--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন পাইলটে চিগাৰেট খোৱাৰ ফলত বিমানখনত থকা ৬৬ জন যাত্ৰীৰ কৰুণ মৃত্যু হৈছিল। অনুসন্ধানত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২০১৬ চনতে সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত ৰহস্য শেহতীয়াকৈ পোহৰলৈ আহিছে। দৰাচলতে বিমানখনৰ ইমাৰ্জেন্সি মাস্কৰ পৰা অক্সিজেন লিক হৈ আছিল। পাইলটজনে চিগাৰেট জ্বলাই দিয়াৰ লগে লগে উৰন্ত বিমানখনৰ ককপিটত জুই লাগিছিল। ফ্ৰান্সৰ পেৰিছ চাৰ্লছ ডি গল বিমানবন্দৰৰ পৰা কায়ৰোলৈ গৈ থকা এয়াৰবাছ A320খন ২০১৬চনৰ মেত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 

বিমানখন ৰহস্যজনক পৰিস্থিতিত ভূমধ্য সাগৰত পৰিছিল। মৃতকসকলৰ ভিতৰত এজন ব্ৰিটিছ, ১২ জন ফৰাচী পৰ্যটক, ৩০ জন ইজিপ্তীয়, দুজন ইৰাকী আৰু ২১ জন কানাডিয়ান নাগৰিক আছিল। দুৰ্ঘটনাটোৰ পিছত বিমানখনৰ ব্লেক বক্সৰ বাবে এক বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল,যাতে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা যায়। অৱশেষত, বিমানখনৰ ব্লেক বক্সটো আমেৰিকান নৌসেনাই উদ্ধাৰ কৰিছিল। 

গ্ৰীচৰ ওচৰত সাগৰৰ গভীৰ পানীত পৰি আছিল ব্লেক বক্সটো। সেই সময়ত ইজিপ্তৰ বিষয়াসকলে কৈছিল যে বিমান দুৰ্ঘটনাৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত আছিল। অৱশ্যে এতিয়া চৰকাৰী অনুসন্ধানে নিশ্চিত কৰিছে যে পাইলট মহম্মদ ছাইদ আলী শৌকাইৰে কৰা ধূমপানৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বিমান বিশেষজ্ঞসকলে ১৩৪ পৃষ্ঠাৰ এক প্ৰতিবেদনত কৈছে যে পাইলটজনে ককপিটত চিগাৰেট খাই আছিল। বিশেষ কথাটো হ'ল যে ২০১৬ চনৰ দুৰ্ঘটনাৰ সময়ত বিমানখনত ধূমপান নিষিদ্ধ কৰা হোৱা নাছিল।

বিমান বিশেষজ্ঞসকলে কয় যে মেইনটেনেন্স ইঞ্জিনীয়াৰে অক্সিজেন মাস্কটো স্বাভাৱিক স্থানৰ পৰা জৰুৰীকালীন অৱস্থালৈ স্থানান্তৰিত কৰে। যাৰ ফলত অক্সিজেন লিক হ'বলৈ ধৰে। প্ৰতিবেদন অনুসৰি ২০১৬ চনৰ ১৯ মে তাৰিখে পুৱতি নিশা ২.২৫ বজাত অক্সিজেন লিকেজৰ শব্দ বাহিৰ হ'বলৈ আৰম্ভ কৰিছিল। ইয়াৰ কেইমিনিটমানৰ পাছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল