--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়জন বেটাৰ হিচাপে পৰিগণিত হৈছে বিৰাট কোহলী। দক্ষিণ আফিকাৰ বিৰুদ্ধে কৰা ১২ ৰাণৰ সৰু ইনিংছটোৰ দ্বাৰা এই অভিলেখ গঢ়িবলৈ সক্ষম হয় তেওঁ।

কোহলীৰ পূৰ্বে শ্ৰীলংকাৰ মাহেলা জয়াবৰ্ধনে টি২০ বিশ্বকাপৰ ইতিহাসত ১০০০ ৰাণ কৰিবলৈ সক্ষম হৈছিল। কোহলীৰ আগলৈকে বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰাণসংগ্ৰহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল।

১০০০ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও বিৰাট কোহলীৰ নামত বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক অৰ্ধশতকৰ তালিকাটো শীৰ্ষত আছে। এতিয়ালৈকে তেওঁ বিশ্বকাপত ১২ টা অৰ্ধশতক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ব্যৰ্থ হ’লেও চলিত বিশ্বকাপত দুৰ্দান্ত ফৰ্মত আছে কোহলী। পাকিস্তানৰ বিৰুদ্ধে ৮২ আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে কৰিছে ৬২ ৰাণ।

বিশ্বকাপৰ বাদেও টি২০ ক্ৰিকেটত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহৰ তালিকাতো কোহলীয়ে শীৰ্ষত আছে। বৰ্তমানলৈকে তেওঁ ৩৮৬৮ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ পাছতে আছে ৰোহিত শৰ্মা।

কেৱল সেয়াই নহয়, ৩৬ টা অৰ্ধশতকেৰে টি২০ ক্ৰিকেটত সৰ্বাধিক অৰ্ধ শতক অৰ্জন কৰা বেটাৰৰ তালিকাতো কোহলী শীৰ্ষত আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক