--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ দায়িত্বতত থকা এছপিজিৰ মুৰব্বী অৰুণ কুমাৰ সিনহা আৰু নাই। বিশেষ সুৰক্ষা গোটৰ (এছপিজি) সঞ্চালক অৰুণ কুমাৰ সিনহাৰ বুধবাৰে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬১ বছৰ। 

তেওঁ ২০১৬ চনৰ পৰা এছপিজিৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেইবাগৰাকীও  প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল৷ তেওঁৰ কাৰ্যকাল  অলপতে বৃদ্ধি কৰা হৈছিল। ৬১ বছৰীয়া বিষয়াজনে যোৱা কেইমাহমান ধৰি যকৃত সম্পৰ্কীয় ৰোগৰ চিকিৎসা  কৰি আছিল। সিনহা ১৯৮৭ চনৰ কেৰালা কেডাৰৰ আইপিএছ আছিল ।

 এছপিজিৰ মুৰব্বী হিচাপে নিযুক্ত হোৱাৰ পূৰ্বে সিনহা কেৰালাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ সেৱা আৰু যান-বাহন) আছিল৷ চলিত বৰ্ষৰ ৩০ মে'ত এছপিজিৰ মুৰব্বী হিচাপে সিনহাৰ অৱসৰৰ দিন আছিল যদিও তাৰ  এদিন আগতে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত কেবিনেটৰ নিযুক্তি সমিতিয়ে তেওঁৰ  এবছৰৰ বাবে কাৰ্যকাল বৃদ্ধিত প্ৰস্তাৱত অনুমোদন জনাইছিল৷সিনহাৰ মৃত্যুত বহুতে শোক প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান