--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জম্মু-কাশ্মীৰত নতুন কাৰ্যকলাপ আৰম্ভ কৰিছে। বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে দুটা সংগঠনক ‘অবৈধ কাৰ্যকলাপ’ত লিপ্ত হোৱাৰ অভিযোগত নিষিদ্ধ ঘোষণা কৰিছে।

নিষিদ্ধ সংগঠনসমূহ আচলতে মুছলিম সন্মিলনৰ দুটা যুদ্ধংদেহী ফৈদ—মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (সুমজী) আৰু মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (ভাট)। গৃহমন্ত্ৰী অমিত শ্বাহে এক্স হেণ্ডলৰ দ্বাৰা ঘোষণা কৰিছিল যে, “এই সকলোবোৰ সংগঠন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিৰোধী কাৰ্যকলাপত নিয়োজিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সন্ত্ৰাসবাদক পুলিয়ে-পোখাই উভালিবলৈ বদ্ধপৰিকৰ আৰু অবৈধ কাৰ্যকলাপৰ লগত জড়িত যিকোনো ব্যক্তিয়ে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।”

লগতে শ্বাহে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ‘নেটৱৰ্ক’ ধ্বংস কৰাৰ বাবে অনাগত দিনত মোদী চৰকাৰে অভিযান তীব্ৰতৰ কৰিব। উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰে। পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখন জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত হৈছিল। তাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় জম্মু-কাশ্মীৰৰ কেইবাটাও সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।ইয়াৰ পূৰ্বে জামাত-ই-ইছলামীৰ দৰে প্ৰভাৱশালী কট্টৰপন্থী সংগঠনকো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক