--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উধয়ানিধি ষ্টেলিনৰ বিতৰ্কিত বক্তব্যৰ পিছত ৰাজনৈতিক পৰিঘটনা বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। সনাতন ধৰ্ম ধ্বংস কৰা বিষয়টোক লৈ বিৰোধী মিত্ৰজোঁট ‘ভাৰত’ক তীব্ৰ আক্ৰমণ চলাইছে বিজেপিয়ে। বহু দলে নিজকে আঁতৰাই ৰাখিলে।

এই ক্ৰমত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে উধয়ানিধিৰ বক্তব্যক লক্ষ্য কৰি লৈছে। সংবাদ সংস্থা এএনআইৰ মতে দিল্লীৰ দ্বাৰকাত জন্মাষ্টমী উৎসৱত ভাষণ দি তেওঁ কয় যে, "সনাতন ধৰ্ম'ক প্ৰত্যাহ্বান জনোৱাসকলৰ মাজলৈ আমাৰ কণ্ঠ গৈ পোৱা উচিত। ভক্তসকল জীয়াই থকালৈকে কোনেও আমাৰ 'ধৰ্ম' আৰু বিশ্বাসক ধ্বংস কৰিব নোৱাৰে।" কোনেও চেলেঞ্জ কৰিব নোৱাৰে।"

কঠোৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

সনাতন ধৰ্ম বিৰোধী বক্তব্যৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰৱ হ’বলৈ পৰামৰ্শ দিয়াৰ সময়তে স্মৃতি ইৰাণীৰ এই মন্তব্য। টাইমছ অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি জি-২০ৰ ব্রিফিঙৰ পাছত প্রধানমন্ত্রীয়ে বেচৰকাৰীভাৱে তাত উপস্থিত মন্ত্রীসকলক সনাতন ধর্মৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্রতি কঠোৰ সুৰত প্রত্যুত্তৰ দিবলৈ নির্দেশ দিয়ে৷

কি কথা?

দৰাচলতে উধয়ানিধি ষ্টেলিনে চেন্নাইত এক সমাৱেশত ভাষণ দি সনাতন ধৰ্মক ডেংগু, মেলেৰিয়া, ক’ৰোনা আদি ৰোগৰ সৈতে তুলনা কৰিছিল। ইয়াৰ পিছত তেওঁ নিজৰ বক্তব্যৰ বাবে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰে। তেওঁ কয়, ‘নতুন সংসদ উদ্বোধন উপলক্ষে মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ কৰা হোৱা নাছিল। এয়া সনাতন ধৰ্মৰ উত্তম উদাহৰণ।

উধয়ানিধি ষ্টেলিন কোন?

বিৰোধী মিত্ৰজোঁটৰ পৰা ক্ষমা বিচাৰিছে বিজেপিয়ে। কিন্তু ‘ভাৰত’ মিত্ৰতাত উধয়ানিধিৰ বক্তব্য সন্দৰ্ভতো ভিন্ন মতামত ওলাইছে। উধয়ানিধি ষ্টেলিন তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ। তামিলনাডু চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীৰ লগতে ডি এম কে পাৰ্টিৰ যুৱ শাখাৰ সম্পাদক। চেন্নাই চহৰৰ চেপুক-থিৰুৱল্লিকেন্নী বিধানসভা আসনৰ পৰা তেওঁ বিধায়ক।

২০২১ চনৰ তামিলনাডু বিধানসভা নিৰ্বাচনত তেওঁ প্ৰথমবাৰৰ বাবে বিধায়ক হয়। তামিল ছবিৰ অভিনেতা আৰু প্ৰযোজক হিচাপেও কাম কৰি আহিছে। নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তি প্ৰায় ২৯ কোটি টকা। উধয়ানিধিৰ বিৰুদ্ধে প্ৰায় ২২টা গোচৰ ৰুজু হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস