--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পিছতে লোকসভাৰ পৰা পদত্যাগ কৰিলে ১০ জনকৈ বিজেপি সাংসদে।  এইবেলি পাঁচ খনৰ ভিতৰৰে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে  ২১গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। সেই ২১গৰাকী সাংসদৰ ভিতৰত ১২ জন বিজয়ী হৈছে। ১২গৰাকী সাংসদৰ ভিতৰৰে দহগৰাকীয়ে  বুধবাৰে লোকসভাৰ পৰা পদত্যাগ কৰে ।

 পদত্যাগ কৰাসকলৰ  ভিতৰত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীও আছে।বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ২১গৰাকী সাংসদৰ ভিতৰত তিনিগৰাকী ৰাজস্থানৰ, দুগৰাকী মধ্য প্ৰদেশৰ আৰু এগৰাকী ছত্তীশগড়ৰ। তেলেংগানাৰ তিনিগৰাকী সাংসদ এইবেলি বিধানসভাৰ  নিৰ্বাচনত পৰাজিত হৈছে। কিন্তু জয়ী হোৱা আন বহু কেইগৰাকী সদ্য পদত্যাগী সাংসদৰ  মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। বিজেপিৰ বিশেষ সূত্ৰৰ মতে,বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে  দলে  এই সাংসদসকলক পদত্যাগ কৰিবলৈ কৈছে। গেৰুৱা দলটোৱে উক্ত সাংসদসকলক   বিধানসভাত ডাঙৰ দায়িত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

বুধবাৰে তেওঁলোকৰ মাজৰে  ১০গৰাকীয়ে  পদত্যাগ কৰে। তেওঁলোকৰ মাজৰে  দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ সিং দুয়োগৰাকীয়েই আজি  সাংসদ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁলোকে শীঘ্ৰে  কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰাও পদত্যাগ কৰিব। এনে পৰিস্থিতিত  লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটত ৰদবদল হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিজয়ী ১২গৰাকী  সাংসদৰ   ভিতৰত ৰাজস্থানৰ বাবা বালক নাথ আৰু ছত্তীশগড়ৰ ৰেণুকা সিং আজি  লোকসভাত উপস্থিত নাছিল। 

অৱশ্যে, তেওঁলোকে শীঘ্ৰে পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে।  সাংসদসকলৰ পদত্যাগৰ পিছত তেওঁলোকে প্ৰতিনিধিত্ব কৰা  আসনবোৰ খালী হৈ পৰে। অৱশ্যে এই আসনসমূহত উপ-নিৰ্বাচনৰ কোনো সম্ভাৱনা নাই। কাৰণ লোকসভা নিৰ্বাচন কেইমাহমানৰ পিছতে অনুষ্ঠিত  হ'ব। এই আসনসমূহ সেয়ে কেইমাহমানৰ বাবেহে খালী হৈ থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক