--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী যুৱকৰ প্ৰেমত ভাৰত এৰি পাকিস্তানলৈ যোৱা অঞ্জু ঘূৰি আহিছে। বুধবাৰে ৱাঘা সীমান্ত হৈ ভাৰতলৈ উভতি আহে অঞ্জু।উল্লেখযোগ্য যে প্ৰায় ছমাহ পূৰ্বে ভাৰতৰ পৰা পাকিস্তানলৈ আহিছে অঞ্জু।অঞ্জুৱে পাকিস্তান পোৱাৰ পাছত পাকিস্তানী বন্ধু নছৰুল্লাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷

 ৩৪ বছৰীয়া অঞ্জুৱে জুলাই মাহত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ফেচবুকৰ বন্ধু নছৰুল্লাক সাক্ষাৎ কৰিবলৈ গৈছিল। পাছত পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰে যে অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত নছৰুল্লাক বিয়া কৰাইছে। ইয়াৰ লগতে অঞ্জুৱে নাম সলনি কৰি ফাতিমা কৰিছে। অঞ্জু পাকিস্তানত উপস্থিত হৈ বিয়া হোৱাৰ পাছত তেওঁৰ পাকিস্তানী স্বামী নছৰুলাই কয় যে অঞ্জু অহা ২০ আগষ্টত ভাৰতলৈ উভতি আহিব, তেতিয়া তেওঁৰ ভিছাৰ ম্যাদ উকলি যাব। অৱশ্যে মাত্ৰ এদিন পাছতে দুয়োৰে বিয়াৰ খবৰ ওলাল। আৰু আগষ্ট মাহত পাকিস্তানে অঞ্জুৰ ভিছা এবছৰৰ বাবে বৃদ্ধি কৰিছিল।

ইয়াৰ পৰৱৰ্তীসময়ত ছেপ্টেম্বৰ মাহত অঞ্জুৰ স্বামী নছৰুলাই কৈছিল যে অঞ্জু মানসিকভাৱে সন্তান হেৰুৱাই দুৰ্বল হৈ পৰিছে।লগতে নছৰুল্লাই অহা মাহত অঞ্জু ভাৰতলৈ উভতি আহিব বুলি উল্লেখ কৰে। 

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে ফোনযোগে কথা পাতি নছৰুলাই কয় যে অঞ্জুৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাটো তেওঁ নিবিচাৰে। তেওঁ ক’লে যে অঞ্জুৱে সন্তানক লগ কৰিবলৈ নিজৰ দেশলৈ যোৱাটোৱেই ভাল। পাকিস্তানত নথিপত্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি উভতি যাব বুলিও নছৰুল্লাই উল্লেখ কৰে ।

আগষ্ট মাহত বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে পেছাবৰত আছিল অঞ্জু আৰু নছৰুল। পিটিআইৰ তথ্য অনুসৰি তেওঁ পেছাৱৰত প্ৰয়াত দিলীপ কুমাৰ আৰু শ্বাহৰুখ খানৰ দৰে প্ৰবীণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতাৰ পূৰ্বপুৰুষৰ ঘৰ পৰিদৰ্শন কৰে। ছ’চিয়েল মিডিয়াত অঞ্জুৱে কয় যে পাকিস্তানলৈ অহাৰ আগতে মই নাজানিছিলো যে মই ইয়াত ইমান বিখ্যাত হ’ম।স্মৰ্তব্য যে পূৰ্বতে ৰাজস্থানৰ বাসিন্দা অৰবিন্দৰ সৈতে অঞ্জুৰ বিবাহ হৈছিল। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা আৰু ছবছৰীয়া ল’ৰা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে