--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোণাল্ডোক বিশ্বাসঘাটকতা কৰিছে মানচেষ্টাৰ ইউনাইটেডে। এইদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰোণাল্ডোৱে নিজে। কেৱল সেয়াই নহয়, মানচেষ্টাৰ ইউনাইটেডৰ প্ৰশিক্ষকে তেওঁক দলৰ পৰা বাদ দিব বিচৰা বুলিও ৰোণাল্ডোৱে দাবী কৰিছে।

কাটাৰত অনুষ্ঠিত হ’ব লগা ফিফা বিশ্বকাপৰ প্ৰাকক্ষণত পটুৰ্গীজ মহাতাৰকাগৰাকীয়ে এইদৰে বক্তব্য আগবঢ়োৱাক লৈ তীব্ৰ চৰ্চা চলিছে। বৰ্তমান তেওঁ ইংলিছ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলি আছে।

২০২১ চনত মানচেষ্টাৰ ইউনাইটেডত দ্বিতীয়বাৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ পাছতে ক্লাবটোৰ স’তে সংঘাতত লিপ্ত হৈ আহিছে ৰোণাল্ডো। তেনে সময়তে এই সংঘাতত ৰোণাল্ডোৱে জুই ঢালি কেতবোৰ বিস্ফোৰক ভাষ্য আগবঢ়াইছে।

দলৰ প্ৰশিক্ষক এৰিক টেন হাগক মই একেবাৰেই সন্মান নকৰো। যদি মোক কোনেও সন্মান নকৰে, তেন্তে মইও সেই মানুহজনক সন্মান ঘূৰাই দিব নোৱাৰো।”- ৰোণাল্ডোৱে কয়।

উল্লেখ্য যে ক্লাবটোৰ প্ৰশিক্ষকে কিছুদিন পূৰ্বে ৰোণাল্ডোৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ আনিছিল। তাৰপাছতে দুয়োৰে মাজত সম্পৰ্কৰ অৱনতি ঘটিছে।

এই ক্লাবত থকাৰ পৰা ভাব হৈছে যেন মোৰ স’তে বিশ্বাসঘাটকতা কৰা হৈছে। কেৱল প্ৰশিক্ষকেই নহয়, ক্লাবৰ শীৰ্ষ পদত থকা বেছিভাগেই মই ক্লাবটো ত্যাগ কৰা বিচাৰিছে।”- ৰোণাল্ডোৱে অভিযোগ কৰে।

“সঁচা কথাটো হৈছে ক্লাবৰ অনুৰাগীসকলে জনা উচিত। তেওঁলোক সকলোৱেই ক্লাবটোৰ উন্নতি বিচাৰে। কিন্তু ক্লাবৰ ভিতৰত কি চলি আছে, সেই সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰণা নাই।”- ৰোণাল্ডো ৱে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক