--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহা বিপদত পৰিছে বলীউডৰ মিৰ্চি গাৰ্ল ৰাখী সাৱন্ত ।  হয়তো তেওঁক গ্ৰেপ্তাৰো  কৰা হ'ব পাৰে।  ৰাখীৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন স্বামী আদিল খান দুৰানীয়ে এটা গোপন ভিডিঅ' লিক কৰা বুলি গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিত   উচ্চতম ন্যায়ালয়ে ৰাখীক চাৰি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে।

 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, ৰাখীৰ জামিন আবেদনৰ শুনানি তেওঁৰ আত্মসমৰ্পণৰ পিছতহে গ্ৰহণ  কৰা হ'ব।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাখীৰ প্ৰাক্তন স্বামী আদিলে তেওঁৰ ছ'চিয়েল মিডিয়াত লিখিছে, "মই আজি অত্যন্ত সুখী। উচ্চতম ন্যায়ালয়ে ৰাখীৰ জামিন আবেদন নাকচ কৰিছে। ৰাখীক চাৰি সপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছে। এতিয়া ৰাখীয়ে  আত্মসমৰ্পণ কৰক,  নহলে তেওঁ   গ্ৰেপ্তাৰ হ'ব।"   কেৱল সেয়াই নহয়  আদিলে দাবী কৰিছে  যে ৰাখী ডুবাইলৈ পলাই গৈছে । 

তেওঁ বিদেশৰ মাটিত আত্মগোপন  কৰিছে। ৰাখী সাৱন্তে যোৱা বছৰৰ জুলাই মাহত আদিলৰ সৈতে বিবাহপাশত  আবদ্ধ হৈছিল। ৰাখীয়ে আদিলৰ সৈতেবিয়াত বহিবলৈ  ইছলাম ধৰ্মও গ্ৰহণ কৰিছিল। কিন্তু বছৰটো শেষ  হোৱাৰ আগতে আদিল আৰু ৰাখীৰ সম্পৰ্কত ফাঁট মেলে।  সংবাদমাধ্যমৰ সন্মুখত ৰাখীয়ে আদিলৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰিছিল।ৰাখীয়ে অভিযোগ কৰিছিল যে আদিলে ভায়াগ্ৰা গ্ৰহণ কৰিছিল। আৰক্ষীয়েও ঔষধটো বিচাৰি পাইছিল। ৰাখীয়ে অভিযোগ কৰিছিল যে তেওঁ   আদিলৰ বিকৃত কামনাৰ ভুক্তভোগী হৈছিল। ৰাখীয়ে কৈছিল যে আদিলৰ ওচৰত তাইৰ বহু  নগ্ন ভিডিঅ' আছে।আদিলে  নগ্ন ভিডিঅ' বিক্ৰী কৰিছিল বুলিও ৰাখীয়ে কৈছিল। 

ইয়াৰ পূৰ্বে আদিলে কৈছিল, "ৰাখীৰ দৰে মহিলাৰ সৈতে কথা পতাটোও বিপজ্জনক।  আদিলে অভিযোগ কৰিছিল যে ৰাখীয়ে তেওঁৰ পূৰ্বৰ স্বামী ৰীতেশ সিঙক বিবাহ বিচ্ছেদ নিদিয়াকৈয়ে তেওঁৰ সৈতে বিয়াত বহিছিল।  অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে তেওঁ আদিলতকৈ সাত বছৰ ডাঙৰ। কিন্তু আদিলে দাবী কৰে যে তেওঁ ৰাখীতকৈ ১৯ বছৰ সৰু। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু