--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত সম্প্ৰতি নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান আৰম্ভ হৈছে। এই নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহৰ লগত জড়িত চক্ৰসমূহ উৎখাতৰ বাবে অভিযানত নামি পৰিছে দেশৰ নিৰাপত্তা বাহিনী। এই নিষিদ্ধ ঘোষিত সামগ্ৰীসমূহ দেশৰ বাহিৰৰ পৰা দেশৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰে বুলি দীৰ্ঘদিনৰ পৰা চৰ্চা চলি আহিছে।

এই সন্দেহকে বাস্তৱায়িত কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ পাকিস্তানৰ পৰা সৰবৰাহৰ লগত জড়িত দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰায় ৩৮ কিলোগ্ৰাম হিৰ’ইনসহ গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী ব্যক্তিয়ে পাকিস্তানৰ পৰা ভাৰতলৈ ড্ৰাগছ সৰবৰাহ কৰিছিল বুলি স্বীকাৰ কৰিছে। 

যোৱা ২৭ আগষ্টত পঞ্জাৱ আৰক্ষীয়ে ৩৮ কিলোগ্ৰাম হিৰ’ইনসহ এই চোৰাং ব্যৱসায়ী দুগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। গুজৰাটৰ ভুজৰ পৰা পঞ্জাৱ অভিমুখী এখন ট্ৰাকত এই ড্ৰাগছখিনি সৰবৰাহ কৰা হৈছিল।

পঞ্জাৱ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুজৰাট সন্ত্ৰাসবাদ বিৰোধী দলৰ (এটিএছ) সৈতে আলোচনা মিলিত হৈছিল। গুজৰাট এটিএছে কচ্ছৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। দুয়োগৰাকী অভিযুক্তই গুজৰাট এটিএছৰ আগত উল্লেখ কৰা মতে এই ড্ৰাগছখিনি পাকিস্তানৰ গুল মহম্মদৰ পৰা অনা হৈছিল।

ইতিমধ্যে অভিযুক্তসকলক আহমেদাবাদৰ এটিএছ কাৰ্যালয়লৈ পঠোৱা হৈছে আৰু অধিক তদন্তৰ বাবে শীঘ্ৰেই পঞ্জাৱ আৰক্ষীক গতাই দিয়া হ'ব বুলিও আৰক্ষী বিষয়সকলে জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী