ সন্তান জন্ম দিবলৈ সক্ষম। মৰিয়মৰ ক্ষেত্ৰত কোনো জন্ম নিয়ন্ত্ৰণ কৌশলে কাম নকৰে আৰু কৰা হ’লেও তেওঁ গুৰুতৰ ৰোগৰ আশংকাত ভুগিব পাৰে। উল্লেখ্য যে ইমানবোৰ সন্তান চম্ভালিব নোৱাৰি ২০১৬ চনত মৰিয়মৰ স্বামী ঘৰৰ পৰা সকলো টকা লৈ পলাই গৈছিল। সেই বছৰতে তেওঁৰ আকৌ সন্তান জন্ম হয়। বহু কষ্টৰে অৰ্থ উপাৰ্জন কৰি মৰিয়মে নিজৰ লগতে ৩৮টা সন্তানক পোহপাল দি আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু