--°C
Loading...
Listen to Article
2 min read
80%

পাকিস্তান কাৰ পক্ষত, ৰাছিয়া নে ইউক্ৰেইন?

ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত বিশ্বৰ দেশসমূহ তিনিটা ভাগত বিভক্ত হৈ পৰিছে। কোনোৱে ৰাছিয়াৰ সমৰ্থন কৰিছে, আন কোনোৱে ইউক্ৰেইনৰ সমৰ্থন কৰিছে। ৰাষ্ট্ৰসমূহৰ আন এটা গোটে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে আৰু শান্তিৰ কামনা কৰিছে। শেহতীয়াকৈ পাকিস্তানক ইউক্ৰেইনৰ সমৰ্থনত ঠিয় হ'বলৈ এটা গোটে হেঁচা দিয়া বুলি চৰ্চা লাভ কৰিছে। ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহকে ধৰি ২২ টা কূটনৈতিক মিছনৰ মুৰব্বীয়ে ১ মাৰ্চত এক যুটীয়া পত্ৰ জাৰি কৰি পাকিস্তানক ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক প্ৰস্তাৱ সমৰ্থন কৰিবলৈ আহ্বান জনায়। পত্ৰখন কূটনীতিবিদসকলে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সাধাৰণতে এনেধৰণৰ ঘটনা খুব কম দেখা যায়। যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভোটদান হৈছিল, তেতিয়া পশ্চিমীয়া দেশসমূহৰ হৈ সাধাৰণতে সমৰ্থন আৰু সহযোগিতা আগবঢ়াই অহা পাকিস্তানে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। সাধাৰণ সভাৰ বেছিভাগ দেশে ৰাছিয়াৰ এই পদক্ষেপক সমালোচনা কৰিছিল আৰু ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ নিৰপেক্ষতাক লৈ পৰৱৰ্তী সময়ত তৎপৰ হৈ পৰিছিল ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে। তেওঁলোকে জাৰি কৰা যুটীয়া পত্ৰক লৈ সৰৱ হৈ উঠিছে পাক্ প্ৰধানমন্ত্ৰী ইমৰাণ খান। ইমৰান খানে দেওবাৰে ইছলামাবাদৰ ২২জন পশ্চিমীয়া ৰাষ্ট্ৰদূতক আক্ৰমণৰ লক্ষ্য কৰি লয়, যি যোৱা সপ্তাহত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ পাকিস্তানক আহ্বান জনাইছিল। সংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি দেওবাৰে পাক প্ৰধানমন্ত্ৰীয়ে পশ্চিমীয়া কূটনীতিবিদসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষোভ প্ৰকাশ কৰিছিল আৰু তেওঁলোকক প্ৰশ্ন কৰিছিল যে পাকিস্তান আপোনাৰ আপোনালোকৰ 'গোলাম' নেকি। দেওবাৰে এক ৰাজনৈতিক ৰেলী সম্বোধন কৰি পাক্ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'আপোনালোকে আমাৰ (পাকিস্তানৰ) বিষয়ে কি ভাবে? আমি আপোনালোকৰ দাস নেকি যে আপোনালোকে যি কয় আমি সেয়াই কৰিম?' পাক্ প্ৰধানমন্ত্ৰীজনৰ ভাষণ প্ৰসংগত ভাৰতৰ কথাও ওলাইছিল। যিহেতু সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পাকিস্তানেও ভাৰতৰ অনুৰূপ স্থিতিয়েই গ্ৰহণ কৰি আছে। তেওঁৰ ভাষণত ইমৰাণ খানে পশ্চিমীয়া দেশসমূহৰ কূটনীতিবিদসকলক সুধিছিল যে আপোনালোকে ভাৰতলৈও এনে ধৰণৰ পত্ৰ লিখিছেনে? যিহেতু ভাৰতেও UNSC আৰু UNGA-ত এই সন্দৰ্ভত আহ্বান কৰা ভোটদানত অংশগ্ৰহণৰ পৰা বিৰত আছিল। ইমৰান খানে লগতে কৈছিল যে পাকিস্তান ইউক্ৰেইনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে কিয়নো ইউক্ৰেইনে আফগানিস্তানত নাটো মিত্ৰতাক সমৰ্থন কৰিছিল। অৰ্থাৎ ইমৰাণ খানৰ এই কথাৰ পৰা এটা কথাৰ উমান পাব পাৰি যে, ইউক্ৰেইনৰ সমৰ্থনত পাকিস্তান ঠিয় নোহোৱাটো তেওঁলোকৰ বৈদেশিক নীতিৰেই অংশ বা পূৰ্বৰ ঘটনাৰ প্ৰতিশোধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক