--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ দেশৰ নাম ভাৰত নে ইণ্ডিয়া হৈ থাকিব তাকে লৈ এতিয়া দেশত বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ইতিমধ্যে ৰাষ্ট্ৰপতিক প্ৰেছিডেণ্ট অব ইণ্ডিয়া বুলি কোৱাৰ সলনি ভাৰতৰ ৰাষ্ট্ৰপতি বুলিহে উল্লেখ্য কৰা হৈছে। এনে সময়তে কংগ্ৰেছৰ নেতা শশী থাৰুৰে কয় যে ভাৰতক 'ইণ্ডিয়া' বুলি কোৱাত কোনো সাংবিধানিক বাধা-নিষেধ নাই। 

 কিন্তু আশা কৰিছো  চৰকাৰ ইমান "মূৰ্খ" নহয়  যে "ইণ্ডিয়া"ক সম্পূৰ্ণৰূপে 'ভাৰত' বুলি নামাকৰণ কৰিব।কাৰণ ইণ্ডিয়া নামটোৰ  এক বৃহৎ "ব্ৰেণ্ড মূল্য" আছে। কংগ্ৰেছ সাংসদগৰাকীয়ে  লগতে দাবী কৰিছিল যে পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাই ইণ্ডিয়া নামটোত আপত্তি কৰিছিল ।কিয়নো ই বুজাইছিল যে "আমাৰ দেশ ব্ৰিটিছ ৰাজৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ আৰু পাকিস্তান এখন পৃথক ৰাষ্ট্ৰ"। এই কথা আঙুলিয়াই দি থাৰুৰে সেয়ে বিজেপিয়ে জিন্নাকেই সমৰ্থন কৰিছেবুলি ইংগিত দিছে।উল্লেখ্য  জি-২০ নৈশভোজৰ আমন্ত্ৰণ পত্ৰত  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক 'ভাৰতৰ ৰাষ্ট্ৰপতি' হিচাপে সম্বোধন কৰাক লৈ শেহতীয়াকৈ  ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হয়। 

বিৰোধীয়ে অভিযোগ কৰিছে যে চৰকাৰে দেশৰ  নাম কেৱল 'ভাৰত' কৰিব বিচাৰিছে। "ভাৰতক 'ইণ্ডিয়া' বুলি কোৱাত কোনো সাংবিধানিক আপত্তি নাই, যিটো দেশৰ দুটা চৰকাৰী নামৰ ভিতৰৰে এটা। 

এই প্ৰসংগতে থাৰুৰে কয়- "মই আশা কৰোঁ যে চৰকাৰে 'ইণ্ডিয়া ' নামটো সম্পূৰ্ণৰূপে আঁতৰ কৰিবলৈ  মূৰ্খ নহয়, যাৰ বহু শতাব্দী ধৰি এক বৃহৎ ব্ৰেণ্ড মূল্য আছে। আমি দুয়োটা শব্দ ব্যৱহাৰ কৰা উচিত। ''লক্ষ্যণীয়ভাবে  জি-২০ নৈশ ভোজৰ আমন্ত্ৰণ পত্ৰত  ৰাষ্ট্ৰপতিক "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "বুলি সম্বোধন কৰাৰ সলনি   "ভাৰতৰ ৰাষ্ট্ৰপতি" বুলিহে সম্বোধন কৰা হৈছে ৷ 

এই কথাই  বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া( ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুচিভ এলায়েন্স )ৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ ভয় আৰু ঘৃণাকেই সূচাইছে বুলি কংগ্ৰেছে অভিযোগ কৰিছে৷  এনে  ভয় আৰু ঘৃণাৰ বাবেই চৰকাৰে দেশৰ নামেই  সলনি কৰাত ব্যস্ত হৈ পৰিছে বুলি কংগ্ৰেছে মন্তব্য কৰিছে৷ কংগ্ৰেছে লহগতে  এইবুলিও  কৈছে যে বিৰোধী মিত্ৰজোঁটে এই "বিভাজনকাৰী" ৰাজনীতিক ওফৰাই পেলাবলৈ সক্ষম হ’ব৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ছ'চিয়েল নেটৱৰ্কিং ছাইট 'এক্স'ত  কৰা এটা পোষ্টত কয়, "এয়া  সঁচা। ৰাষ্ট্ৰপতি ভৱনে "প্ৰেছিডেণ্ট অব ইণ্ডিয়া "ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি'ৰ নামত  জি-২০ সন্মিলনৰ আমন্ত্ৰণ প্ৰেৰণ কৰিছে। ''

তেওঁ লগতে কয় "এতিয়া, সংবিধানৰ অনুচ্ছেদ ১-ত কোৱা হৈছে: "ইণ্ডিয়া , অৰ্থাৎ ভাৰত, ৰাজ্যসমূহৰ এক সংঘ হ'ব। কিন্তু এতিয়া এই 'ৰাজ্যৰ সংঘ'ও আক্ৰমণৰ সন্মুখীন হৈছে। ''








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস