--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ পাছত পাকিস্তানৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰে বাবৰ আজমে। তিনিওটা ফৰ্মেটৰ পৰা আঁতৰি গ’ল। ইয়াৰ পিছতে টেষ্টত শ্বান মাছুদ আৰু টি-২০ত শ্বাহীন আফ্ৰিদিক অধিনায়ক নিযুক্তি দিয়া হয়। তাৰ লগে লগে পাকিস্তান ক্ৰিকেটত পুনৰ অশান্তিৰ সৃষ্টি হ’ল। শহুৰেক শ্বাহিদ আফ্ৰিদীয়ে এখনো মেচত নেতৃত্ব দিয়াৰ পূৰ্বে শ্বাহিনক অধিনায়কৰ পদৰ পৰা আঁতৰাই দিবলৈ দাবী জনায়।

মহম্মদ ৰিজৱানক অধিনায়ক হিচাপে নিযুক্তি দিয়াটো বিচাৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদে। তেওঁ কয়, ‘ৰিজৱানৰ কঠোৰ পৰিশ্ৰম আৰু মনোনিৱেশক মই প্ৰশংসা কৰো। তেওঁৰ শ্ৰেষ্ঠ গুণটো হ’ল তেওঁ সদায় নিজৰ খেলত মনোনিৱেশ কৰে। বাকীবোৰে দেখা নাপায় তেওঁলোকে কি কৰা নাই। প্ৰকৃত যুঁজাৰু ক্ৰিকেটাৰ হোৱাৰ অৰ্থ তেওঁ। মই তেওঁক টি-২০ত অধিনায়ক হিচাপে চাব বিচাৰো। ভুলতে শ্বহীনক অধিনায়ক কৰি দিয়া হ’ল।”

টিভি শ্ব’ এটাত ভাষণ দি থাকোঁতে শ্বাহিদৰ পিছফালে বহি আছিল শ্বাহীন। শ্বাহিদে তেওঁৰ ফালে চাই এই কথাবোৰ ক’লে। সকলো শুনি শ্বাহীনে হাঁহি মাৰি থাকিল। যদিও কথাটো হাস্যকৰ, পাকিস্তানৰ অনুৰাগী জুইত জাহ গৈছে। তেওঁলোকৰ দাবী, শ্বাহিদৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ এজনে ৰাজহুৱাকৈ এনে কথা কিয় ক’ব? দলৰ ঐক্য ঠিক হ’বনে? য’ত শ্বহীনে এখনো মেচতে নেতৃত্ব নিদিলে, তাত তেওঁৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰাটো সঠিক নেকি? এতিয়াৰ বাবে অৱশ্যে কোনো প্ৰশ্নৰ উত্তৰ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement