ডিজিটেল ডেস্কঃ ইছলামিক দেশত এইবাৰ ইছলামিক সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে চীনৰ লোকসকল৷পাকিস্তানৰ পিছত তালিবান শাসিত আফগানিস্তানত জিহাদীয়ে চীনা নাগৰিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। কাবুলৰ চীনা অতিথিশালাত হঠাতে হোৱা বিস্ফোৰণৰ ফলত বহু লোক হতাহত হোৱাৰ খবৰ আহিছে।
চীনা অতিথিশালাৰ বাহিৰত প্ৰচণ্ড গুলীবৰ্ষণো কৰে সন্ত্ৰাসবাদীয়ে৷ ইছলামিক জেহাদী গোট আইছিছে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷ সোমবাৰে নিশালৈকে আক্ৰমণকাৰীসকলে তিনিজন লোকক আ্ৰমণ চলাই হত্যা কৰিছে৷
আফগানিস্তানত তালিবান ক্ষমতালৈ উভতি অহাৰ পিছত সেই দেশ খনত চীনা ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পাইছে। যদিও তালিবান চৰকাৰৰে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা নাই, তথাপি চীনে দেশ খনত নিজৰ দেশৰ দূতাবাস খুলিছে৷ ইয়াৰ মাজতে হঠাতে আফগানিস্তানত চীনা নাগৰিকসকলক সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱাত চিন্তিত হৈ পৰিছে বেইজিং৷
কাবুলৰ লংগন হোতানত চীনা ব্যৱসায়ীসকল এতিয়া আতংকিত হৈ পৰিছে। শেহতীয়াকৈ হোৱা বিস্ফোৰণৰ ফলত আঠ মহলীয়া চীনা অতিশালাখন কঁপি উঠে। আক্ৰমণকাৰীসকলৰ তিনিজন পিছত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ত নিহত হয়।
ইপিনে শেহতীয়াকৈ পাকিস্তানৰ কৰাচী বিশ্ববিদ্যালয়ৰ চৌহদত আত্মঘাতী আক্ৰমণত কনফুচিয়াছ ইনষ্টিটিউটৰ মুৰব্বী আৰু আন দুজন চীনৰ শিক্ষক নিহত হৈছে। এই ঘটনাৰ পিছতে বহু চীনা লোকে পাকিস্তান এৰি চীনলৈ পলায়ন কৰিছে।