--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিগৰাকী নাৰীয়ে মাতৃ হ’ব বিচাৰে। মাতৃত্বক নাৰী জীৱনৰ প্ৰধান অলংকাৰ বুলি কোৱা হয়। মাতৃ হ'ব নোৱাৰাৰ বাবে কিছুমান নাৰী আজীৱন অসুখী হৈ থাকে। আজি আমি আপোনালোকক এনে এগৰাকী মহিলাৰ বিষয়ে ক'ম যিয়ে ৪০ বছৰ বয়সলৈকে ৪৪ টা সন্তান জন্ম দিছে। যেতিয়া এই মহিলাগৰাকীয়ে জন্ম নিয়ন্ত্ৰণৰ কথা ভাবিছিল, তেতিয়া চিকিৎসকে কৈছিল যে তেওঁৰ ওপৰত কোনো পৰিয়াল পৰিকল্পনা পদ্ধতিয়ে কাম নকৰে। একে সময়তে মহিলাগৰাকীক চিকিৎসকে সতৰ্ক কৰি দিছিল যে যদি তেওঁ সন্তান জন্ম দিয়া বন্ধ কৰি দিয়ে তেন্তে তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে বা আনকি মৃত্যুও হ’ব পাৰে। ৪৪টা সন্তান জন্ম দিয়া মাতৃগৰাকীৰ নাম মৰিয়াম নাবাটানজি। তেওঁ পূব আফ্ৰিকাৰ উগাণ্ডাৰ বাসিন্দা। বৰ্তমান মৰিয়ামৰ বয়স ৪৩ বছৰ আৰু ৪০ বছৰ বয়সলৈকে মৰিয়মে ৪৪টা সন্তান জন্ম দিয়ে।

মৰিয়মে মাত্ৰ এবাৰহে অকল এটা সন্তান জন্ম দিছিল। ইয়াৰ পাছত তেওঁ চাৰিবাৰ দুটা সন্তান, পাঁচবাৰ তিনি আৰু চাৰিবাৰ পাঁচ সন্তান জন্ম দিয়ে। তেওঁৰ ৬টা সন্তানৰ মৃত্যু হৈছে। বৰ্তমান জীয়াই থকা ৩৮টা সন্তানৰ ভিতৰত ২০টা ল’ৰা আৰু ১৮জনী ছোৱালী। মৰিয়মৰ বয়স যেতিয়া ১২ বছৰ আছিল তেতিয়া মাক-দেউতাকে বিয়াৰ অজুহাতত মৰিয়মক বিক্ৰী কৰিছিল। ১৩ বছৰ বয়সতে প্ৰথম সন্তান জন্ম দিয়ে মৰিয়মে। প্ৰথম সন্তানৰ জন্মৰ পিছত মৰিয়মে উপলব্ধি কৰিলে যে তেওঁৰ প্ৰজনন ক্ষমতা আন মহিলাতকৈ বেছি। যেতিয়া তেওঁৰ অবিৰতভাৱে ইমানবোৰ সন্তান জন্ম হৈছিল, তেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছিল আৰু তাৰ পিছত ডাক্তৰে তেওঁক এটা চিকিৎসাজনিত অৱস্থাৰ কথা কৈছিল।
 চিকিৎসকে মৰিয়মক জনোৱা মতে, তেওঁৰ ডিম্বাশয় অস্বাভাৱিকভাৱে ডাঙৰ, যাৰ ফলত তেওঁৰ শৰীৰত হাইপাৰঅ’ভুলেচন নামৰ এটা অৱস্থাৰ সৃষ্টি হৈছে। হাইপাৰ-অভুলেট এক জিনীয় অৱস্থা। এই পৰিস্থিতিত অধিক সন্তান জন্ম দিয়াৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ চাৰ্লছ কিগুণ্ডুৰ মতে মৰিয়ামৰ ডিম্বাশয়ৰ উৰ্বৰতা অতি বেছি যাৰ বাবে তেওঁ ইমানবোৰ সন্তান জন্ম দিবলৈ সক্ষম। মৰিয়মৰ ক্ষেত্ৰত কোনো জন্ম নিয়ন্ত্ৰণ কৌশলে কাম নকৰে আৰু কৰা হ’লেও তেওঁ গুৰুতৰ ৰোগৰ আশংকাত ভুগিব পাৰে। উল্লেখ্য যে ইমানবোৰ সন্তান চম্ভালিব নোৱাৰি ২০১৬ চনত মৰিয়মৰ স্বামী ঘৰৰ পৰা সকলো টকা লৈ পলাই গৈছিল। সেই বছৰতে তেওঁৰ আকৌ সন্তান জন্ম হয়। বহু কষ্টৰে অৰ্থ উপাৰ্জন কৰি মৰিয়মে নিজৰ লগতে ৩৮টা সন্তানক পোহপাল দি আছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?