--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এদিনীয়া বিশ্বকাপৰ ভাৰত-অষ্ট্ৰেলিয়াৰ শিহৰণকাৰী ফাইনেলখনৰ স্মৃতি সজীৱ হৈ আছে দেশবাসীৰ মনত৷ ভাৰতীয় ক্ৰিকেট দলৰ পৰাজয়ে যদিও সেই নিশাটোক বিষাদগধুৰ তুলিছিল, তথাপি দেশবাসীৰ উপৰি সেই দিনটোত উৎকণ্ঠিত হৈ আছিল উত্তৰকাশীৰ সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলো! উত্তৰাখণ্ডৰ চিল্কিয়াৰা সুৰংগৰ ভিতৰত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ সংগ্ৰামৰ বহুতো কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে।

উত্তৰকাশীৰ সুৰংগৰ পৰা ওলাই অহাৰ পাছত গব্বৰ সিং নেগীয়ে কৈছে যে তেওঁ ভাৰত-অষ্ট্ৰেলিয়াৰ ফাইনেলৰ স্ক’ৰ জানিবলৈ উদগ্ৰীৱ হৈ পৰিছিল৷

১২ নৱেম্বৰত যেতিয়া সুৰংগটোৰ এটা অংশ খহি পৰিছিল আৰু ইয়াৰ ভিতৰত ৪১জন শ্ৰমিক আৱদ্ধ হৈ পৰিছিল, তেতিয়া সকলোৰে মনত মাত্ৰ এটাই প্ৰশ্ন আছিল যে তেওঁলোক কেতিয়া ওলাই আহিব? তেনেদৰে বহুদিন পাৰ হৈ গৈছিল আৰু তেওঁলোকক বাহিৰলৈ উলিয়াবলৈ ১৭ দিন শ্বাসৰুদ্ধকৰ অভিযান চলিছিল।

এই সময়ছোৱাত এটা নাম পোহৰলৈ আহিছিল — গব্বৰ সিং নেগী৷ যিজন ব্যক্তিয়ে সুৰংগটোৰ ভিতৰত ১৭ দিন অতিবাহিত কৰিছিল আৰু বাকী আৱদ্ধ শ্ৰমিকসকলক উৎসাহিত কৰিছিল। শেহতীয়াকৈ ইণ্ডিয়ান এক্সপ্ৰেছে গব্বৰ সিং নেগীৰ সৈতে এক বিশেষ বাৰ্তালাপ কৰিছে, য’ত তেওঁ সুৰংগটোৰ ভিতৰত অতিবাহিত কৰা বহু মুহূৰ্ত ভাগ-বটোৱাৰা কৰিছে।

নেগীয়ে কয়, মই ভাৰত-অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেলৰ স্কোৰ জানিবলৈ বিচাৰিছিলোঁ৷ তাত থকা আন শ্ৰমিকবোৰেও জানিব বিচাৰিছিল কিন্তু মই ভাবিছিলোঁ যে মানুহে কি ভাবিব? ইয়াত আমি জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ পৰিস্থিতি এটাত আছোঁ আৰু আমি ক্ৰিকেট মেচখনক লৈ চিন্তিত নেকি!

তেওঁ আৰু কয়, অৱশেষত আমি পাইপৰ মাজেৰে মাত দিছিলোঁ আৰু আমি আনফালৰ পৰাই সঁহাৰিও পাইছিলোঁ৷

শ্ৰমিকসকল ওলাই অহাৰ পাছত গব্বৰ সিং নেগীৰ নাম আলোচনালৈ আহে৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ সৈতে ফোনযোগে কথা পাতি অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক কৈছল, আপুনি বিশ্ববিদ্যালয়সমূহৰ বাবে সংকটত থকা লোকসকলক কেনেদৰে নেতৃত্ব দিব লাগে তাৰ অধ্যয়নৰ বিষয় হ’ব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক