--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহা বিপদত পৰিছে বলীউডৰ মিৰ্চি গাৰ্ল ৰাখী সাৱন্ত ।  হয়তো তেওঁক গ্ৰেপ্তাৰো  কৰা হ'ব পাৰে।  ৰাখীৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীয়ে এটা গোপন ভিডিঅ' লিক কৰা বুলি গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত   উচ্চতম ন্যায়ালয়ে ৰাখীক চাৰি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, ৰাখীৰ জামিন আবেদনৰ শুনানি তেওঁৰ আত্মসমৰ্পণৰ পিছতহে গ্ৰহণ  কৰা হ'ব।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাখীৰ প্ৰাক্তন স্বামী আদিলে তেওঁৰ ছ'চিয়েল মিডিয়াত লিখিছে, "মই আজি অত্যন্ত সুখী। উচ্চতম ন্যায়ালয়ে ৰাখীৰ জামিন আবেদন নাকচ কৰিছে। ৰাখীক চাৰি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছে। এতিয়া ৰাখীয়ে  আত্মসমৰ্পণ কৰক,  নহলে তেওঁ   গ্ৰেপ্তাৰ হ'ব।"   কেৱল সেয়াই নহয়  আদিলে দাবী কৰিছে  যে ৰাখী ডুবাইলৈ পলাই গৈছে । 

তেওঁ বিদেশৰ মাটিত আত্মগোপন  কৰিছে। ৰাখী সাৱন্তে যোৱা বছৰৰ জুলাই মাহত আদিলৰ সৈতে বিবাহপাশত  আবদ্ধ হৈছিল। ৰাখীয়ে আদিলৰ সৈতেবিয়াত বহিবলৈ  ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল। কিন্তু বছৰটো শেষ  হোৱাৰ আগতে আদিল আৰু ৰাখীৰ সম্পৰ্কত ফাঁট মেলে।  সংবাদমাধ্যমৰ সন্মুখত ৰাখীয়ে আদিলৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিছিল।ৰাখীয়ে অভিযোগ কৰিছিল যে আদিলে ভায়াগ্ৰা গ্ৰহণ কৰিছিল। আৰক্ষীয়েও ঔষধটো বিচাৰি পাইছিল। ৰাখীয়ে অভিযোগ কৰিছিল যে তেওঁ   আদিলৰ বিকৃত কামনাৰ ভুক্তভোগী হৈছিল। ৰাখীয়ে কৈছিল যে আদিলৰ ওচৰত তাইৰ বহু  নগ্ন ভিডিঅ' আছে।আদিলে  নগ্ন ভিডিঅ' বিক্ৰী কৰিছিল বুলিও ৰাখীয়ে কৈছিল। 

ইয়াৰ পূৰ্বে আদিলে কৈছিল, "ৰাখীৰ দৰে মহিলাৰ সৈতে কথা পতাটোও বিপজ্জনক।  আদিলে অভিযোগ কৰিছিল যে ৰাখীয়ে তেওঁৰ পূৰ্বৰ স্বামী ৰীতেশ সিঙক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে তেওঁৰ সৈতে বিয়াত বহিছিল।  অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে তেওঁ আদিলতকৈ সাত বছৰ ডাঙৰ। কিন্তু আদিলে দাবী কৰে যে তেওঁ ৰাখীতকৈ ১৯ বছৰ সৰু। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ