--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্ত আৰু আদিল দুৰানীৰ বৈবাহিক জীৱনকলৈ বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই৷ আদিলক পাবলৈ ইছলামধৰ্ম গ্ৰহণ কৰা ৰাখীয়ে আদিলৰ বাবে বহু ত্যাগ কৰিও যেন বিফল হৈছে৷  ৰাখীৰ স্বামী আদিল  বৰ্তমান কাৰাগাৰত আছে। অলপতে ৰাখীয়ে  মাইছুৰত থকা তেওঁৰ স্বামী আদিলৰ  ঘৰত উপস্থিত হৈছিল।

 তেওঁৰ লগত আছিল শ্বেৰলিন চোপ্ৰা। তেওঁলোক আদিলৰ ঘৰত  উপস্থিত হৈ আচৰিত হৈ পৰিল৷ আদিল দৰাচলতে কোনো ধনী ব্যৱসায়ী নহয়, তেওঁ এজন সাধাৰণ বাছ চালকহে৷ এই কথা জানিব পাৰি ৰাখী  কান্দোনত ভাগি পৰিল। হিন্দু হোৱা স্বত্বেও আদিলৰ পৰিয়ালে তেওঁক ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিছে, কিন্তু আদিলে যেন ৰাখীক পত্নী হিচাবে মানি ল’বলৈ টান পাইছে৷ অভিনেত্ৰীগৰাকীয়ে মাইছুৰলৈ গৈ এখন বেলেগ পৃথিৱী দেখা পালে । 

আদিলৰ ঘৰলৈ গৈ ৰাখীয়ে  গম পালে  যে আদিল পেছাত এজন বাছ চালকহে ।  আদিলে ইমান দিনে ৰাখীক তেওঁৰ কামৰ বিষয়েযিবোৰ কথা কৈ আছিল সকলোবোৰ মিছা। আদিলে কেৱল তেওঁৰ বৃত্তিৰ বিষয়েই নহয়, তেওঁৰ যৌন জীৱনৰ বিষয়েও মিছা কৈছিল বুলি ৰাখীয়ে অভিযোগ কৰিছে। মাইছুৰলৈ গৈ ৰাখীয়ে গম পালে  যে আদিল এজন  উভকামী লোকো । কেৱল সেয়াই নহয়, আদিলৰ কোনো অট্টালিকাও নাই, তেওঁৰ ঘৰৰ লোকসকলে  বস্তিত এলেকাতহে বাস কৰে৷  স্বামীৰ জীৱনৰ সত্যতা জানিব পাৰি ৰাখীয়ে কান্দোনত ভাগি পৰে।

ৰাখীয়ে কয়  "দৰিদ্ৰ হোৱাত  কোনো সমস্যা নাই। কিন্তু আদিলে সঁচা কথা ক'ব পাৰিলেহেঁতেন"। ৰাখীয়ে সেইদিনাই মাইছুৰৰ আদালতত আদিলক লগ পাইছিল। কেইদিনমান আগতে, আদিলৰ বিৰুদ্ধে এগৰাকী ইৰানী মহিলাই  আৰক্ষীৰ ওচৰত ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ পিছতে তেওঁক গ্ৰে্তাৰ কৰা হৈছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু