--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জম্মু-কাশ্মীৰত নতুন কাৰ্যকলাপ আৰম্ভ কৰিছে। বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে দুটা সংগঠনক ‘অবৈধ কাৰ্যকলাপ’ত লিপ্ত হোৱাৰ অভিযোগত নিষিদ্ধ ঘোষণা কৰিছে।

নিষিদ্ধ সংগঠনসমূহ আচলতে মুছলিম সন্মিলনৰ দুটা যুদ্ধংদেহী ফৈদ—মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (সুমজী) আৰু মুছলিম কনফাৰেন্স জম্মু-কাশ্মীৰ (ভাট)। গৃহমন্ত্ৰী অমিত শ্বাহে এক্স হেণ্ডলৰ দ্বাৰা ঘোষণা কৰিছিল যে, “এই সকলোবোৰ সংগঠন দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিৰোধী কাৰ্যকলাপত নিয়োজিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সন্ত্ৰাসবাদক পুলিয়ে-পোখাই উভালিবলৈ বদ্ধপৰিকৰ আৰু অবৈধ কাৰ্যকলাপৰ লগত জড়িত যিকোনো ব্যক্তিয়ে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।”

লগতে শ্বাহে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ‘নেটৱৰ্ক’ ধ্বংস কৰাৰ বাবে অনাগত দিনত মোদী চৰকাৰে অভিযান তীব্ৰতৰ কৰিব। উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই সংবিধানৰ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰে। পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখন জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত হৈছিল। তাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় জম্মু-কাশ্মীৰৰ কেইবাটাও সংগঠনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।ইয়াৰ পূৰ্বে জামাত-ই-ইছলামীৰ দৰে প্ৰভাৱশালী কট্টৰপন্থী সংগঠনকো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু