--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদিও ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে কানাডাত পঢ়া-শুনা কৰাটো পছন্দ কৰে, কিন্তু ক’ৰ’নাৰ পিছত যি পৰিসংখ্যা ওলাইছে, সেই পৰিসংখ্যালৈ চালে স্পষ্ট হৈ পৰিছে যে এতিয়া কানাডা নহয়, আমেৰিকাহে ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম পছন্দ হৈ পৰিছে। Coronaৰ পিছত আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অভিলেখসংখ্যভাৱে বৃদ্ধি পাইছে।

Open Doors Report (ODR) অনুসৰি ২০২২-২৩ শিক্ষাবৰ্ষত ভাৰতৰ পৰা আমেৰিকালৈ যোৱা বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৫ শতাংশ বৃদ্ধি পাই ২৬৮,৯২৩ জন হৈছে। প্ৰতিবেদন অনুসৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে অধিক পঢ়া-শুনাৰ বাবে আমেৰিকালৈ যোৱাটো পছন্দ কৰিছে।

কাৰণ উচ্চ শিক্ষাৰ লগতে কেৰিয়াৰৰ সুবিধাও অধিক। অ’ডিআৰৰ তথ্য অনুসৰি আমেৰিকাৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬৩ শতাংশ বৃদ্ধি পাই ১৬৫,৯৩৬ জন হৈছে। তথ্য অনুসৰি যোৱা বছৰৰ তুলনাত প্ৰায় ৬৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধি পোৱা গৈছে। ভাৰতে চীনক অতিক্ৰম কৰি ২০০৯-১০ চনৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকালৈ আন্তঃৰাষ্ট্ৰীয় স্নাতক ছাত্ৰ-ছাত্ৰীৰ সৰ্ববৃহৎ উৎস হিচাপে পৰিগণিত হৈছে।

Open Doors ৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় স্নাতক ছাত্ৰ-ছাত্ৰীও ১৬ শতাংশ বৃদ্ধি পাইছে। আমেৰিকাত অধ্যয়ন কৰা ১০ লাখতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এক চতুৰ্থাংশতকৈ অধিক ভাৰতীয় ছাত্ৰ। প্ৰতিবেদন অনুসৰি, ভাৰতত থকা আমেৰিকাৰ দূতাবাস আৰু কনছুলেটসমূহে ২০২৩ চনৰ জুন- আগষ্টৰ মূল ছাত্ৰ ভিছা ছিজনত ছাত্ৰ ভিছা প্ৰদানৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে।

ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ আমেৰিকাত অধ্যয়নৰ ইচ্ছা দেখি আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে সুখ প্ৰকাশ কৰিছে। বিদেশত পঢ়াৰ সিদ্ধান্ত, আৰু আমেৰিকাৰ পছন্দই আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত ৰখা আস্থাক প্ৰতিনিধিত্ব কৰে বুলিও তেওঁ কয়।

গাৰ্চেট্টিয়ে কয়, ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল বিশ্বব্যাপী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সদায় সাজু। এয়া এক উৎকৃষ্ট দৃষ্টিভংগী। এইদৰে ভাৰত সদায় আগুৱাই যাব। আমি বিচাৰো যে সমান সংখ্যক মহিলাই আমেৰিকাত অধ্যয়ন কৰক আৰু অধিক আমেৰিকান ছাত্ৰ-ছাত্ৰী আহি ভাৰতে আগবঢ়োৱা অভিজ্ঞতা লাভ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক