--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাদ্যৰ মাজত পানী খোৱাটো বহুতৰে অভ্যাস। যদি খাদ্য খোৱাৰ পাছত পানী খায় তেন্তে খাদ্য হজম হোৱাত পলম হয়। পাকস্থলীত উৎপন্ন হোৱা এচিডে হজম ক্ষীপ্ৰ কৰে। প্ৰতিটো আহাৰ খোৱাৰ লগে লগে পানী খোৱাৰ ফলত সেই এচিডৰ ঘনত্ব কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে। ফলত খাদ্য হজম হ’বলৈ বেছি সময় লাগে। গতিকে বহুতে খোৱাৰ আগতে বা খোৱাৰ কিছু সময়ৰ পাছতহে পানী খায়।

১৯৯৯ চনৰ পৰা মেয়’ ক্লিনিকৰ সৈতে কাম কৰি আছে ডাঃ মাইকেল পিকো। ডাঃ পিকো ইউ এছ কলেজ অব মেডিচিনৰ মেয়’ ক্লিনিকৰ চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক আৰু ফ্ল’ৰিডাৰ মেয়’ ক্লিনিকৰ পৰামৰ্শদাতা গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ এই ধাৰণাটোৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে, পানীয়ে পাচন এচিড পাতল নকৰে বা হজম কৰাত অসুবিধা নকৰে। ইয়াৰ বিপৰীতে খাদ্য খোৱাৰ সময়ত বা খোৱাৰ পাছত পানী খালে হজম কাৰ্যত সহায়ক হয়।

সুস্বাস্থ্যৰ বাবে পানী অতি প্ৰয়োজনীয়। পানী আৰু অন্যান্য পানীয়ই খাদ্য ভাঙি পেলোৱাত সহায় কৰে, গতিকে আপোনাৰ শৰীৰে খাদ্যৰ পৰা পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিব পাৰে। পানীয়ে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে। অৱশ্যে চেনিযুক্ত পানীয় সেৱন নকৰাটো ভাল। চেনিযুক্ত পানীয়ৰ পৰিৱৰ্তে পাৰিলে সাধাৰণ পানী বাছি লওক।

কিন্তু খাদ্য খোৱাৰ আগতে কিছু সময়ৰ আগতে এগিলাচ পানী সেৱন কৰা ভাল। ই শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ এই প্ৰৱণতা শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। কাৰণ বেছিভাগ ল’ৰা-ছোৱালীয়ে ভালদৰে খাদ্য চোবাই নাখায়। খাদ্যৰ মাজত অজুহাত হিচাপে পানী খায়। বেছিভাগ অভিভাৱকে ভাবে যে খাদ্য খোৱাৰ সময়ত পানী খালে শিশুৰ শৰীৰত উপযুক্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাপায়। পুষ্টিবিদসকলৰ মতে খাদ্যৰ মাজত পানী খোৱাটো একেবাৰেই অস্বাস্থ্যকৰ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু