--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঁচ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ পিছতে লোকসভাৰ পৰা পদত্যাগ কৰিলে ১০ জনকৈ বিজেপি সাংসদে।  এইবেলি পাঁচ খনৰ ভিতৰৰে চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে  ২১গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। সেই ২১গৰাকী সাংসদৰ ভিতৰত ১২ জন বিজয়ী হৈছে। ১২গৰাকী সাংসদৰ ভিতৰৰে দহগৰাকীয়ে  বুধবাৰে লোকসভাৰ পৰা পদত্যাগ কৰে ।

 পদত্যাগ কৰাসকলৰ  ভিতৰত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীও আছে।বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ২১গৰাকী সাংসদৰ ভিতৰত তিনিগৰাকী ৰাজস্থানৰ, দুগৰাকী মধ্য প্ৰদেশৰ আৰু এগৰাকী ছত্তীশগড়ৰ। তেলেংগানাৰ তিনিগৰাকী সাংসদ এইবেলি বিধানসভাৰ  নিৰ্বাচনত পৰাজিত হৈছে। কিন্তু জয়ী হোৱা আন বহু কেইগৰাকী সদ্য পদত্যাগী সাংসদৰ  মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। বিজেপিৰ বিশেষ সূত্ৰৰ মতে,বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতে  দলে  এই সাংসদসকলক পদত্যাগ কৰিবলৈ কৈছে। গেৰুৱা দলটোৱে উক্ত সাংসদসকলক   বিধানসভাত ডাঙৰ দায়িত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

বুধবাৰে তেওঁলোকৰ মাজৰে  ১০গৰাকীয়ে  পদত্যাগ কৰে। তেওঁলোকৰ মাজৰে  দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। নৰেন্দ্ৰ সিং তোমাৰ আৰু প্ৰহ্লাদ সিং দুয়োগৰাকীয়েই আজি  সাংসদ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁলোকে শীঘ্ৰে  কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰাও পদত্যাগ কৰিব। এনে পৰিস্থিতিত  লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটত ৰদবদল হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। বিজয়ী ১২গৰাকী  সাংসদৰ   ভিতৰত ৰাজস্থানৰ বাবা বালক নাথ আৰু ছত্তীশগড়ৰ ৰেণুকা সিং আজি  লোকসভাত উপস্থিত নাছিল। 

অৱশ্যে, তেওঁলোকে শীঘ্ৰে পদত্যাগ কৰিব বুলি জানিব পৰা গৈছে।  সাংসদসকলৰ পদত্যাগৰ পিছত তেওঁলোকে প্ৰতিনিধিত্ব কৰা  আসনবোৰ খালী হৈ পৰে। অৱশ্যে এই আসনসমূহত উপ-নিৰ্বাচনৰ কোনো সম্ভাৱনা নাই। কাৰণ লোকসভা নিৰ্বাচন কেইমাহমানৰ পিছতে অনুষ্ঠিত  হ'ব। এই আসনসমূহ সেয়ে কেইমাহমানৰ বাবেহে খালী হৈ থাকিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক