--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবহু প্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ মাজতে কংগ্ৰেছে অহা ১৭ অক্টোৱৰত দলটোৰ এগৰাকী নতুন সভাপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুশ্ঠিত কৰিব। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে দলটোত তীব্ৰ হৈ পৰিছে খহনীয়া। গুলাম নবী আজাদৰ সমৰ্থনত ইতিমধ্যে কংগ্ৰেছৰ ১০০ ধিক জ্যেষ্ঠ নেতাই দল ত্যাগ কৰিছে। ইয়াৰ মাজতে কংগ্ৰেছ সভাপতিৰ নিৰ্বাচনত কোনে কোনে ভোট দিব বা ভোটাৰৰ সংখ্যা কিমান আদি তথ্য জনাবলৈ অপাৰগতা প্ৰকাশ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে। 

এআইচিচিয়ে ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰি কয়, 'ই এক আভ্যন্তৰীণ প্ৰক্ৰিয়া'। কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ভোটাৰ তালিকা ৰাজহুৱা কৰিবলৈ দলৰ বহু নেতাই জনোৱা দাবী নাকচ কৰি এআইচিচিয়ে কৈছে যে এইটো এটা "আভ্যন্তৰীণ প্ৰক্ৰিয়া" আৰু যিকোনো সদস্যই প্ৰদেশ কংগ্ৰেছ সমিতিৰ যিকোনো কাৰ্যালয়ৰ পৰা ইয়াৰ প্ৰতিলিপি লাভ কৰিব পাৰে। অহা সপ্তাহত ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোৰো যাত্ৰাৰ বাবে কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ কেৰালাত উপস্থিত হোৱা নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে যিকোনো দলৰ সদস্যই যিকোনো প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়ত ভোটাৰ তালিকাৰ প্ৰতিলিপি পৰীক্ষা কৰিব পাৰে।

 তেওঁ কয় " এইটো এটা আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু ৰাইজে চাব পৰাকৈ ভোটাৰ তালিকা প্ৰকাশ কৰিব পৰা নাযায়," ।বেণুগোপালে কেৰালাৰ আলাপুঝাত সাংবাদিকৰ সৈতে কথা পাতিছিল । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে কয় যে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচনী বিষয়া মধুসূদন মিস্ত্ৰীয়ে ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমক এক বিবৃতি দিছে।তেওঁ কয় " কংগ্ৰেছত ভোটাৰ তালিকা ৰজহুৱা কৰাৰ কোনো প্ৰথা নাই। আমি পুৰণি নীতিকেই অনুসৰণ কৰি যাম" ।

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত স্বচ্ছতা নিশ্চিত কৰিবলৈ দলটোৰ নেতা মনীষ তিৱাৰী, শশী থাৰুৰ আৰু কাৰ্তি চিদাম্বৰমে দলৰ ভোটাৰ তালিকা ৰাজহুৱা কৰাৰ দাবী জনাইছিল। 

উল্লেখ্য কংগ্ৰেছৰ এগৰাকী স্থায়ী সভাপতি নিৰ্বাচন কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি দলৰ ভিতৰতে দাবী উত্থাপন হৈ অহাৰ পিছতো গান্ধী পৰিয়ালে কংগ্ৰেছৰ শীৰ্ষ পদবীটো খামুচি ধৰি থকাত এজন নতুন সভাপতি নিৰ্বাচন কৰাটো সম্ভৱ হৈ উঠা নাছিল। নতুন সভাপতি নিৰ্বাচনৰ দাবীত কংগ্ৰেছৰ ২৩ গৰাকী শীৰ্ষ নেতাই আনকি ছোনিয়া গান্ধীলৈ পত্ৰ লিখিও বিমুখ হৈছিল। ফলত গুলাম নবী আজাদকে ধৰি বহু কেইগৰাকী নেতাই পদত্যাগৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল।


কংগ্ৰেছৰ এগৰাকী নতুন সভাপতি বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন কৰা হ’ব বুলি সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল।। কিন্তু শেষত নানান অজুহাতত সেই সিদ্ধান্ত বাস্তৱায়িত নহ'ল। ফলত দলৰ ভিতৰত ক্ষোভ আৰু বৃদ্ধি পাইছিল।অৱশেষত, কংগ্ৰেছে দলটোৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে। দলীয় সূত্ৰই প্ৰকাশ কৰা মতে ১৯ অক্টোবৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব । সেই দিনাই দেশৰ পুৰণি দলটোৱে নতুন সভাপতি বাছনি কৰিব।

শেহতীয়াকৈ নতুন দিল্লীত দলটোৰ শীৰ্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতে নিৰ্বাচনৰ দিন থিৰাং কৰা হয়। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ'ব।

মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।উল্লেখ্য কংগ্ৰেছে পূৰ্বে কৈছিল যে কিছুদিন আগলৈকে সভাপতি নিৰ্বাচনৰ বাবে "অশুভ সময়" আছিল। বহুতে ৰাহুল গান্ধীকেই পুনৰ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ বাবে এতিয়াও অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মল্লিকাৰ্জুন খাৰ্গেৰ দৰে দলৰ জ্যেষ্ঠ নেতা একাংশই ৰাহুল গান্ধীৰ হাততে কংগ্ৰেছৰ সভাপতিৰ পদ থকাটো বিচাৰি আহিছে। তেনে নেতাসকলৰ তৎপৰতাৰ বাবেই আন বহু নেতা অসন্তুষ্ট হৈ পৰা পৰিলক্ষিত হৈছে।

ইপিনে ৰাহুল গান্ধীয়ে কোনোপধ্যে দলৰ সভাপতি হ’বলৈ ইচ্ছা কৰা নাই। তেওঁ আনকি ইয়াকো কৈছে যে তেওঁৱেই নহয়, গান্ধী পৰিয়ালৰ কোনো লোকেই কংগ্ৰেছৰ সভাপতিৰ পদত বহিব নালাগে। ।

২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছিল। তেতিয়াৰে পৰা কংগ্ৰেছৰ কোনো স্থায়ী সভাপতি নাছিল। ছোনিয়া গান্ধীয়ে অন্তৱৰ্তীকালীন সভাপতি হিচাবে কাম চলাই গৈছিল। ফলত কংগ্ৰেছে নিজৰ ভিতৰতে আৰম্ভ হৈছিল বিসম্বাদ। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু