--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে শেষৰ অভাৰটোত বলিং কৰিবলৈ ভাৰতীয় বলাৰসকলে ভয় কৰিছিল। এই মন্তব্য কৰিছে পাকিস্তানী তাৰকা ছোৱেইব মালিকে।

অৱশ্যে শেহতীয়া টি২০ বিশ্বকাপৰ বিষয়ে মালিকে কোৱা নাই। বৰঞ্চ ২০০৭ চনৰ টি২০ বিশ্বকাপৰ অভিজ্ঞতা সোঁৱৰণ কৰিবলৈ গৈহে এই ভাষ্য আগবঢ়াইছে তেওঁ।

তেওঁ কয় যে ২০০৭ চনৰ বিশ্বকাপৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে শেষৰ অভাৰটোত ভাৰতৰ মূল বলাৰসকলে বলিং কৰিবলৈ ভয় কৰিছিল।

উল্লেখ্য যে ২০০৭ চনত আৰম্ভ হোৱা প্ৰথম খন টি২০ বিশ্বকাপৰ ফাইনেলত ভাৰতে পাকিস্তানৰ স’তে মুখামুখি হৈছিল। পাকিস্তানে দ্বিতীয় ইনিংছত বেটিং কৰিছিল। শেষৰ অভাৰটোত পাকিস্তানক জয়ী হ’বলৈ প্ৰয়োজন আছিল ১৩ ৰাণৰ।

পাকিস্তানৰ ষ্ট্ৰাইকিং এণ্ডত আছিল অধিনায়ক মিছবাহ-ঊল-হক। ভাৰতৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে মিডিয়াম ফাষ্ট বলাৰ যোগিন্দৰ শৰ্মাক বল কৰিবলৈ দিছিল। শেষত ৰোমাঞ্চকৰভাৱে ভাৰতে বিজয়সাব্যষ্ট কৰিবলৈ সক্ষম হৈছিল।

সমগ্ৰ অভিজ্ঞতা সুঁৱৰি এটা টেলিভিছন চেনেলত মালিকে কয় যে ভাৰতৰ প্ৰত্যেকজন মূল বলাৰৰ এক অভাৰ বলিং কৰিবলৈ বাকী আছিল। অধিনায়ক ধোনীয়ে প্ৰত্যেককে বলিং কৰিবলৈ মাতিছিল কিন্তু তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাছিল।

“তেওঁলোকে মিছবাহ-ঊল-হকৰ বিৰুদ্ধে বলিং কৰিবলৈ ভয় কৰিছিল। তেওঁ সুন্দৰ বেটিং প্ৰদৰ্শন কৰি আছিল। যোগীন্দৰ শৰ্মাৰ বলতো তেওঁ শেষৰ অভাৰত এটা বিশাল ছয় কোবাইছিল।”- মালিকে কয়।

উল্লেখ্য যে মেচখনত বিজয়সাব্যষ্ট কৰিবলৈ শেষৰ অভাৰত পাকিস্তানক প্ৰয়োজন আছিল ১৩ ৰাণৰ। যোগীন্দৰ শৰ্মাৰ দ্বিতীয়টো বলত মিছবাহ-ঊল-হকে এটা বিশাল ছয় কোবাইছিল। যেতিয়া ৪ টা বলত ৬ ৰাণৰ প্ৰয়োজন আছিল, সেই সময়ত মিছবাহ-ঊল-হকে এটা স্কুপ শ্বট খেলিবলৈ প্ৰয়াস কৰিছিল। কিন্তু ছৰ্ট ফাইন লেগত থকা ভাৰতৰ শ্ৰীশান্থৰ হাতত কেচ উঠে আৰু মিছবাহ আউট হয়। লগে লগে পাকিস্তানৰ বিজয়ৰ সম্ভাৱনাও নাইকিয়া হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু