--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ পঞ্জাৱ কংগ্ৰেছ নেতা নৱজোত সিং সিদ্ধুয়ে এখন সংবাদমেল সম্বোধন কৰি তেওঁৰ পত্নী নৱজোত কৌৰ সিদ্ধুৱে আয়ুৰ্বেদিক পদ্ধতিৰে কেন্সাৰ চিকিৎসা কৰি ৪০ দিনৰ ভিতৰত সুস্থ হৈ উঠিছিল বুলি দাবী কৰি তেওঁ নেমু পানী, কেঁচা হালধি আৰু দালচেনি সেৱন কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁৰ এনে বক্তব্যই কৰ্কট ৰোগীক বিপথে পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ছত্তীশগড় অসামৰিক সমাজৰ।

ছ’চাইটিৰ আহ্বায়ক ডাঃ কুলদীপ সোলংকিয়ে এই সন্দৰ্ভত কয় যে নৱজোত সিং সিদ্ধুৱে তেওঁৰ পত্নী নৱজোত কৌৰ সিদ্ধুক চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগৰ পৰা ৪০ দিনত আৰোগ্য লাভ কৰাৰ দাবী কৰিছে। এই দাবীয়ে কৰ্কট ৰোগীক বিপথে পৰিচালিত কৰিছে। যাৰ বাবে এলোপেথিক ঔষধৰ প্ৰতি মানুহৰ আস্থা কমি আহিছে। 

ডাঃ সোলংকিয়ে সাত দিনৰ ভিতৰত চিকিৎসাৰ নথি-পত্ৰ দাখিল কৰি ক্ষমা খুজিবলৈ দাবী জনাই আইনী জাননী প্ৰেৰণ কৰিছে। যদি তেনে নকৰে তেন্তে ৮৫০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰা হ’ব বুলি জনাইছে।

সিদ্ধুৱে কিছু দিনৰ পূৰ্বে প্ৰদান কৰা বিবৃতিয়ে চিকিৎসা ক্ষেত্ৰখনত আতংকৰ সৃষ্টি কৰিলে। টাটা মেম’ৰিয়েল হাস্পতালৰ পূৰ্বৰ আৰু বৰ্তমানৰ মুঠ ২৬২ জন কৰ্কট বিশেষজ্ঞৰ স্বাক্ষৰিত বিবৃতিটোত  নৱজোত সিদ্ধুৱে তেওঁৰ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰা নাই। কোৱা হৈছে যে এই সামগ্ৰীসমূহৰ কিছুমানৰ ওপৰত নিশ্চিতভাৱে গৱেষণা চলি আছে যদিও বৰ্তমান এইবোৰ কেন্সাৰ প্ৰতিৰোধী উপাদান হিচাপে গণ্য কৰা হোৱা নাই পৰীক্ষণ হে চলি আছে।

ছত্তীশগড় অসামৰিক সমাজে লিখিছে যে নৱজোত কৌৰ সিদ্ধুৰ হাতত স্বামীৰ এই দাবীৰ সমৰ্থনত কোনো প্ৰমাণিত নথি বা চিকিৎসাৰ প্ৰমাণ নাইবুলি এখন সংবাদমেল আয়োজন কৰি এই কথা স্পষ্ট কৰি দিব লাগে বুলি দাবী কৰিছে কাৰণ ইয়াৰ ফলত আন কেন্সাৰ ৰোগীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু সিদ্ধুৰ বক্তব্যক বিশ্বাস কৰি জীৱনৰ লগত খেলা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক