--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাদ্যৰ মাজত পানী খোৱাটো বহুতৰে অভ্যাস। যদি খাদ্য খোৱাৰ পাছত পানী খায় তেন্তে খাদ্য হজম হোৱাত পলম হয়। পাকস্থলীত উৎপন্ন হোৱা এচিডে হজম ক্ষীপ্ৰ কৰে। প্ৰতিটো আহাৰ খোৱাৰ লগে লগে পানী খোৱাৰ ফলত সেই এচিডৰ ঘনত্ব কিছু পৰিমাণে হ্ৰাস পাবলৈ ধৰে। ফলত খাদ্য হজম হ’বলৈ বেছি সময় লাগে। গতিকে বহুতে খোৱাৰ আগতে বা খোৱাৰ কিছু সময়ৰ পাছতহে পানী খায়।

১৯৯৯ চনৰ পৰা মেয়’ ক্লিনিকৰ সৈতে কাম কৰি আছে ডাঃ মাইকেল পিকো। ডাঃ পিকো ইউ এছ কলেজ অব মেডিচিনৰ মেয়’ ক্লিনিকৰ চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক আৰু ফ্ল’ৰিডাৰ মেয়’ ক্লিনিকৰ পৰামৰ্শদাতা গেষ্ট্ৰ’এণ্টেৰ’লজিষ্ট। তেওঁ এই ধাৰণাটোৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে, পানীয়ে পাচন এচিড পাতল নকৰে বা হজম কৰাত অসুবিধা নকৰে। ইয়াৰ বিপৰীতে খাদ্য খোৱাৰ সময়ত বা খোৱাৰ পাছত পানী খালে হজম কাৰ্যত সহায়ক হয়।

সুস্বাস্থ্যৰ বাবে পানী অতি প্ৰয়োজনীয়। পানী আৰু অন্যান্য পানীয়ই খাদ্য ভাঙি পেলোৱাত সহায় কৰে, গতিকে আপোনাৰ শৰীৰে খাদ্যৰ পৰা পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিব পাৰে। পানীয়ে কোষ্ঠকাঠিন্য ৰোধ কৰাত সহায় কৰে। অৱশ্যে চেনিযুক্ত পানীয় সেৱন নকৰাটো ভাল। চেনিযুক্ত পানীয়ৰ পৰিৱৰ্তে পাৰিলে সাধাৰণ পানী বাছি লওক।

কিন্তু খাদ্য খোৱাৰ আগতে কিছু সময়ৰ আগতে এগিলাচ পানী সেৱন কৰা ভাল। ই শৰীৰৰ হজম শক্তি বৃদ্ধি কৰে। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ এই প্ৰৱণতা শিশুৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। কাৰণ বেছিভাগ ল’ৰা-ছোৱালীয়ে ভালদৰে খাদ্য চোবাই নাখায়। খাদ্যৰ মাজত অজুহাত হিচাপে পানী খায়। বেছিভাগ অভিভাৱকে ভাবে যে খাদ্য খোৱাৰ সময়ত পানী খালে শিশুৰ শৰীৰত উপযুক্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাপায়। পুষ্টিবিদসকলৰ মতে খাদ্যৰ মাজত পানী খোৱাটো একেবাৰেই অস্বাস্থ্যকৰ নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ