--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল আত্মঘাতী বোমা আক্ৰমণ। এই আক্ৰমণত তিনিগৰাকী চীনৰ নাগৰিকৰ লগতে মৃত্যু হৈছিল চাৰিজন লোকৰ। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। এই আত্মঘাতী বিস্ফোৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল নিমিষতে। য’ত দেখা গৈছিল বোৰ্খা পৰিহিতা এগৰাকী মহিলাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা। পিছে এই আত্মঘাতী বোমাৰুৰ পৰিচয় পোহৰলৈ অহাৰ পাছতে এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

সংবাদ মাধ্যমত মহিলাগৰাকীৰ পৰিচয় সদৰি হোৱাৰ পাছতে সকলো হতবাক হৈ পৰিছে। কিয়নো এইগৰাকী আত্মঘাতী বোমাৰু কোনো অপৰিচিত, অশিক্ষিত মহিলা নহয় যাক ফুচুলাই বা বিপথে পৰিচালিত কৰি এনে নাৰকীয় কাণ্ড সংঘটিত কৰিব পাৰি। তেওঁ আছিল এগৰাকী উচ্চ শিক্ষিত মহিলা আৰু দুটি সন্তানৰ মাতৃ। তেওঁক ৩০ বছৰীয়া শ্বাৰী বেলুচ বুলি চিনাক্ত কৰা হৈছে। বেলুচিস্তানৰ নিয়াজাৰ আবাদৰ এইগৰাকী মহিলাই প্ৰাণী বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ বিয়া হৈছিল এগৰাকী চিকিৎসকৰ সৈতে। 

উল্লেখ্য যে, আফগানিস্তানত থকা সন্ত্ৰাসবাদী সংগঠন বেলুচিস্তান লিবাৰেচন আর্মী (বিএলএ)য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সংগঠনটোৱে প্ৰকাশ কৰা এক বিজ্ঞপ্তিযোগে সংন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰে যে, তেওঁ এম ফিল পাঠ্যক্ৰম অধ্যয়ন কৰি থকাৰ লগতে এগৰাকী বিজ্ঞান শিক্ষক হিচাপে কাম কৰি আছিল। 
দুবছৰ আগতে বেলুচ সন্ত্ৰাসবাদী সংগঠনটোৰ আত্মঘাতী বাহিনীত যোগদান কৰে শ্বাৰী বেলুচে। তেওঁৰ দুটাকৈ সন্তান থকাৰ পৰিপ্ৰেক্ষিতত তেওঁক সংগঠনটোৰ আত্মঘাতী বাহিনী ত্যাগৰ পৰামৰ্শ দিয়া হৈছিল যদিও তেওঁ সেয়া অস্বীকাৰ কৰে।

‘বেলুচ লিবাৰেচন আৰ্মী’ৰ মাজিদ ব্ৰিগেডে এতিয়া অধিকসংখ্যক চীনা নাগৰিক তথা চীনৰ সৈতে সম্পৰ্কিত প্ৰতিষ্ঠান আদিত আক্ৰমণ কৰিব বুলি ভাবুকি দিছে। উল্লেখযোগ্য যে, স্বাধীন বেলুচিস্তানৰ দাবী তথা বেলুচিস্তানত পাকিস্তানৰ আধিপত্যৰ বিৰুদ্ধে অঞ্চলটোত সশস্ত্ৰ সংগ্ৰাম চলি আহিছে। বেলুচিস্তানত চীনৰ বিনিয়োগৰ পাছত এতিয়া চীনৰ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনবোৰে। কৰাচীৰ দৰে গুৰুত্বপূৰ্ণ মহানগৰত এনে আত্মঘাতী আক্ৰমণ সংঘটিত কৰাটো দেশখনৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?