--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে সোমবাৰে দাবী কৰিছে যে দেশৰ শক্তিশালী সামৰিক বাহিনীয়ে  তেওঁক দেশদ্ৰোহৰ অভিযোগত অহা ১০ বছৰৰ বাবে কাৰাগাৰত ৰখাৰ পৰিকল্পনা কৰিছে । খানে লগতে কয় যে  দেহত শেষ বিন্দু তেজ থকালৈকে তেওঁ এনে ষড়যন্ত্ৰৰ  বিৰুদ্ধে যুঁজ দি যাব। খানে ইয়াত কৰ্পছ কমাণ্ডাৰৰ ঘৰ জ্বলাই দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰৰ সন্দৰ্ভত নানান সন্দেহ ব্যক্ত কৰিছে।

 উল্লেখ্য খানক জামিন প্ৰদান কৰাৰ পিছতো দেশ খনত এতিয়াও  অস্থিৰতা বিৰাজ কৰি আছে। ইমৰান খানৰ গ্ৰেপ্তাৰৰ বিষয়টোকলৈ   দেশখনত গৃহযুদ্ধ সূচনা হোৱাৰ আশংকাই গা কৰি উঠিছিল। এনে পৰিস্থিতিত তেওঁৰ দল তেহৰিক-ই-ইনচাফক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও  প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।খানে সোমবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে, "প্ৰায় ৭,০০০ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে।আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক হিংসাৰ আঁৰত কোন আছে অনুসন্ধান নকৰাকৈ কাৰাগাৰলৈ লৈ যোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ চলি আছে।  ইয়াৰ মাজতে অপৰাধীসকলে আমাৰ নিৰাপত্তা সংস্থাসমূহৰ সহায়ত উচ্চতম ন্যায়ালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে। সংবিধান ধ্বংস কৰা হৈছে। এবাৰ এনে হোৱাৰ পিছত, আমি সুন্দৰ পাকিস্তানৰ সপোন দেখি থকটো শেষ হ'ব।"  

বিশ্লেষকসকলৰ মতে ইমৰান এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয়  আছিল। সেই সমীকৰণ সলনি হোৱাৰ লগে লগে , 'কেপ্টেইন' সেনাৰ ৰোষত  পৰিছে। তেওঁ বাৰে বাৰে ৰাজহুৱাভাৱে কৈ আহিছে  যে তেওঁক সেনাই উৎখাত কৰিছে। এইবাৰ তেওঁ ইংগিত দিছে যে  সেনাই তেওঁৰ দলক লক্ষ্য কৰি লৈছে।ইফালে, লাহোৰ উচ্চ ন্যায়ালয়ে আল-কাদিৰ ট্ৰাষ্ট গোচৰত ইমৰান খানৰ পত্নী বুশ্ৰা বিবিক জামিন প্ৰদান কৰিছে। 

আজি ইমৰান খানে  কেইবাটাও গোচৰৰ শুনানিৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়ত  হাজিৰ হয়। পিটিআই ৰ মুৰব্বীজনক আগতে তোশাখানা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। আল কাদাৰ ট্ৰাষ্ট গোচৰত  শুনানি সমাপ্ত হৈছে, কিন্তু ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৱে এতিয়ালৈকে কোনো ৰায় ঘোষণা কৰা নাই। পিটিআই নেতাজনৰ বিৰুদ্ধে মুঠ ১২১ টা গোচৰ ৰুজু কৰা হৈছে। ইমৰানৰ বিৰুদ্ধে বিশ্বাসঘাতকতা আৰু ধৰ্মক অপমান কৰাৰ পৰা আৰম্ভ কৰি হিংসা আৰু সন্ত্ৰাসবাদক উচটনি   দিয়ালৈকে বিভিন্ন অভিযোগ অনা  হৈছে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ