--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি দৈনিক কিমান পৰিমাণৰ পানী খাই? যদি আপুনি কমকৈ পানী খায় আজিয়ে পানী খোৱাৰ আভ্যাস গঢ়ি তোলক৷ সহজ লভ্য খোৱাপানীয়ে আপোনাৰ বহুৰোগৰ উপশম কৰিব পাৰে৷পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন কৰি আপুনিও বহু ৰোগৰ পৰা মুক্ত হ’ব পাৰে৷শেহতীয়া কৈ ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া ছান ফ্ৰান্সিস্কোৰ গৱেষকসকলে খোৱা পানীৰ উপকাৰিতা সন্দৰ্ভত ১৮টা গৱেষণাৰ পৰ্যালোচনাত দৈনিক আঠ কাপ পানী খোৱাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ লগতে শৰীৰ ওজন হ্ৰাস কৰাতো সহায়ক হয় বুলি তথ্য প্ৰকাশ কৰিছে। এই অধ্যয়নত মাইগ্ৰেইন, প্ৰস্ৰাৱৰ সংক্ৰমণ, ডায়েবেটিছ, আৰু নিম্ন ৰক্তচাপৰ বাবেও সম্ভাৱ্য উপকাৰৰ সন্দৰ্ভত প্ৰকাশ কৰে যদিও এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰে।

খোৱা পানীৰ উপকাৰিতা সন্দৰ্ভত কৰা গৱেষণাত গৱেষক সকলে কয় যে দিনটোত আঠ কাপ পানী খোৱাৰ ফলত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় আৰু তেওঁলোকে লগতে কয় যে কেইবাটাও গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে দিনটোত প্ৰায় ছয় কাপ পানী খোৱাৰ ফলত প্ৰাপ্তবয়স্কসকলৰ ওজন কম কৰাত সহায় কৰে। কিশোৰ-কিশোৰীসকলক লৈ কৰা এক অধ্যয়নত দেখা গৈছে যে দিনটোত আঠ কাপতকৈ অলপ বেছি পানী খোৱাৰ কোনো প্ৰভাৱ নপৰে।যদিও বৈজ্ঞানিক প্ৰমাণ তথা  গুণগত মান আৰু পৰিমাণ সীমিত হোৱাৰ পিছতো লেখকসকলে জাৰ্নেল অৱ দ্য আমেৰিকান মেডিকেল এছ’চিয়েশ্যন (জামা) নেটৱৰ্ক অ’পেনত প্ৰকাশিত অধ্যয়নত ডায়েবেটিছ আৰু হাইপ’ৰটেনচন (নিম্ন ৰক্তচাপ) ৰোগত আক্ৰান্ত হোৱা সকলৰ বাবে পানীৰ উপকাৰিতাৰ বিষয়ত সম্ভাৱনীয়তা প্ৰকাশ কৰে৷ 

ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ছান ফ্ৰান্সিস্কোৰ ইউৰ'লজী বিভাগৰ অধ্যক্ষ বেঞ্জামিন ব্ৰেয়াৰে কয় যে এই বিষয়ত গৱেষণা সীমিত হৈ আছে, কিন্তু কিছুমান ক্ষেত্ৰত পৰিসংখ্যাগতভাৱে উল্লেখযোগ্য সুবিধা পোৱা গৈছে৷ ক্লিনিকেল ফলাফলৰ ওপৰত পানী সেৱনৰ সুফলৰ ব্যাপক মূল্যায়ন কৰা এইটোৱেই প্ৰথম অধ্যয়ন।

ব্ৰেয়াৰে লগতে কয়, মেদবহুলতা হ্ৰাস কৰিবৰ বাবে খাদ্য খোৱাৰ আগতে পানী খোৱাটো এটা সহজ আৰু কম খৰচী উপায় বুলি উল্লেখ কৰিছে৷ প্ৰাপ্তবয়স্কসকলে তিনিমাহৰো অধিক উল্লেখিত পৰিমাণৰ পানী খোৱাৰ পিছত মূৰৰ বিষৰ পৰা উপশম পাব পাৰে বুলি কয়৷লগতে গ্লুক’জৰ মাত্ৰা বৃদ্ধি পালে দিনটোত অতিৰিক্ত ছয় কাপ পানী খালে সময়ৰ লগে লগে ৰক্তচাপ হ্ৰাস পায় বুলি গৱেষকসকলে সদৰি কৰে৷ আৱশ্যে গৱেষকসকলে উল্লেখ কৰিছে যে পানী খোৱাৰ ক্ষেত্ৰত কোনো একক বা আকাৰৰ পদ্ধতি নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক