--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে শেষৰ অভাৰটোত বলিং কৰিবলৈ ভাৰতীয় বলাৰসকলে ভয় কৰিছিল। এই মন্তব্য কৰিছে পাকিস্তানী তাৰকা ছোৱেইব মালিকে।

অৱশ্যে শেহতীয়া টি২০ বিশ্বকাপৰ বিষয়ে মালিকে কোৱা নাই। বৰঞ্চ ২০০৭ চনৰ টি২০ বিশ্বকাপৰ অভিজ্ঞতা সোঁৱৰণ কৰিবলৈ গৈহে এই ভাষ্য আগবঢ়াইছে তেওঁ।

তেওঁ কয় যে ২০০৭ চনৰ বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে শেষৰ অভাৰটোত ভাৰতৰ মূল বলাৰসকলে বলিং কৰিবলৈ ভয় কৰিছিল।

উল্লেখ্য যে ২০০৭ চনত আৰম্ভ হোৱা প্ৰথম খন টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে পাকিস্তানৰ স’তে মুখামুখি হৈছিল। পাকিস্তানে দ্বিতীয় ইনিংছত বেটিং কৰিছিল। শেষৰ অভাৰটোত পাকিস্তানক জয়ী হ’বলৈ প্ৰয়োজন আছিল ১৩ ৰাণৰ।

পাকিস্তানৰ ষ্ট্ৰাইকিং এণ্ডত আছিল অধিনায়ক মিছবাহ-ঊল-হক। ভাৰতৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মিডিয়াম ফাষ্ট বলাৰ যোগিন্দৰ শৰ্মাক বল কৰিবলৈ দিছিল। শেষত ৰোমাঞ্চকৰভাৱে ভাৰতে বিজয়সাব্যষ্ট কৰিবলৈ সক্ষম হৈছিল।

সমগ্ৰ অভিজ্ঞতা সুঁৱৰি এটা টেলিভিছন চেনেলত মালিকে কয় যে ভাৰতৰ প্ৰত্যেকজন মূল বলাৰৰ এক অভাৰ বলিং কৰিবলৈ বাকী আছিল। অধিনায়ক ধোনীয়ে প্ৰত্যেককে বলিং কৰিবলৈ মাতিছিল কিন্তু তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাছিল।

“তেওঁলোকে মিছবাহ-ঊল-হকৰ বিৰুদ্ধে বলিং কৰিবলৈ ভয় কৰিছিল। তেওঁ সুন্দৰ বেটিং প্ৰদৰ্শন কৰি আছিল। যোগীন্দৰ শৰ্মাৰ বলতো তেওঁ শেষৰ অভাৰত এটা বিশাল ছয় কোবাইছিল।”- মালিকে কয়।

উল্লেখ্য যে মেচখনত বিজয়সাব্যষ্ট কৰিবলৈ শেষৰ অভাৰত পাকিস্তানক প্ৰয়োজন আছিল ১৩ ৰাণৰ। যোগীন্দৰ শৰ্মাৰ দ্বিতীয়টো বলত মিছবাহ-ঊল-হকে এটা বিশাল ছয় কোবাইছিল। যেতিয়া ৪ টা বলত ৬ ৰাণৰ প্ৰয়োজন আছিল, সেই সময়ত মিছবাহ-ঊল-হকে এটা স্কুপ শ্বট খেলিবলৈ প্ৰয়াস কৰিছিল। কিন্তু ছৰ্ট ফাইন লেগত থকা ভাৰতৰ শ্ৰীশান্থৰ হাতত কেচ উঠে আৰু মিছবাহ আউট হয়। লগে লগে পাকিস্তানৰ বিজয়ৰ সম্ভাৱনাও নাইকিয়া হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক