--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰিষ্টিয়ানো ৰোণাল্ডোক বিশ্বাসঘাটকতা কৰিছে মানচেষ্টাৰ ইউনাইটেডে। এইদৰে বিস্ফোৰক মন্তব্য কৰিছে ৰোণাল্ডোৱে নিজে। কেৱল সেয়াই নহয়, মানচেষ্টাৰ ইউনাইটেডৰ প্ৰশিক্ষকে তেওঁক দলৰ পৰা বাদ দিব বিচৰা বুলিও ৰোণাল্ডোৱে দাবী কৰিছে।

কাটাৰত অনুষ্ঠিত হ’ব লগা ফিফা বিশ্বকাপৰ প্ৰাকক্ষণত পটুৰ্গীজ মহাতাৰকাগৰাকীয়ে এইদৰে বক্তব্য আগবঢ়োৱাক লৈ তীব্ৰ চৰ্চা চলিছে। বৰ্তমান তেওঁ ইংলিছ ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলি আছে।

২০২১ চনত মানচেষ্টাৰ ইউনাইটেডত দ্বিতীয়বাৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ পাছতে ক্লাবটোৰ স’তে সংঘাতত লিপ্ত হৈ আহিছে ৰোণাল্ডো। তেনে সময়তে এই সংঘাতত ৰোণাল্ডোৱে জুই ঢালি কেতবোৰ বিস্ফোৰক ভাষ্য আগবঢ়াইছে।

“দলৰ প্ৰশিক্ষক এৰিক টেন হাগক মই একেবাৰেই সন্মান নকৰো। যদি মোক কোনেও সন্মান নকৰে, তেন্তে মইও সেই মানুহজনক সন্মান ঘূৰাই দিব নোৱাৰো।”- ৰোণাল্ডোৱে কয়।

উল্লেখ্য যে ক্লাবটোৰ প্ৰশিক্ষকে কিছুদিন পূৰ্বে ৰোণাল্ডোৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ আনিছিল। তাৰপাছতে দুয়োৰে মাজত সম্পৰ্কৰ অৱনতি ঘটিছে।

“এই ক্লাবত থকাৰ পৰা ভাব হৈছে যেন মোৰ স’তে বিশ্বাসঘাটকতা কৰা হৈছে। কেৱল প্ৰশিক্ষকেই নহয়, ক্লাবৰ শীৰ্ষ পদত থকা বেছিভাগেই মই ক্লাবটো ত্যাগ কৰা বিচাৰিছে।”- ৰোণাল্ডোৱে অভিযোগ কৰে।

“সঁচা কথাটো হৈছে ক্লাবৰ অনুৰাগীসকলে জনা উচিত। তেওঁলোক সকলোৱেই ক্লাবটোৰ উন্নতি বিচাৰে। কিন্তু ক্লাবৰ ভিতৰত কি চলি আছে, সেই সম্পৰ্কে তেওঁলোকৰ কোনো ধাৰণা নাই।”- ৰোণাল্ডো ৱে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু