--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত সম্প্ৰতি নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰম্ভ হৈছে। এই নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহৰ লগত জড়িত চক্ৰসমূহ উৎখাতৰ বাবে অভিযানত নামি পৰিছে দেশৰ নিৰাপত্তা বাহিনী। এই নিষিদ্ধ ঘোষিত সামগ্ৰীসমূহ দেশৰ বাহিৰৰ পৰা দেশৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰে বুলি দীৰ্ঘদিনৰ পৰা চৰ্চা চলি আহিছে।

এই সন্দেহকে বাস্তৱায়িত কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ পাকিস্তানৰ পৰা সৰবৰাহৰ লগত জড়িত দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ৩৮ কিলোগ্ৰাম হিৰ’ইনসহ গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী ব্যক্তিয়ে পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰাগছ সৰবৰাহ কৰিছিল বুলি স্বীকাৰ কৰিছে। 

যোৱা ২৭ আগষ্টত পঞ্জাৱ আৰক্ষীয়ে ৩৮ কিলোগ্ৰাম হিৰ’ইনসহ এই চোৰাং ব্যৱসায়ী দুগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। গুজৰাটৰ ভুজৰ পৰা পঞ্জাৱ অভিমুখী এখন ট্ৰাকত এই ড্ৰাগছখিনি সৰবৰাহ কৰা হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ (এটিএছ) সৈতে আলোচনা মিলিত হৈছিল। গুজৰাট এটিএছে কচ্ছৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। দুয়োগৰাকী অভিযুক্তই গুজৰাট এটিএছৰ আগত উল্লেখ কৰা মতে এই ড্ৰাগছখিনি পাকিস্তানৰ গুল মহম্মদৰ পৰা অনা হৈছিল।

ইতিমধ্যে অভিযুক্তসকলক আহমেদাবাদৰ এটিএছ কাৰ্যালয়লৈ পঠোৱা হৈছে আৰু অধিক তদন্তৰ বাবে শীঘ্ৰেই পঞ্জাৱ আৰক্ষীক গতাই দিয়া হ'ব বুলিও আৰক্ষী বিষয়সকলে জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু