--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক দেশত এইবাৰ ইছলামিক সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে চীনৰ লোকসকল৷পাকিস্তানৰ পিছত তালিবান শাসিত আফগানিস্তানত জিহাদীয়ে চীনা নাগৰিকসকলক আক্ৰমণৰ  লক্ষ্য কৰি লৈছে। কাবুলৰ চীনা অতিথিশালাত  হঠাতে হোৱা বিস্ফোৰণৰ ফলত বহু লোক হতাহত হোৱাৰ খবৰ আহিছে।

 চীনা অতিথিশালাৰ বাহিৰত প্ৰচণ্ড গুলীবৰ্ষণো কৰে সন্ত্ৰাসবাদীয়ে৷  ইছলামিক  জেহাদী গোট আইছিছে  এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ সোমবাৰে নিশালৈকে আক্ৰমণকাৰীসকলে  তিনিজন লোকক আ্ৰমণ চলাই হত্যা কৰিছে৷ 


আফগানিস্তানত তালিবান ক্ষমতালৈ উভতি অহাৰ পিছত সেই দেশ খনত চীনা ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাইছে। যদিও তালিবান চৰকাৰৰে আন্তঃৰাষ্ট্ৰীয়    স্বীকৃতি লাভ কৰা নাই, তথাপি  চীনে দেশ খনত নিজৰ দেশৰ  দূতাবাস খুলিছে৷ ইয়াৰ মাজতে হঠাতে  আফগানিস্তানত চীনা নাগৰিকসকলক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাত চিন্তিত হৈ পৰিছে বেইজিং৷ 

কাবুলৰ লংগন হোতানত চীনা ব্যৱসায়ীসকল এতিয়া আতংকিত হৈ পৰিছে। শেহতীয়াকৈ হোৱা বিস্ফোৰণৰ ফলত আঠ মহলীয়া চীনা অতিশালাখন  কঁপি উঠে। আক্ৰমণকাৰীসকলৰ তিনিজন পিছত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ত  নিহত হয়।

ইপিনে  শেহতীয়াকৈ পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত  আত্মঘাতী আক্ৰমণত কনফুচিয়াছ ইনষ্টিটিউটৰ মুৰব্বী আৰু আন দুজন চীনৰ শিক্ষক নিহত হৈছে। এই ঘটনাৰ পিছতে বহু  চীনা লোকে  পাকিস্তান এৰি চীনলৈ পলায়ন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ