--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ ভয়াবহ হৈ পৰিছে দেশৰ আইন-শৃংখলা পৰিস্থিতি৷ নাৰীৰ ব্যক্তিৰ সুৰক্ষা আৰু নাৰীৰ সামাজিক অৱধাৰণাৰ প্ৰতি শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্যই প্ৰশ্নচিহ্নৰ অৱতাৰণা কৰিছে৷ ২০১৯ৰ পৰা ২০২১ চনৰ সময়ছোৱাত দেশত ১৩.১৩ লাখ কিশোৰী আৰু মহিলা নিৰুদ্দেশ হৈছে, ইয়াৰে সৰ্বাধিক মধ্যপ্ৰদেশৰ। নিৰুদ্দেশ হোৱা মহিলাৰ সংখ্যাৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে পশ্চিম বংগ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা সপ্তাহত সংসদত দাখিল কৰা তথ্য অনুসৰি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত ১৮ বছৰৰ ওপৰৰ মহিলা ১০,৬১,৬৪৮ গৰাকী নিৰুদ্দেশ হোৱাৰ বিপৰীতে ১৮ বছৰৰ ২,৫১,৪৩০ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে৷উল্লেখ্য যে এই তথ্যসমূহ সংকলন কৰিছে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ সঞ্চালকালয় চমুকৈ (এনচিআৰবি)য়ে।

সংসদত প্ৰদান কৰা তথ্য অনুসৰি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত মধ্যপ্ৰদেশৰ পৰা ১,৬০,১৮০ গৰাকী মহিলা আৰু ৩৮,২৩৪ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছিল।একে সময়তে পশ্চিম বংগৰ পৰা ১,৫৬,৯০৫ গৰাকী মহিলা আৰু ৩৬,৬০৬ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।

পৰিসংখ্যা অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত মহাৰাষ্ট্ৰৰ পৰা ১,৭৮,৪০০ মহিলা আৰু ১৩,০৩৩ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছিল।ওড়িশাত উক্ত তিনি বছৰৰ সময়ছোৱাত ৭০,২২২ গৰাকী মহিলা আৰু ১৬,৬৪৯ গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।ছত্তীশগড়ত একে সময়ছোৱাতে ৪৯,১১৬গৰাকী মহিলা আৰু ১০,১৮৭গৰাকী ছোৱালী নিৰুদ্দেশ হৈছে।সংসদত দাখিল কৰা তথ্য অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দিল্লী শীৰ্ষত আছে য’ৰ পৰা সৰ্বাধিক সংখ্যক মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছিল। ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা নিৰুদ্দেশ হৈছে ৬১,০৫৪ গৰাকী মহিলা আৰু ২২,৯১৯ গৰাকী ছোৱালী।তদুপৰি ২০১৯ৰ পৰা ২০২১ৰ সময়চোৱাৰ ভিতৰত অসমত  ১৩,৯৪৯ গৰাকী মহিলা আৰু ছোৱালী নিৰুদ্দেশ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু