--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ঠিকে থাকিলে এইবাৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে আই পি এল। শেহতীয়াকৈ পঞ্জাৱ ক্ৰিকেট সন্থাই মল্লাপুৰত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে। এইবাৰ পঞ্জাৱ কিংছে সেই খেলপথাৰতে নিজৰ ঘৰুৱা মেচ খেলিব পাৰিব। পঞ্জাৱৰ বিষয়াসকলে এই পথাৰখন পৰিদৰ্শন কৰিছে। কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা হোৱা নাই। প্ৰসংগক্ৰমে এতিয়া পঞ্জাৱৰ ঘৰুৱা খেলপথাৰ মোহলী।

কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কোৱা হৈছিল যে মুল্লাপুৰত ভাৰত আৰু আফগানিস্তানৰ মাজত টি-২০ মেচৰ আয়োজন কৰা হ’ব। অৱশ্যে নহ’ল। পিচিএৰ সম্পাদকগৰাকীয়ে এটা ৱেবছাইটযোগে কয় যে ক্ষেত্ৰখনৰ কিছু অংশত এতিয়াও কাম বাকী আছে। সেয়ে আফগানিস্তানৰ খেলখন মোহলীত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

যদিও পঞ্জাবে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই, তথাপিও দলটোৰ এক্স প্লেটফৰ্মত মল্লপুৰ ষ্টেডিয়ামৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। আই পি এলৰ পূৰ্বে ষ্টেডিয়াম সম্পূৰ্ণ সাজু হ’ব বুলি দাবী কৰে। পিচিএৰ মুৰব্বী দিলশ খান্নাই সাংবাদিকক লৈ ষ্টেডিয়ামত ঘূৰি ফুৰে।

সূত্ৰ অনুসৰি মুল্লাপুৰ ষ্টেডিয়ামত আসনৰ সংখ্যা ৩০ হাজাৰ। ষ্টেডিয়ামৰ চাৰিওফালে মুঠ ১৮০০ গাড়ী ৰখাব পাৰিব। ষ্টেডিয়ামত ১২খন খেলপথাৰ আছে। এক নম্বৰ গেট লৈ খেলপথাৰত প্ৰৱেশ কৰিব ক্ৰিকেটাৰ। ইয়াৰ কাষতে নেটত অনুশীলন কৰা ঠাই। দুটা ড্ৰেছিং ৰুম আছে। ইয়াৰ উপৰিও ছাউনা বাথ, বুফে, শ্বাৱাৰ আৰু মালিচ এৰিয়াও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক