--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ দায়িত্বতত থকা এছপিজিৰ মুৰব্বী অৰুণ কুমাৰ সিনহা আৰু নাই। বিশেষ সুৰক্ষা গোটৰ (এছপিজি) সঞ্চালক অৰুণ কুমাৰ সিনহাৰ বুধবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬১ বছৰ। 

তেওঁ ২০১৬ চনৰ পৰা এছপিজিৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও  প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল৷ তেওঁৰ কাৰ্যকাল  অলপতে বৃদ্ধি কৰা হৈছিল। ৬১ বছৰীয়া বিষয়াজনে যোৱা কেইমাহমান ধৰি যকৃত সম্পৰ্কীয় ৰোগৰ চিকিৎসা  কৰি আছিল। সিনহা ১৯৮৭ চনৰ কেৰালা কেডাৰৰ আইপিএছ আছিল ।

 এছপিজিৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে সিনহা কেৰালাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ সেৱা আৰু যান-বাহন) আছিল৷ চলিত বৰ্ষৰ ৩০ মে'ত এছপিজিৰ মুৰব্বী হিচাপে সিনহাৰ অৱসৰৰ দিন আছিল যদিও তাৰ  এদিন আগতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেবিনেটৰ নিযুক্তি সমিতিয়ে তেওঁৰ  এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধিত প্ৰস্তাৱত অনুমোদন জনাইছিল৷সিনহাৰ মৃত্যুত বহুতে শোক প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস