--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতে ইচ্চা কৰিয়ে দক্ষিণ আফ্ৰিকাৰ স’তে হাৰিছে! পাকিস্তানক বিশ্বকাপৰ পৰা আঁতৰাবলৈকে ভাৰতৰ বেটাৰসকলে সোনকালেই আউট হৈ দিছে! এইধৰণৰ অভিযোগ শুনা গৈছে প্ৰাক্তন পাকিস্তানী তাৰকা ছোৱেইব আখটাৰৰ মুখত।

ভাৰতৰ পৰাজয়ত ক্ষোভত ফাটি পৰিছে আখটাৰ। তেওঁৰ মতে, ভাৰতৰ বেটাৰসকলে নিজেই উইকেট হেৰুৱাইছে।

উল্লেখ্য যে চলিত বিশ্বকাপত দেওবাৰে প্ৰথমবাৰৰ বাবে পৰাজয়বৰণ কৰে ভাৰতে। দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত বলিঙৰ সন্মুখত ব্যৰ্থ হয় ভাৰতৰ বেটছমেনসকল।

কিন্তু কিয় আখটাৰে এইদৰে ক্ষুব্ধ হৈছে। ইয়াৰ কাৰণ হৈছে পাকিস্তানে বিশ্বকাপৰ প্ৰথম দুয়োখন মেচত পৰাজীত হৈছিল। যাৰ ফলস্বৰূপে গ্ৰুপ ২ত পাকিস্তানৰ স্থানক লৈ চাপ বাঢ়ি গৈছে। গ্ৰুপৰ পৰা মাত্ৰ দুটা দল ছেমি ফাইনেলত উপনীত হ’ব। ইতিমধ্যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা অত্যন্ত সুবিধাজনক স্থানত আছে।

দেওবাৰৰ মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত জয়ী হোৱা হ’লে পইণ্ট তালিকাত গ্ৰুপৰ দ্বিতীয় স্থান পোৱাৰ সুযোগ আছিল পাকিস্তানৰ হাতত। কিন্তু ভাৰত হৰাৰ ফলত সেই সুযোগ হেৰুৱালে।

ভাৰত হৰাৰ পাছত পাকিস্তানে এতিয়া ছজনীয়া গ্ৰুপটোৰ পঞ্চম স্থানত আছে। পাকিস্তানৰ আগত আছে জিম্বাবুৱে আৰু বাংলাদেশ। ফলত গ্ৰুপ পৰ্যায়ৰ পৰাই পাকিস্তানে বিদায় লোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

সেইবাবেই ক্ষোভত ফাটি পৰিছে ছোৱেইব আখটাৰ। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মেচখন চলি থকা অৱস্থাতে এটা ভিডিঅ’ প’ষ্ট কৰি তেওঁ কয় যে পাকিস্তানৰ সকলো সুযোগ নষ্ট কৰি দিলে ভাৰতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক