--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতে ইচ্চা কৰিয়ে দক্ষিণ আফ্ৰিকাৰ স’তে হাৰিছে! পাকিস্তানক বিশ্বকাপৰ পৰা আঁতৰাবলৈকে ভাৰতৰ বেটাৰসকলে সোনকালেই আউট হৈ দিছে! এইধৰণৰ অভিযোগ শুনা গৈছে প্ৰাক্তন পাকিস্তানী তাৰকা ছোৱেইব আখটাৰৰ মুখত।

ভাৰতৰ পৰাজয়ত ক্ষোভত ফাটি পৰিছে আখটাৰ। তেওঁৰ মতে, ভাৰতৰ বেটাৰসকলে নিজেই উইকেট হেৰুৱাইছে।

উল্লেখ্য যে চলিত বিশ্বকাপত দেওবাৰে প্ৰথমবাৰৰ বাবে পৰাজয়বৰণ কৰে ভাৰতে। দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত বলিঙৰ সন্মুখত ব্যৰ্থ হয় ভাৰতৰ বেটছমেনসকল।

কিন্তু কিয় আখটাৰে এইদৰে ক্ষুব্ধ হৈছে। ইয়াৰ কাৰণ হৈছে পাকিস্তানে বিশ্বকাপৰ প্ৰথম দুয়োখন মেচত পৰাজীত হৈছিল। যাৰ ফলস্বৰূপে গ্ৰুপ ২ত পাকিস্তানৰ স্থানক লৈ চাপ বাঢ়ি গৈছে। গ্ৰুপৰ পৰা মাত্ৰ দুটা দল ছেমি ফাইনেলত উপনীত হ’ব। ইতিমধ্যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা অত্যন্ত সুবিধাজনক স্থানত আছে।

দেওবাৰৰ মেচখনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত জয়ী হোৱা হ’লে পইণ্ট তালিকাত গ্ৰুপৰ দ্বিতীয় স্থান পোৱাৰ সুযোগ আছিল পাকিস্তানৰ হাতত। কিন্তু ভাৰত হৰাৰ ফলত সেই সুযোগ হেৰুৱালে।

ভাৰত হৰাৰ পাছত পাকিস্তানে এতিয়া ছজনীয়া গ্ৰুপটোৰ পঞ্চম স্থানত আছে। পাকিস্তানৰ আগত আছে জিম্বাবুৱে আৰু বাংলাদেশ। ফলত গ্ৰুপ পৰ্যায়ৰ পৰাই পাকিস্তানে বিদায় লোৱাৰ আশংকাৰ সৃষ্টি হৈছে।

সেইবাবেই ক্ষোভত ফাটি পৰিছে ছোৱেইব আখটাৰ। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মেচখন চলি থকা অৱস্থাতে এটা ভিডিঅ’ প’ষ্ট কৰি তেওঁ কয় যে পাকিস্তানৰ সকলো সুযোগ নষ্ট কৰি দিলে ভাৰতে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু