--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এদিনীয়া বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ শিহৰণকাৰী ফাইনেলখনৰ স্মৃতি সজীৱ হৈ আছে দেশবাসীৰ মনত৷ ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ে যদিও সেই নিশাটোক বিষাদগধুৰ তুলিছিল, তথাপি দেশবাসীৰ উপৰি সেই দিনটোত উৎকণ্ঠিত হৈ আছিল উত্তৰকাশীৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলো! উত্তৰাখণ্ডৰ চিল্কিয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ সংগ্ৰামৰ বহুতো কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে।

উত্তৰকাশীৰ সুৰংগৰ পৰা ওলাই অহাৰ পাছত গব্বৰ সিং নেগীয়ে কৈছে যে তেওঁ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ স্ক’ৰ জানিবলৈ উদগ্ৰীৱ হৈ পৰিছিল৷

১২ নৱেম্বৰত যেতিয়া সুৰংগটোৰ এটা অংশ খহি পৰিছিল আৰু ইয়াৰ ভিতৰত ৪১জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল, তেতিয়া সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন আছিল যে তেওঁলোক কেতিয়া ওলাই আহিব? তেনেদৰে বহুদিন পাৰ হৈ গৈছিল আৰু তেওঁলোকক বাহিৰলৈ উলিয়াবলৈ ১৭ দিন শ্বাসৰুদ্ধকৰ অভিযান চলিছিল।

এই সময়ছোৱাত এটা নাম পোহৰলৈ আহিছিল — গব্বৰ সিং নেগী৷ যিজন ব্যক্তিয়ে সুৰংগটোৰ ভিতৰত ১৭ দিন অতিবাহিত কৰিছিল আৰু বাকী আৱদ্ধ শ্ৰমিকসকলক উৎসাহিত কৰিছিল। শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছে গব্বৰ সিং নেগীৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰিছে, য’ত তেওঁ সুৰংগটোৰ ভিতৰত অতিবাহিত কৰা বহু মুহূৰ্ত ভাগ-বটোৱাৰা কৰিছে।

নেগীয়ে কয়, মই ভাৰত-অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলৰ স্কোৰ জানিবলৈ বিচাৰিছিলোঁ৷ তাত থকা আন শ্ৰমিকবোৰেও জানিব বিচাৰিছিল কিন্তু মই ভাবিছিলোঁ যে মানুহে কি ভাবিব? ইয়াত আমি জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ পৰিস্থিতি এটাত আছোঁ আৰু আমি ক্ৰিকেট মেচখনক লৈ চিন্তিত নেকি!

তেওঁ আৰু কয়, অৱশেষত আমি পাইপৰ মাজেৰে মাত দিছিলোঁ আৰু আমি আনফালৰ পৰাই সঁহাৰিও পাইছিলোঁ৷

শ্ৰমিকসকল ওলাই অহাৰ পাছত গব্বৰ সিং নেগীৰ নাম আলোচনালৈ আহে৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ সৈতে ফোনযোগে কথা পাতি অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কৈছল, আপুনি বিশ্ববিদ্যালয়সমূহৰ বাবে সংকটত থকা লোকসকলক কেনেদৰে নেতৃত্ব দিব লাগে তাৰ অধ্যয়নৰ বিষয় হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক