--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো ঠিকে থাকিলে এইবাৰ নতুন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাৰে আই পি এল। শেহতীয়াকৈ পঞ্জাৱ ক্ৰিকেট সন্থাই মল্লাপুৰত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে। এইবাৰ পঞ্জাৱ কিংছে সেই খেলপথাৰতে নিজৰ ঘৰুৱা মেচ খেলিব পাৰিব। পঞ্জাৱৰ বিষয়াসকলে এই পথাৰখন পৰিদৰ্শন কৰিছে। কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা হোৱা নাই। প্ৰসংগক্ৰমে এতিয়া পঞ্জাৱৰ ঘৰুৱা খেলপথাৰ মোহলী।

কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কোৱা হৈছিল যে মুল্লাপুৰত ভাৰত আৰু আফগানিস্তানৰ মাজত টি-২০ মেচৰ আয়োজন কৰা হ’ব। অৱশ্যে নহ’ল। পিচিএৰ সম্পাদকগৰাকীয়ে এটা ৱেবছাইটযোগে কয় যে ক্ষেত্ৰখনৰ কিছু অংশত এতিয়াও কাম বাকী আছে। সেয়ে আফগানিস্তানৰ খেলখন মোহলীত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

যদিও পঞ্জাবে আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই, তথাপিও দলটোৰ এক্স প্লেটফৰ্মত মল্লপুৰ ষ্টেডিয়ামৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে। আই পি এলৰ পূৰ্বে ষ্টেডিয়াম সম্পূৰ্ণ সাজু হ’ব বুলি দাবী কৰে। পিচিএৰ মুৰব্বী দিলশ খান্নাই সাংবাদিকক লৈ ষ্টেডিয়ামত ঘূৰি ফুৰে।

সূত্ৰ অনুসৰি মুল্লাপুৰ ষ্টেডিয়ামত আসনৰ সংখ্যা ৩০ হাজাৰ। ষ্টেডিয়ামৰ চাৰিওফালে মুঠ ১৮০০ গাড়ী ৰখাব পাৰিব। ষ্টেডিয়ামত ১২খন খেলপথাৰ আছে। এক নম্বৰ গেট লৈ খেলপথাৰত প্ৰৱেশ কৰিব ক্ৰিকেটাৰ। ইয়াৰ কাষতে নেটত অনুশীলন কৰা ঠাই। দুটা ড্ৰেছিং ৰুম আছে। ইয়াৰ উপৰিও ছাউনা বাথ, বুফে, শ্বাৱাৰ আৰু মালিচ এৰিয়াও আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু