--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা ভাৰতত উপস্থিত হোৱা সীমা হাইদৰে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম৷ শেহতীয়াকৈ চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ সমান্তৰালকৈ তেওঁ ৰক্ষাবন্ধনৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ৰাখী প্ৰেৰণ কৰি সীমা লাইমলাইটলৈ আহে। এতিয়া এটা নিউজ চেনেলক দিয়া সাক্ষাৎকাৰত সীমা হাইদৰে এক আচৰিত ধৰণৰ প্ৰকাশ কৰিছে।

প্ৰেমত পৰি তাৰ পাছত PUBG ৰ জৰিয়তে গ্ৰেটাৰ নয়দাৰ বাসিন্দা শচীন মীনাক বিয়া কৰোৱাৰ পাছত সীমা হাইদৰৰ চাৰিটা সন্তানে কাক পিতৃ বুলি কয়, তেওঁৰ প্ৰথম স্বামী গুলাম হাইদৰ নে শচীনক? তেওঁ এই কথা প্ৰকাশ কৰিছে। সীমাই নিউজ ১৮ক দিয়া এক সাক্ষাৎকাৰত কয়, "মোৰ ডাঙৰ ল'ৰা পাকিস্তানত থাকিলেও তেওঁ গুলাম হাইদৰক কেৱল হাইদৰ বুলি মাতিছিল। গুলাম হাইদৰে আমাক ইমান সময় নিদিলে। আগতে আমাৰ মাজত কাজিয়া হৈছিল।সেই সময়তে মোৰ হাতত ফোন এটাও নাছিল। তেওঁ পাকিস্তান এৰি যোৱাৰ পাছতহে ফোনটো লৈছিলো।"

সীমা হাইদৰে কয় যে “ভাৰতলৈ অহাৰ পাছৰে পৰা গোলাম হাইদৰৰ কোনো সম্পৰ্কীয় ব্যক্তিয়ে তেওঁৰ সৈতে যোগাযোগ কৰা নাই। তেওঁ কেৱল সংবাদ মাধ্যমত কথা কয়। মোৰ লগত কোনেও যোগাযোগ কৰা নাছিল।” তাইক আজিও সীমা হাইদৰ বুলি কোৱাৰ বাবে বেয়া লাগে নেকি বুলি সোধাত তাই ক’লে যে তাইৰ বৰ বেয়া লাগে। মোৰ পুৰণি দুখবোৰ মনত পৰে। সীমাই ক’লে যে “আমি বিয়া হৈছো আৰু এতিয়া মই সীমা মীনা হৈ পৰিছো।আমাৰ আনুষ্ঠানিক বিয়া হোৱাৰ পৰিকল্পনা আছে আৰু সেয়া হ’ব বৰ আড়ম্বৰপূৰ্ণ হ’ব , যাতে সমগ্ৰ পাকিস্তানে গম পায় যে সীমা দুখী নহয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক