--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন  কৰিছে বিজেপিয়ে।অনিয়মৰ অভিযোগ তুলি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে গেৰুৱা দলটোৱে। নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত আম আদমী পাৰ্টীয়ে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি  বিজেপিৰ  সাংসদ পৰবেশ বাৰ্মা আৰু  সাংসদ মনোজ তিৱাৰীয়ে  এখন সংবাদমেলত কয় যে বিজেপিৰ কাউঞ্চিলৰৰ আপত্তি স্বত্বেও আপৰ নৱনিৰ্বাচিত মেয়ৰ শ্বেলী অবেৰয়ে সদস্যসকলক ভোট দানৰ সময়ত বুথ এলেকালৈ মোবাইল ফোন কঢ়িয়াই নিয়াৰ অনুমতি দিছিল। 

দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হৰ্ষ মালহোত্ৰাই কয়  যে আপে নিৰীক্ষণ  সমিতিৰ বাবে চাৰিজন আৰু বিজেপিয়ে তিনিজন প্ৰাৰ্থী প্ৰদান কৰিছে, য'ত ছয়জন সদস্য থাকিব পাৰে। আপে প্ৰয়োজনীয় সংখ্যক ভোটৰ অভাৱৰ বাবে দলটোৰ  প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ'ব বুলি ভয় খাইছিল । যাৰ বাবে তেওঁলোকৰ সদস্যই  ভোটকেন্দ্ৰ চৌপাশে  "হুলস্থুল" আৰম্ভ কৰিছিল। বাৰ্মাই দাবী কৰিছিল যে পৌৰ সচিবে কৰ্তৃপক্ষক দিয়া প্ৰতিবেদনত স্থায়ী সমিতিৰ সদস্য নিৰ্বাচনত বিসংগতিৰ ইংগিত দি  নতুনকৈ ভোটদানৰ পৰামৰ্শ দিছে।বাৰ্মাই দাবী কৰে যে ভোট দান কৰা আপৰ কাউঞ্চিলৰসকলে ফটো তুলি তেওঁলোকৰ দলৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙলৈ প্ৰেৰণ কৰিছিল। 

এয়া নীতি বিৰুদ্ধ বুলিও তেওঁ কয়। বাৰ্মাই লগতে দাবী কৰে যে নিৰ্বাচনৰ বাবে মুঠ ৫৫ খন  বেলট বিতৰণ কৰা হৈছিল যাৰ ভিতৰত ৪৫ খন ভোট দানৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু বাকীবোৰৰ হিচাপ পোৱা হোৱা  নাই। তেওঁ এইবুলিও  দাবী কৰিছে  যে কোনো বিজেপি কাউন্সিলাৰৰ উপস্থিতি অবিহনেই মেয়ৰৰ নিৰ্দেশনাৰ পিছত ভোট বাকচ বন্ধ কৰা হৈছিল। উল্লেখ্য শেহতীয়াকৈ অনুষ্ঠিত দিল্লীৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে। আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক পৰাস্ত কৰি দিল্লীৰ প্ৰথম মহিলা  মেয়ৰ হিচাবে  নিৰ্বাচিত হয়। 

নতুন দিল্লীৰ ডাঃ এছ পি মুখাৰ্জী চিভিক চেণ্টাৰত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে।  আপৰ প্ৰাৰ্থীয়ে শ্বেলী অ’বেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে  ১১৬ টা ভোট ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক