--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূব লাডাখৰ গালোৱানত ভাৰতীয় সেনা আৰু চীনৰ মাজত সংঘৰ্ষ হোৱাৰ তিনি বছৰৰো অধিক সময় হ'ল। সেইদিনা কি হৈছিল? প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে তেওঁৰ স্মৃতিকথাত ইয়াৰ উল্লেখ কৰিছে। শেহতীয়াকৈ প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে হাতত কলম তুলি লৈছে আৰু লিখি গৈছে সেনা বাহিনীত থকাৰ সময়ত তেওঁ লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰ কথা। জানিব পৰা মতে প্ৰাক্তন সেনা প্ৰধানজনৰ কিতাপ 'ফোৰ ষ্টাৰ্ছ অৱ ডেষ্টিনি'-এ বৰ্তমান মুক্তিৰ ক্ষণ গণিছে। অৱশ্যে প্ৰকাশকক সেউজ সংকেত নিদিয়ালৈকে গ্ৰন্থ খনৰ কোনো অংশ ৰাজহুৱা নকৰিবলৈও কোৱা হৈছে।     

প্ৰাক্তন সেনা প্ৰধানজনে ৩১  আগষ্ট,২০১৯  ৰ নিশা পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হোৱা সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰিছে।   প্ৰাক্তন সেনা প্ৰধানজনে তেওঁৰ গ্ৰন্থ 'ফোৰ ষ্টাৰ্ছ অৱ ডেষ্টিনি'ত সেই নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা কথোপকথনৰ কথাও বিশেষভাবে উল্লেখ কৰিছে। গ্ৰন্থখনত ২০২০ চনত পূব লাডাখত চীনৰ সৈতে হোৱা সামৰিক সংঘৰ্ষৰ বিৱৰণ দিয়া হৈছে, যাৰ ভিতৰত আছে গালোৱান উপত্যকাৰ সংঘৰ্ষ আৰু অগ্নিপথৰ পৰিকল্পনা। গ্ৰন্থত কি আছে সেয়া জানিবলৈ এতিয়া বহুতেই আগ্ৰহ প্ৰকাশ কৰিছে। 

প্ৰাক্তন সেনা প্ৰধানজনে তেওঁৰ আত্মজীৱনীত লিখিছে যে ২০২০ চনৰ ১৫ জুনত চীনা সেনাই পূব লাডাখৰ গালোৱানত আক্ৰমণ কৰিছিল। সংঘৰ্ষটো তেতিয়া সংঘটিত হৈছিল যেতিয়া ভাৰতীয় সৈন্যসকলে চীনৰ সেনাৰ আগ্ৰাসন  প্ৰতিৰোধ কৰিছিল। সংঘৰ্ষৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। নাৰভানৰ  মতে "তেওঁ (ৰাজনাথ সিঙে) মোক কৈছিল যে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে। তেওঁ কৈছিল যে এয়া সেনাৰ সিদ্ধান্ত আছিল। তেওঁ মোক কৈছিল- আপুনি যি কৰা উচিত বুলি ভাবে সেয়া কৰক। মই জানিছিলো যে সকলো সিদ্ধান্ত এতিয়া মোৰ হাতত আছে। মই এটা দীঘল উশাহ লৈ পৰৱৰ্তী কেইমিনিটমান ৰৈ আছিলো। ' 

মন কৰিলোঁ যে ২০২০ চনৰ ১৫ জুনত ভাৰত আৰু চীনৰ সৈন্যসকল গালোৱান উপত্যকা অঞ্চলত এক ৰক্তক্ষয়ী সংঘৰ্ষত লিপ্ত হৈছিল। সেনাৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ অতি কম সময়ৰ ভিতৰতে লাডাখ সীমান্তত বৃহৎ সংখ্যক সৈন্য উপস্থিত হৈছিল। বায়ু সেনাৰ পৰিবহন ব্যৱস্থা সৈনিক আৰু বৃহৎ সংখ্যক অস্ত্ৰ দূৰৱৰ্তী অঞ্চললৈ পৰিবহন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আইএএফৰ এছইউ-৩০ এমকেআই আৰু জাগুৱাৰ যুঁজাৰু বিমানসমূহো মোতায়েন কৰা হৈছিল। যুদ্ধ বিমানে সীমান্ত অঞ্চলৰ সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।    


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু