--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূব লাডাখৰ গালোৱানত ভাৰতীয় সেনা আৰু চীনৰ মাজত সংঘৰ্ষ হোৱাৰ তিনি বছৰৰো অধিক সময় হ'ল। সেইদিনা কি হৈছিল? প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে তেওঁৰ স্মৃতিকথাত ইয়াৰ উল্লেখ কৰিছে। শেহতীয়াকৈ প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে হাতত কলম তুলি লৈছে আৰু লিখি গৈছে সেনা বাহিনীত থকাৰ সময়ত তেওঁ লাভ কৰা বিচিত্ৰ অভিজ্ঞতাৰ কথা। জানিব পৰা মতে প্ৰাক্তন সেনা প্ৰধানজনৰ কিতাপ 'ফোৰ ষ্টাৰ্ছ অৱ ডেষ্টিনি'-এ বৰ্তমান মুক্তিৰ ক্ষণ গণিছে। অৱশ্যে প্ৰকাশকক সেউজ সংকেত নিদিয়ালৈকে গ্ৰন্থ খনৰ কোনো অংশ ৰাজহুৱা নকৰিবলৈও কোৱা হৈছে।     

প্ৰাক্তন সেনা প্ৰধানজনে ৩১  আগষ্ট,২০১৯  ৰ নিশা পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হোৱা সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰিছে।   প্ৰাক্তন সেনা প্ৰধানজনে তেওঁৰ গ্ৰন্থ 'ফোৰ ষ্টাৰ্ছ অৱ ডেষ্টিনি'ত সেই নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা কথোপকথনৰ কথাও বিশেষভাবে উল্লেখ কৰিছে। গ্ৰন্থখনত ২০২০ চনত পূব লাডাখত চীনৰ সৈতে হোৱা সামৰিক সংঘৰ্ষৰ বিৱৰণ দিয়া হৈছে, যাৰ ভিতৰত আছে গালোৱান উপত্যকাৰ সংঘৰ্ষ আৰু অগ্নিপথৰ পৰিকল্পনা। গ্ৰন্থত কি আছে সেয়া জানিবলৈ এতিয়া বহুতেই আগ্ৰহ প্ৰকাশ কৰিছে। 

প্ৰাক্তন সেনা প্ৰধানজনে তেওঁৰ আত্মজীৱনীত লিখিছে যে ২০২০ চনৰ ১৫ জুনত চীনা সেনাই পূব লাডাখৰ গালোৱানত আক্ৰমণ কৰিছিল। সংঘৰ্ষটো তেতিয়া সংঘটিত হৈছিল যেতিয়া ভাৰতীয় সৈন্যসকলে চীনৰ সেনাৰ আগ্ৰাসন  প্ৰতিৰোধ কৰিছিল। সংঘৰ্ষৰ ফলত দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। নাৰভানৰ  মতে "তেওঁ (ৰাজনাথ সিঙে) মোক কৈছিল যে তেওঁ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে। তেওঁ কৈছিল যে এয়া সেনাৰ সিদ্ধান্ত আছিল। তেওঁ মোক কৈছিল- আপুনি যি কৰা উচিত বুলি ভাবে সেয়া কৰক। মই জানিছিলো যে সকলো সিদ্ধান্ত এতিয়া মোৰ হাতত আছে। মই এটা দীঘল উশাহ লৈ পৰৱৰ্তী কেইমিনিটমান ৰৈ আছিলো। ' 

মন কৰিলোঁ যে ২০২০ চনৰ ১৫ জুনত ভাৰত আৰু চীনৰ সৈন্যসকল গালোৱান উপত্যকা অঞ্চলত এক ৰক্তক্ষয়ী সংঘৰ্ষত লিপ্ত হৈছিল। সেনাৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ অতি কম সময়ৰ ভিতৰতে লাডাখ সীমান্তত বৃহৎ সংখ্যক সৈন্য উপস্থিত হৈছিল। বায়ু সেনাৰ পৰিবহন ব্যৱস্থা সৈনিক আৰু বৃহৎ সংখ্যক অস্ত্ৰ দূৰৱৰ্তী অঞ্চললৈ পৰিবহন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আইএএফৰ এছইউ-৩০ এমকেআই আৰু জাগুৱাৰ যুঁজাৰু বিমানসমূহো মোতায়েন কৰা হৈছিল। যুদ্ধ বিমানে সীমান্ত অঞ্চলৰ সকলো কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল।    


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement