--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি দৈনিক কিমান পৰিমাণৰ পানী খাই? যদি আপুনি কমকৈ পানী খায় আজিয়ে পানী খোৱাৰ আভ্যাস গঢ়ি তোলক৷ সহজ লভ্য খোৱাপানীয়ে আপোনাৰ বহুৰোগৰ উপশম কৰিব পাৰে৷পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰি আপুনিও বহু ৰোগৰ পৰা মুক্ত হ’ব পাৰে৷শেহতীয়া কৈ ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া ছান ফ্ৰান্সিস্কোৰ গৱেষকসকলে খোৱা পানীৰ উপকাৰিতা সন্দৰ্ভত ১৮টা গৱেষণাৰ পৰ্যালোচনাত দৈনিক আঠ কাপ পানী খোৱাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে শৰীৰ ওজন হ্ৰাস কৰাতো সহায়ক হয় বুলি তথ্য প্ৰকাশ কৰিছে। এই অধ্যয়নত মাইগ্ৰেইন, প্ৰস্ৰাৱৰ সংক্ৰমণ, ডায়েবেটিছ, আৰু নিম্ন ৰক্তচাপৰ বাবেও সম্ভাৱ্য উপকাৰৰ সন্দৰ্ভত প্ৰকাশ কৰে যদিও এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

খোৱা পানীৰ উপকাৰিতা সন্দৰ্ভত কৰা গৱেষণাত গৱেষক সকলে কয় যে দিনটোত আঠ কাপ পানী খোৱাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় আৰু তেওঁলোকে লগতে কয় যে কেইবাটাও গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে দিনটোত প্ৰায় ছয় কাপ পানী খোৱাৰ ফলত প্ৰাপ্তবয়স্কসকলৰ ওজন কম কৰাত সহায় কৰে। কিশোৰ-কিশোৰীসকলক লৈ কৰা এক অধ্যয়নত দেখা গৈছে যে দিনটোত আঠ কাপতকৈ অলপ বেছি পানী খোৱাৰ কোনো প্ৰভাৱ নপৰে।যদিও বৈজ্ঞানিক প্ৰমাণ তথা  গুণগত মান আৰু পৰিমাণ সীমিত হোৱাৰ পিছতো লেখকসকলে জাৰ্নেল অৱ দ্য আমেৰিকান মেডিকেল এছ’চিয়েশ্যন (জামা) নেটৱৰ্ক অ’পেনত প্ৰকাশিত অধ্যয়নত ডায়েবেটিছ আৰু হাইপ’ৰটেনচন (নিম্ন ৰক্তচাপ) ৰোগত আক্ৰান্ত হোৱা সকলৰ বাবে পানীৰ উপকাৰিতাৰ বিষয়ত সম্ভাৱনীয়তা প্ৰকাশ কৰে৷ 

ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ছান ফ্ৰান্সিস্কোৰ ইউৰ'লজী বিভাগৰ অধ্যক্ষ বেঞ্জামিন ব্ৰেয়াৰে কয় যে এই বিষয়ত গৱেষণা সীমিত হৈ আছে, কিন্তু কিছুমান ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে উল্লেখযোগ্য সুবিধা পোৱা গৈছে৷ ক্লিনিকেল ফলাফলৰ ওপৰত পানী সেৱনৰ সুফলৰ ব্যাপক মূল্যায়ন কৰা এইটোৱেই প্ৰথম অধ্যয়ন।

ব্ৰেয়াৰে লগতে কয়, মেদবহুলতা হ্ৰাস কৰিবৰ বাবে খাদ্য খোৱাৰ আগতে পানী খোৱাটো এটা সহজ আৰু কম খৰচী উপায় বুলি উল্লেখ কৰিছে৷ প্ৰাপ্তবয়স্কসকলে তিনিমাহৰো অধিক উল্লেখিত পৰিমাণৰ পানী খোৱাৰ পিছত মূৰৰ বিষৰ পৰা উপশম পাব পাৰে বুলি কয়৷লগতে গ্লুক’জৰ মাত্ৰা বৃদ্ধি পালে দিনটোত অতিৰিক্ত ছয় কাপ পানী খালে সময়ৰ লগে লগে ৰক্তচাপ হ্ৰাস পায় বুলি গৱেষকসকলে সদৰি কৰে৷ আৱশ্যে গৱেষকসকলে উল্লেখ কৰিছে যে পানী খোৱাৰ ক্ষেত্ৰত কোনো একক বা আকাৰৰ পদ্ধতি নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ