--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ছ’চিয়েল মিডিয়াত প্ৰথমখন চিত্ৰনাট্য সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল। তাৰ পাছত আলোচনা হ’ল যে চিনেমা তেওঁৰ আবেগ আৰু অভিনয়ৰ পৰিৱৰ্তে তেওঁ পৰিচালনাৰ দিশত আগবাঢ়িছে। কিন্তু এতিয়া জানিব পৰা  গৈছে যে পৰিচালক হোৱাৰ আগতে আৰিয়ান এজন ব্যৱসায়ী হৈ পৰিছে আৰু দৰ্শকে তেওঁৰ ছবি বা ৱেবছিৰিজ চোৱাৰ আগতেই আৰিয়ানে তেওঁলোকৰ কোম্পানীৰ সামগ্ৰী বিক্ৰী কৰিব। খবৰ অনুসৰি আৰিয়ান খানে তেওঁৰ দুজন বন্ধুৱে গঠন কৰা কোম্পানী Dievol (যাৰ অৰ্থ ইংৰাজীত Devil) ব্ৰেণ্ডৰ অধীনত ভাৰতত বিলাসী জীৱনশৈলীৰ সামগ্ৰী মুকলি কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে এই কোম্পানীটোৱে প্ৰথমে এটা পানীয় কোম্পানীৰ সহযোগত নিজৰ ব্ৰেণ্ড নামেৰে ভ’ডকা মুকলি কৰিছে।

ইউৰোপত ব্যৱসায়িক অংশীদাৰ
ভগ ইণ্ডিয়াৰ বাতৰিত কোৱা হৈছে যে ইয়াৰ পিছত আৰিয়ান আৰু তেওঁৰ কোম্পানীয়ে ২০২৩ চনৰ মাৰ্চ মাহত তেওঁলোকৰ কাপোৰৰ ব্যৱসাই কৰিব আৰু ইয়াৰ বাবে এটা ৱেবছাইট মুকলি কৰা হ’ব। লাহে লাহে কোম্পানীটোৱে ভাৰতত ব্যৱসায় বৃদ্ধি কৰিব। ভগ ইণ্ডিয়াৰ সৈতে হোৱা এক বাৰ্তালাপত আৰিয়ানে কয় যে যিবোৰ কথাৰ প্ৰতি আমাৰ পৰিয়ালে আবেগিক অনুভৱ কৰে, আমি একেটা ব্যৱসায়তে সোমাই যাওঁ। মা প্ৰযোজক, কিন্তু ইণ্টেৰিয়ৰ ডিজাইনিং ভাল পায়। তেওঁ নিজকে এজন সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। মোৰ দেউতা এজন অভিনেতা, কিন্তু তেওঁৰ ভিএফএক্স কোম্পানী, প্ৰডাকচন কোম্পানীও আছে। আমি সকলোৱে খেল ভাল পাওঁ আৰু আমি প্ৰায় ১০ বছৰ আগতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিলো। আৰিয়ানৰ কোম্পানীটোৰ ব্যৱসায়িক অংশীদাৰজন ইউৰোপৰ। এজন বণ্টী সিং আৰু আনজন লেটি ব্লাগোয়েভা।

পাঁচ বছৰৰ বাবে প্ৰস্তুতি
আগন্তুক সময়ত এই কোম্পানীয়ে বিলাসী সামগ্ৰী প্ৰস্তুত কৰি ভাৰতত মুকলি কৰিব। পানীয় কোম্পানীটোৰ সৈতে ভ’ডকাৰ পাছত বজাৰত মুকলি কৰা হ’ব হুইস্কি আৰু ৰম। কোৱা হৈছে যে যোৱা পাঁচ বছৰে আৰিয়ান, বণ্টী আৰু লেটেই এই কোম্পানীটোৰ ৰূপৰেখাৰ কাম কৰি আছিল। ২০২৩ চন শ্বাহৰুখ খানৰ সমগ্ৰ পৰিয়ালৰ বাবে বিশেষ হ’বলৈ গৈ আছে। বক্স অফিচত আহিব স্বয়ং শ্বাহৰুখৰ তিনিখন ছবি, পাঠান-জোৱান-ডাংকি। আৰিয়ানেও বিজনেছৰ সৈতে পৰ্দাত টোকৰ মাৰিব আৰু তেওঁৰ পৰিচালনাত তেওঁৰ প্ৰথমটো প্ৰজেক্ট আৰম্ভ কৰিব। শ্বাহৰুখৰ কন্যা সুহানাইও অহা বছৰ বলীউডত অভিষেক ঘটাবলৈ গৈ আছে আৰ্চি ছবিখনৰ জৰিয়তে। এই ছবিখন নেটফ্লিক্সত মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক