--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী যুৱকৰ প্ৰেমত ভাৰত এৰি পাকিস্তানলৈ যোৱা অঞ্জু ঘূৰি আহিছে। বুধবাৰে ৱাঘা সীমান্ত হৈ ভাৰতলৈ উভতি আহে অঞ্জু।উল্লেখযোগ্য যে প্ৰায় ছমাহ পূৰ্বে ভাৰতৰ পৰা পাকিস্তানলৈ আহিছে অঞ্জু।অঞ্জুৱে পাকিস্তান পোৱাৰ পাছত পাকিস্তানী বন্ধু নছৰুল্লাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷

 ৩৪ বছৰীয়া অঞ্জুৱে জুলাই মাহত পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ফেচবুকৰ বন্ধু নছৰুল্লাক সাক্ষাৎ কৰিবলৈ গৈছিল। পাছত পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰে যে অঞ্জুৱে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত নছৰুল্লাক বিয়া কৰাইছে। ইয়াৰ লগতে অঞ্জুৱে নাম সলনি কৰি ফাতিমা কৰিছে। অঞ্জু পাকিস্তানত উপস্থিত হৈ বিয়া হোৱাৰ পাছত তেওঁৰ পাকিস্তানী স্বামী নছৰুলাই কয় যে অঞ্জু অহা ২০ আগষ্টত ভাৰতলৈ উভতি আহিব, তেতিয়া তেওঁৰ ভিছাৰ ম্যাদ উকলি যাব। অৱশ্যে মাত্ৰ এদিন পাছতে দুয়োৰে বিয়াৰ খবৰ ওলাল। আৰু আগষ্ট মাহত পাকিস্তানে অঞ্জুৰ ভিছা এবছৰৰ বাবে বৃদ্ধি কৰিছিল।

ইয়াৰ পৰৱৰ্তীসময়ত ছেপ্টেম্বৰ মাহত অঞ্জুৰ স্বামী নছৰুলাই কৈছিল যে অঞ্জু মানসিকভাৱে সন্তান হেৰুৱাই দুৰ্বল হৈ পৰিছে।লগতে নছৰুল্লাই অহা মাহত অঞ্জু ভাৰতলৈ উভতি আহিব বুলি উল্লেখ কৰে। 

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ সৈতে ফোনযোগে কথা পাতি নছৰুলাই কয় যে অঞ্জুৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাটো তেওঁ নিবিচাৰে। তেওঁ ক’লে যে অঞ্জুৱে সন্তানক লগ কৰিবলৈ নিজৰ দেশলৈ যোৱাটোৱেই ভাল। পাকিস্তানত নথিপত্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি উভতি যাব বুলিও নছৰুল্লাই উল্লেখ কৰে ।

আগষ্ট মাহত বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে পেছাবৰত আছিল অঞ্জু আৰু নছৰুল। পিটিআইৰ তথ্য অনুসৰি তেওঁ পেছাৱৰত প্ৰয়াত দিলীপ কুমাৰ আৰু শ্বাহৰুখ খানৰ দৰে প্ৰবীণ ভাৰতীয় চলচ্চিত্ৰ অভিনেতাৰ পূৰ্বপুৰুষৰ ঘৰ পৰিদৰ্শন কৰে। ছ’চিয়েল মিডিয়াত অঞ্জুৱে কয় যে পাকিস্তানলৈ অহাৰ আগতে মই নাজানিছিলো যে মই ইয়াত ইমান বিখ্যাত হ’ম।স্মৰ্তব্য যে পূৰ্বতে ৰাজস্থানৰ বাসিন্দা অৰবিন্দৰ সৈতে অঞ্জুৰ বিবাহ হৈছিল। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা আৰু ছবছৰীয়া ল’ৰা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক