--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত শেহতীয়াকৈ অনুষ্ঠিত পৌৰ নিগমৰ নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন  কৰিছে বিজেপিয়ে।অনিয়মৰ অভিযোগ তুলি নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে গেৰুৱা দলটোৱে। নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত আম আদমী পাৰ্টীয়ে অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি  বিজেপিৰ  সাংসদ পৰবেশ বাৰ্মা আৰু  সাংসদ মনোজ তিৱাৰীয়ে  এখন সংবাদমেলত কয় যে বিজেপিৰ কাউঞ্চিলৰৰ আপত্তি স্বত্বেও আপৰ নৱনিৰ্বাচিত মেয়ৰ শ্বেলী অবেৰয়ে সদস্যসকলক ভোট দানৰ সময়ত বুথ এলেকালৈ মোবাইল ফোন কঢ়িয়াই নিয়াৰ অনুমতি দিছিল। 

দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক হৰ্ষ মালহোত্ৰাই কয়  যে আপে নিৰীক্ষণ  সমিতিৰ বাবে চাৰিজন আৰু বিজেপিয়ে তিনিজন প্ৰাৰ্থী প্ৰদান কৰিছে, য'ত ছয়জন সদস্য থাকিব পাৰে। আপে প্ৰয়োজনীয় সংখ্যক ভোটৰ অভাৱৰ বাবে দলটোৰ  প্ৰাৰ্থীয়ে পৰাজয়ৰ সন্মুখীন হ'ব বুলি ভয় খাইছিল । যাৰ বাবে তেওঁলোকৰ সদস্যই  ভোটকেন্দ্ৰ চৌপাশে  "হুলস্থুল" আৰম্ভ কৰিছিল। বাৰ্মাই দাবী কৰিছিল যে পৌৰ সচিবে কৰ্তৃপক্ষক দিয়া প্ৰতিবেদনত স্থায়ী সমিতিৰ সদস্য নিৰ্বাচনত বিসংগতিৰ ইংগিত দি  নতুনকৈ ভোটদানৰ পৰামৰ্শ দিছে।বাৰ্মাই দাবী কৰে যে ভোট দান কৰা আপৰ কাউঞ্চিলৰসকলে ফটো তুলি তেওঁলোকৰ দলৰ নেতা অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া আৰু সঞ্জয় সিঙলৈ প্ৰেৰণ কৰিছিল। 

এয়া নীতি বিৰুদ্ধ বুলিও তেওঁ কয়। বাৰ্মাই লগতে দাবী কৰে যে নিৰ্বাচনৰ বাবে মুঠ ৫৫ খন  বেলট বিতৰণ কৰা হৈছিল যাৰ ভিতৰত ৪৫ খন ভোট দানৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু বাকীবোৰৰ হিচাপ পোৱা হোৱা  নাই। তেওঁ এইবুলিও  দাবী কৰিছে  যে কোনো বিজেপি কাউন্সিলাৰৰ উপস্থিতি অবিহনেই মেয়ৰৰ নিৰ্দেশনাৰ পিছত ভোট বাকচ বন্ধ কৰা হৈছিল। উল্লেখ্য শেহতীয়াকৈ অনুষ্ঠিত দিল্লীৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে বিজয় সাৱস্ত্য কৰিবলৈ সক্ষম হৈছে। আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক পৰাস্ত কৰি দিল্লীৰ প্ৰথম মহিলা  মেয়ৰ হিচাবে  নিৰ্বাচিত হয়। 

নতুন দিল্লীৰ ডাঃ এছ পি মুখাৰ্জী চিভিক চেণ্টাৰত অনুষ্ঠিত হোৱা মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থী শ্বেলী অ’বেৰয়ে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাক ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ হাঁহি মাৰে।  আপৰ প্ৰাৰ্থীয়ে শ্বেলী অ’বেৰয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে  ১১৬ টা ভোট ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু