--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন পাইলটে চিগাৰেট খোৱাৰ ফলত বিমানখনত থকা ৬৬ জন যাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। অনুসন্ধানত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২০১৬ চনতে সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য শেহতীয়াকৈ পোহৰলৈ আহিছে। দৰাচলতে বিমানখনৰ ইমাৰ্জেন্সি মাস্কৰ পৰা অক্সিজেন লিক হৈ আছিল। পাইলটজনে চিগাৰেট জ্বলাই দিয়াৰ লগে লগে উৰন্ত বিমানখনৰ ককপিটত জুই লাগিছিল। ফ্ৰান্সৰ পেৰিছ চাৰ্লছ ডি গল বিমানবন্দৰৰ পৰা কায়ৰোলৈ গৈ থকা এয়াৰবাছ A320খন ২০১৬চনৰ মেত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 

বিমানখন ৰহস্যজনক পৰিস্থিতিত ভূমধ্য সাগৰত পৰিছিল। মৃতকসকলৰ ভিতৰত এজন ব্ৰিটিছ, ১২ জন ফৰাচী পৰ্যটক, ৩০ জন ইজিপ্তীয়, দুজন ইৰাকী আৰু ২১ জন কানাডিয়ান নাগৰিক আছিল। দুৰ্ঘটনাটোৰ পিছত বিমানখনৰ ব্লেক বক্সৰ বাবে এক বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল,যাতে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা যায়। অৱশেষত, বিমানখনৰ ব্লেক বক্সটো আমেৰিকান নৌসেনাই উদ্ধাৰ কৰিছিল। 

গ্ৰীচৰ ওচৰত সাগৰৰ গভীৰ পানীত পৰি আছিল ব্লেক বক্সটো। সেই সময়ত ইজিপ্তৰ বিষয়াসকলে কৈছিল যে বিমান দুৰ্ঘটনাৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত আছিল। অৱশ্যে এতিয়া চৰকাৰী অনুসন্ধানে নিশ্চিত কৰিছে যে পাইলট মহম্মদ ছাইদ আলী শৌকাইৰে কৰা ধূমপানৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বিমান বিশেষজ্ঞসকলে ১৩৪ পৃষ্ঠাৰ এক প্ৰতিবেদনত কৈছে যে পাইলটজনে ককপিটত চিগাৰেট খাই আছিল। বিশেষ কথাটো হ'ল যে ২০১৬ চনৰ দুৰ্ঘটনাৰ সময়ত বিমানখনত ধূমপান নিষিদ্ধ কৰা হোৱা নাছিল।

বিমান বিশেষজ্ঞসকলে কয় যে মেইনটেনেন্স ইঞ্জিনীয়াৰে অক্সিজেন মাস্কটো স্বাভাৱিক স্থানৰ পৰা জৰুৰীকালীন অৱস্থালৈ স্থানান্তৰিত কৰে। যাৰ ফলত অক্সিজেন লিক হ'বলৈ ধৰে। প্ৰতিবেদন অনুসৰি ২০১৬ চনৰ ১৯ মে তাৰিখে পুৱতি নিশা ২.২৫ বজাত অক্সিজেন লিকেজৰ শব্দ বাহিৰ হ'বলৈ আৰম্ভ কৰিছিল। ইয়াৰ কেইমিনিটমানৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?