--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত আৰু আদিল দুৰানীৰ বৈবাহিক জীৱনকলৈ বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই৷ আদিলক পাবলৈ ইছলামধৰ্ম গ্ৰহণ কৰা ৰাখীয়ে আদিলৰ বাবে বহু ত্যাগ কৰিও যেন বিফল হৈছে৷  ৰাখীৰ স্বামী আদিল  বৰ্তমান কাৰাগাৰত আছে। অলপতে ৰাখীয়ে  মাইছুৰত থকা তেওঁৰ স্বামী আদিলৰ  ঘৰত উপস্থিত হৈছিল।

 তেওঁৰ লগত আছিল শ্বেৰলিন চোপ্ৰা। তেওঁলোক আদিলৰ ঘৰত  উপস্থিত হৈ আচৰিত হৈ পৰিল৷ আদিল দৰাচলতে কোনো ধনী ব্যৱসায়ী নহয়, তেওঁ এজন সাধাৰণ বাছ চালকহে৷ এই কথা জানিব পাৰি ৰাখী  কান্দোনত ভাগি পৰিল। হিন্দু হোৱা স্বত্বেও আদিলৰ পৰিয়ালে তেওঁক ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিছে, কিন্তু আদিলে যেন ৰাখীক পত্নী হিচাবে মানি ল’বলৈ টান পাইছে৷ অভিনেত্ৰীগৰাকীয়ে মাইছুৰলৈ গৈ এখন বেলেগ পৃথিৱী দেখা পালে । 

আদিলৰ ঘৰলৈ গৈ ৰাখীয়ে  গম পালে  যে আদিল পেছাত এজন বাছ চালকহে ।  আদিলে ইমান দিনে ৰাখীক তেওঁৰ কামৰ বিষয়েযিবোৰ কথা কৈ আছিল সকলোবোৰ মিছা। আদিলে কেৱল তেওঁৰ বৃত্তিৰ বিষয়েই নহয়, তেওঁৰ যৌন জীৱনৰ বিষয়েও মিছা কৈছিল বুলি ৰাখীয়ে অভিযোগ কৰিছে। মাইছুৰলৈ গৈ ৰাখীয়ে গম পালে  যে আদিল এজন  উভকামী লোকো । কেৱল সেয়াই নহয়, আদিলৰ কোনো অট্টালিকাও নাই, তেওঁৰ ঘৰৰ লোকসকলে  বস্তিত এলেকাতহে বাস কৰে৷  স্বামীৰ জীৱনৰ সত্যতা জানিব পাৰি ৰাখীয়ে কান্দোনত ভাগি পৰে।

ৰাখীয়ে কয়  "দৰিদ্ৰ হোৱাত  কোনো সমস্যা নাই। কিন্তু আদিলে সঁচা কথা ক'ব পাৰিলেহেঁতেন"। ৰাখীয়ে সেইদিনাই মাইছুৰৰ আদালতত আদিলক লগ পাইছিল। কেইদিনমান আগতে, আদিলৰ বিৰুদ্ধে এগৰাকী ইৰানী মহিলাই  আৰক্ষীৰ ওচৰত ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ পিছতে তেওঁক গ্ৰে্তাৰ কৰা হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক