--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ পঞ্জাৱ কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুয়ে এখন সংবাদমেল সম্বোধন কৰি তেওঁৰ পত্নী নৱজোত কৌৰ সিদ্ধুৱে আয়ুৰ্বেদিক পদ্ধতিৰে কেন্সাৰ চিকিৎসা কৰি ৪০ দিনৰ ভিতৰত সুস্থ হৈ উঠিছিল বুলি দাবী কৰি তেওঁ নেমু পানী, কেঁচা হালধি আৰু দালচেনি সেৱন কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁৰ এনে বক্তব্যই কৰ্কট ৰোগীক বিপথে পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছত্তীশগড় অসামৰিক সমাজৰ।

ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ সোলংকিয়ে এই সন্দৰ্ভত কয় যে নৱজোত সিং সিদ্ধুৱে তেওঁৰ পত্নী নৱজোত কৌৰ সিদ্ধুক চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগৰ পৰা ৪০ দিনত আৰোগ্য লাভ কৰাৰ দাবী কৰিছে। এই দাবীয়ে কৰ্কট ৰোগীক বিপথে পৰিচালিত কৰিছে। যাৰ বাবে এলোপেথিক ঔষধৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে। 

ডাঃ সোলংকিয়ে সাত দিনৰ ভিতৰত চিকিৎসাৰ নথি-পত্ৰ দাখিল কৰি ক্ষমা খুজিবলৈ দাবী জনাই আইনী জাননী প্ৰেৰণ কৰিছে। যদি তেনে নকৰে তেন্তে ৮৫০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰা হ’ব বুলি জনাইছে।

সিদ্ধুৱে কিছু দিনৰ পূৰ্বে প্ৰদান কৰা বিবৃতিয়ে চিকিৎসা ক্ষেত্ৰখনত আতংকৰ সৃষ্টি কৰিলে। টাটা মেম’ৰিয়েল হাস্পতালৰ পূৰ্বৰ আৰু বৰ্তমানৰ মুঠ ২৬২ জন কৰ্কট বিশেষজ্ঞৰ স্বাক্ষৰিত বিবৃতিটোত  নৱজোত সিদ্ধুৱে তেওঁৰ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰা নাই। কোৱা হৈছে যে এই সামগ্ৰীসমূহৰ কিছুমানৰ ওপৰত নিশ্চিতভাৱে গৱেষণা চলি আছে যদিও বৰ্তমান এইবোৰ কেন্সাৰ প্ৰতিৰোধী উপাদান হিচাপে গণ্য কৰা হোৱা নাই পৰীক্ষণ হে চলি আছে।

ছত্তীশগড় অসামৰিক সমাজে লিখিছে যে নৱজোত কৌৰ সিদ্ধুৰ হাতত স্বামীৰ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণিত নথি বা চিকিৎসাৰ প্ৰমাণ নাইবুলি এখন সংবাদমেল আয়োজন কৰি এই কথা স্পষ্ট কৰি দিব লাগে বুলি দাবী কৰিছে কাৰণ ইয়াৰ ফলত আন কেন্সাৰ ৰোগীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু সিদ্ধুৰ বক্তব্যক বিশ্বাস কৰি জীৱনৰ লগত খেলা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ