--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল আত্মঘাতী বোমা আক্ৰমণ। এই আক্ৰমণত তিনিগৰাকী চীনৰ নাগৰিকৰ লগতে মৃত্যু হৈছিল চাৰিজন লোকৰ। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে। এই আত্মঘাতী বিস্ফোৰণৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল নিমিষতে। য’ত দেখা গৈছিল বোৰ্খা পৰিহিতা এগৰাকী মহিলাই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰা। পিছে এই আত্মঘাতী বোমাৰুৰ পৰিচয় পোহৰলৈ অহাৰ পাছতে এতিয়া ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

সংবাদ মাধ্যমত মহিলাগৰাকীৰ পৰিচয় সদৰি হোৱাৰ পাছতে সকলো হতবাক হৈ পৰিছে। কিয়নো এইগৰাকী আত্মঘাতী বোমাৰু কোনো অপৰিচিত, অশিক্ষিত মহিলা নহয় যাক ফুচুলাই বা বিপথে পৰিচালিত কৰি এনে নাৰকীয় কাণ্ড সংঘটিত কৰিব পাৰি। তেওঁ আছিল এগৰাকী উচ্চ শিক্ষিত মহিলা আৰু দুটি সন্তানৰ মাতৃ। তেওঁক ৩০ বছৰীয়া শ্বাৰী বেলুচ বুলি চিনাক্ত কৰা হৈছে। বেলুচিস্তানৰ নিয়াজাৰ আবাদৰ এইগৰাকী মহিলাই প্ৰাণী বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ বিয়া হৈছিল এগৰাকী চিকিৎসকৰ সৈতে। 

উল্লেখ্য যে, আফগানিস্তানত থকা সন্ত্ৰাসবাদী সংগঠন বেলুচিস্তান লিবাৰেচন আর্মী (বিএলএ)য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। সংগঠনটোৱে প্ৰকাশ কৰা এক বিজ্ঞপ্তিযোগে সংন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰে যে, তেওঁ এম ফিল পাঠ্যক্ৰম অধ্যয়ন কৰি থকাৰ লগতে এগৰাকী বিজ্ঞান শিক্ষক হিচাপে কাম কৰি আছিল। 
দুবছৰ আগতে বেলুচ সন্ত্ৰাসবাদী সংগঠনটোৰ আত্মঘাতী বাহিনীত যোগদান কৰে শ্বাৰী বেলুচে। তেওঁৰ দুটাকৈ সন্তান থকাৰ পৰিপ্ৰেক্ষিতত তেওঁক সংগঠনটোৰ আত্মঘাতী বাহিনী ত্যাগৰ পৰামৰ্শ দিয়া হৈছিল যদিও তেওঁ সেয়া অস্বীকাৰ কৰে।

‘বেলুচ লিবাৰেচন আৰ্মী’ৰ মাজিদ ব্ৰিগেডে এতিয়া অধিকসংখ্যক চীনা নাগৰিক তথা চীনৰ সৈতে সম্পৰ্কিত প্ৰতিষ্ঠান আদিত আক্ৰমণ কৰিব বুলি ভাবুকি দিছে। উল্লেখযোগ্য যে, স্বাধীন বেলুচিস্তানৰ দাবী তথা বেলুচিস্তানত পাকিস্তানৰ আধিপত্যৰ বিৰুদ্ধে অঞ্চলটোত সশস্ত্ৰ সংগ্ৰাম চলি আহিছে। বেলুচিস্তানত চীনৰ বিনিয়োগৰ পাছত এতিয়া চীনৰ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সন্ত্ৰাসবাদী সংগঠনবোৰে। কৰাচীৰ দৰে গুৰুত্বপূৰ্ণ মহানগৰত এনে আত্মঘাতী আক্ৰমণ সংঘটিত কৰাটো দেশখনৰ বাবে প্ৰত্যাহ্বানৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ