--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ এগৰাকী যুৱতীয়ে ডিম্বাণু বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱাৰ খবৰ পোহৰলৈ আহিছে। শিক্ষাৰ ব্যয় পূৰণ কৰিবলৈ নিৰন্তৰ সংগ্ৰাম চলাই যোৱা যুৱতীগৰাকীৰ এনে কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছন্দ্ৰা জোনছ নামৰ যুৱতীগৰাকীয়ে কয়, ‘নিউয়ৰ্ক বিশ্ববিদ্যালয়ত শিক্ষাৰ বাবে প্ৰায় ১,৬০,০০০ ডলাৰ ধাৰলৈ ল'ব লগা হৈছিল।’ ভাৰতীয় মূদ্ৰাত এই মূল্য প্ৰায় ১,১৯,৬৪,৮০০ টকা। মন কৰিবলগীয়া যে, এনেদৰে নিজৰ শিক্ষাৰ ব্যয় বহন কৰা কাছন্দ্ৰা জোনছেই একমাত্ৰ যুৱতী নহয়। বিশ্ববিদ্যালয়ত অধ্যয়নৰ ব্যয় পৰিশোধ কৰিবলৈ যাওতে বহুতে সমস্যাৰ সন্মুখীন হয়। ইমান দিন ধৰি এই বিষয়টোক লৈ তেনেকৈ আলোচনা হোৱা নাছিল যদিও নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ শেহতীয়া ঘটনাই সকলোৰে চকু কপালত তুলিছে। শিক্ষাৰ ব্যয় বহন কৰিবলৈ বিশ্বত কি কি ঘটনা ঘটিবলৈ লৈছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ২৮ বছৰীয়া যুৱতীগৰাকীয়ে সদৰী কৰা মতে, ‘ঋণ পৰিশোধ কৰিবলৈ ৫বাৰ ডিম্বাণু বিক্ৰী কৰিছিল তেওঁ। ইয়াৰ ফলত তেওঁৰ মুঠ উপাৰ্জন হৈছে ৫০হাজাৰ ডলাৰ। এতিয়াও ১লাখ ১০হাজাৰ ডলাৰ পৰিশোধ কৰিবলৈ বাকী। এনেদৰে, ডিম্বাণু বিক্ৰী কৰি ঋণ পৰিশোধ কৰাৰ পৰিণাম অতি ভয়াৱহ হ’ব পাৰে বুলিও জনাইছে চিকিৎসকসকলে। চিকিৎসক সকলৰ মতে, ‘ডিম্বাণু দিয়াটো ৰক্তদান কৰাৰ দৰে প্ৰক্ৰিয়া নহয়। ডিম্বাণু প্ৰদান কৰা ব্যক্তিজনৰ ক্ষেত্ৰতো ভৱিষ্যতে বহুতো সমস্যাই দেখা দিব পাৰে। যেনে ক’ল’ন কেন্সাৰ, ভৱিষ্যতে মাতৃ হ’ব নোৱাৰা ইত্যাদি সমস্যাই দেখা দিব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক