--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ ভয়াবহ হৈ পৰিছে দেশৰ আইন-শৃংখলা পৰিস্থিতি৷ নাৰীৰ ব্যক্তিৰ সুৰক্ষা আৰু নাৰীৰ সামাজিক অৱধাৰণাৰ প্ৰতি শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যই প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰিছে৷ ২০১৯ৰ পৰা ২০২১ চনৰ সময়ছোৱাত দেশত ১৩.১৩ লাখ কিশোৰী আৰু মহিলা নিৰুদ্দেশ হৈছে, ইয়াৰে সৰ্বাধিক মধ্যপ্ৰদেশৰ। নিৰুদ্দেশ হোৱা মহিলাৰ সংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে পশ্চিম বংগ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা সপ্তাহত সংসদত দাখিল কৰা তথ্য অনুসৰি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত ১৮ বছৰৰ ওপৰৰ মহিলা ১০,৬১,৬৪৮ গৰাকী নিৰুদ্দেশ হোৱাৰ বিপৰীতে ১৮ বছৰৰ ২,৫১,৪৩০ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে৷উল্লেখ্য যে এই তথ্যসমূহ সংকলন কৰিছে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ সঞ্চালকালয় চমুকৈ (এনচিআৰবি)য়ে।

সংসদত প্ৰদান কৰা তথ্য অনুসৰি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত মধ্যপ্ৰদেশৰ পৰা ১,৬০,১৮০ গৰাকী মহিলা আৰু ৩৮,২৩৪ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছিল।একে সময়তে পশ্চিম বংগৰ পৰা ১,৫৬,৯০৫ গৰাকী মহিলা আৰু ৩৬,৬০৬ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।

পৰিসংখ্যা অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত মহাৰাষ্ট্ৰৰ পৰা ১,৭৮,৪০০ মহিলা আৰু ১৩,০৩৩ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছিল।ওড়িশাত উক্ত তিনি বছৰৰ সময়ছোৱাত ৭০,২২২ গৰাকী মহিলা আৰু ১৬,৬৪৯ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।ছত্তীশগড়ত একে সময়ছোৱাতে ৪৯,১১৬গৰাকী মহিলা আৰু ১০,১৮৭গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।সংসদত দাখিল কৰা তথ্য অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দিল্লী শীৰ্ষত আছে য’ৰ পৰা সৰ্বাধিক সংখ্যক মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা নিৰুদ্দেশ হৈছে ৬১,০৫৪ গৰাকী মহিলা আৰু ২২,৯১৯ গৰাকী ছোৱালী।তদুপৰি ২০১৯ৰ পৰা ২০২১ৰ সময়চোৱাৰ ভিতৰত অসমত  ১৩,৯৪৯ গৰাকী মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ