--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে সোমবাৰে দাবী কৰিছে যে দেশৰ শক্তিশালী সামৰিক বাহিনীয়ে  তেওঁক দেশদ্ৰোহৰ অভিযোগত অহা ১০ বছৰৰ বাবে কাৰাগাৰত ৰখাৰ পৰিকল্পনা কৰিছে । খানে লগতে কয় যে  দেহত শেষ বিন্দু তেজ থকালৈকে তেওঁ এনে ষড়যন্ত্ৰৰ  বিৰুদ্ধে যুঁজ দি যাব। খানে ইয়াত কৰ্পছ কমাণ্ডাৰৰ ঘৰ জ্বলাই দিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰৰ সন্দৰ্ভত নানান সন্দেহ ব্যক্ত কৰিছে।

 উল্লেখ্য খানক জামিন প্ৰদান কৰাৰ পিছতো দেশ খনত এতিয়াও  অস্থিৰতা বিৰাজ কৰি আছে। ইমৰান খানৰ গ্ৰেপ্তাৰৰ বিষয়টোকলৈ   দেশখনত গৃহযুদ্ধ সূচনা হোৱাৰ আশংকাই গা কৰি উঠিছিল। এনে পৰিস্থিতিত তেওঁৰ দল তেহৰিক-ই-ইনচাফক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলিও  প্ৰাক্তন পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।খানে সোমবাৰে তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে, "প্ৰায় ৭,০০০ পিটিআই সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে।আমাৰ সমৰ্থক, নেতৃত্ব আৰু মহিলাসকলক হিংসাৰ আঁৰত কোন আছে অনুসন্ধান নকৰাকৈ কাৰাগাৰলৈ লৈ যোৱা হৈছে। আমাৰ দলক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰ চলি আছে।  ইয়াৰ মাজতে অপৰাধীসকলে আমাৰ নিৰাপত্তা সংস্থাসমূহৰ সহায়ত উচ্চতম ন্যায়ালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে। সংবিধান ধ্বংস কৰা হৈছে। এবাৰ এনে হোৱাৰ পিছত, আমি সুন্দৰ পাকিস্তানৰ সপোন দেখি থকটো শেষ হ'ব।"  

বিশ্লেষকসকলৰ মতে ইমৰান এসময়ত পাকিস্তান সেনাৰ পোষ্টাৰ বয়  আছিল। সেই সমীকৰণ সলনি হোৱাৰ লগে লগে , 'কেপ্টেইন' সেনাৰ ৰোষত  পৰিছে। তেওঁ বাৰে বাৰে ৰাজহুৱাভাৱে কৈ আহিছে  যে তেওঁক সেনাই উৎখাত কৰিছে। এইবাৰ তেওঁ ইংগিত দিছে যে  সেনাই তেওঁৰ দলক লক্ষ্য কৰি লৈছে।ইফালে, লাহোৰ উচ্চ ন্যায়ালয়ে আল-কাদিৰ ট্ৰাষ্ট গোচৰত ইমৰান খানৰ পত্নী বুশ্ৰা বিবিক জামিন প্ৰদান কৰিছে। 

আজি ইমৰান খানে  কেইবাটাও গোচৰৰ শুনানিৰ বাবে লাহোৰ উচ্চ ন্যায়ালয়ত  হাজিৰ হয়। পিটিআই ৰ মুৰব্বীজনক আগতে তোশাখানা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। আল কাদাৰ ট্ৰাষ্ট গোচৰত  শুনানি সমাপ্ত হৈছে, কিন্তু ৰাষ্ট্ৰীয় দায়বদ্ধতা ব্যুৰোৱে এতিয়ালৈকে কোনো ৰায় ঘোষণা কৰা নাই। পিটিআই নেতাজনৰ বিৰুদ্ধে মুঠ ১২১ টা গোচৰ ৰুজু কৰা হৈছে। ইমৰানৰ বিৰুদ্ধে বিশ্বাসঘাতকতা আৰু ধৰ্মক অপমান কৰাৰ পৰা আৰম্ভ কৰি হিংসা আৰু সন্ত্ৰাসবাদক উচটনি   দিয়ালৈকে বিভিন্ন অভিযোগ অনা  হৈছে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস