--°C
Loading...
Listen to Article
2 min read
80%

পাকিস্তান কাৰ পক্ষত, ৰাছিয়া নে ইউক্ৰেইন?

ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত বিশ্বৰ দেশসমূহ তিনিটা ভাগত বিভক্ত হৈ পৰিছে। কোনোৱে ৰাছিয়াৰ সমৰ্থন কৰিছে, আন কোনোৱে ইউক্ৰেইনৰ সমৰ্থন কৰিছে। ৰাষ্ট্ৰসমূহৰ আন এটা গোটে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰিছে আৰু শান্তিৰ কামনা কৰিছে। শেহতীয়াকৈ পাকিস্তানক ইউক্ৰেইনৰ সমৰ্থনত ঠিয় হ'বলৈ এটা গোটে হেঁচা দিয়া বুলি চৰ্চা লাভ কৰিছে। ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহকে ধৰি ২২ টা কূটনৈতিক মিছনৰ মুৰব্বীয়ে ১ মাৰ্চত এক যুটীয়া পত্ৰ জাৰি কৰি পাকিস্তানক ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক প্ৰস্তাৱ সমৰ্থন কৰিবলৈ আহ্বান জনায়। পত্ৰখন কূটনীতিবিদসকলে ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সাধাৰণতে এনেধৰণৰ ঘটনা খুব কম দেখা যায়। যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভোটদান হৈছিল, তেতিয়া পশ্চিমীয়া দেশসমূহৰ হৈ সাধাৰণতে সমৰ্থন আৰু সহযোগিতা আগবঢ়াই অহা পাকিস্তানে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। সাধাৰণ সভাৰ বেছিভাগ দেশে ৰাছিয়াৰ এই পদক্ষেপক সমালোচনা কৰিছিল আৰু ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত পাকিস্তানৰ নিৰপেক্ষতাক লৈ পৰৱৰ্তী সময়ত তৎপৰ হৈ পৰিছিল ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে। তেওঁলোকে জাৰি কৰা যুটীয়া পত্ৰক লৈ সৰৱ হৈ উঠিছে পাক্ প্ৰধানমন্ত্ৰী ইমৰাণ খান। ইমৰান খানে দেওবাৰে ইছলামাবাদৰ ২২জন পশ্চিমীয়া ৰাষ্ট্ৰদূতক আক্ৰমণৰ লক্ষ্য কৰি লয়, যি যোৱা সপ্তাহত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ পাকিস্তানক আহ্বান জনাইছিল। সংবাদ মাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি দেওবাৰে পাক প্ৰধানমন্ত্ৰীয়ে পশ্চিমীয়া কূটনীতিবিদসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষোভ প্ৰকাশ কৰিছিল আৰু তেওঁলোকক প্ৰশ্ন কৰিছিল যে পাকিস্তান আপোনাৰ আপোনালোকৰ 'গোলাম' নেকি। দেওবাৰে এক ৰাজনৈতিক ৰেলী সম্বোধন কৰি পাক্ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'আপোনালোকে আমাৰ (পাকিস্তানৰ) বিষয়ে কি ভাবে? আমি আপোনালোকৰ দাস নেকি যে আপোনালোকে যি কয় আমি সেয়াই কৰিম?' পাক্ প্ৰধানমন্ত্ৰীজনৰ ভাষণ প্ৰসংগত ভাৰতৰ কথাও ওলাইছিল। যিহেতু সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত পাকিস্তানেও ভাৰতৰ অনুৰূপ স্থিতিয়েই গ্ৰহণ কৰি আছে। তেওঁৰ ভাষণত ইমৰাণ খানে পশ্চিমীয়া দেশসমূহৰ কূটনীতিবিদসকলক সুধিছিল যে আপোনালোকে ভাৰতলৈও এনে ধৰণৰ পত্ৰ লিখিছেনে? যিহেতু ভাৰতেও UNSC আৰু UNGA-ত এই সন্দৰ্ভত আহ্বান কৰা ভোটদানত অংশগ্ৰহণৰ পৰা বিৰত আছিল। ইমৰান খানে লগতে কৈছিল যে পাকিস্তান ইউক্ৰেইনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে কিয়নো ইউক্ৰেইনে আফগানিস্তানত নাটো মিত্ৰতাক সমৰ্থন কৰিছিল। অৰ্থাৎ ইমৰাণ খানৰ এই কথাৰ পৰা এটা কথাৰ উমান পাব পাৰি যে, ইউক্ৰেইনৰ সমৰ্থনত পাকিস্তান ঠিয় নোহোৱাটো তেওঁলোকৰ বৈদেশিক নীতিৰেই অংশ বা পূৰ্বৰ ঘটনাৰ প্ৰতিশোধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ