--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ এগৰাকী যুৱতীয়ে ডিম্বাণু বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱাৰ খবৰ পোহৰলৈ আহিছে। শিক্ষাৰ ব্যয় পূৰণ কৰিবলৈ নিৰন্তৰ সংগ্ৰাম চলাই যোৱা যুৱতীগৰাকীৰ এনে কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাছন্দ্ৰা জোনছ নামৰ যুৱতীগৰাকীয়ে কয়, ‘নিউয়ৰ্ক বিশ্ববিদ্যালয়ত শিক্ষাৰ বাবে প্ৰায় ১,৬০,০০০ ডলাৰ ধাৰলৈ ল'ব লগা হৈছিল।’ ভাৰতীয় মূদ্ৰাত এই মূল্য প্ৰায় ১,১৯,৬৪,৮০০ টকা। মন কৰিবলগীয়া যে, এনেদৰে নিজৰ শিক্ষাৰ ব্যয় বহন কৰা কাছন্দ্ৰা জোনছেই একমাত্ৰ যুৱতী নহয়। বিশ্ববিদ্যালয়ত অধ্যয়নৰ ব্যয় পৰিশোধ কৰিবলৈ যাওতে বহুতে সমস্যাৰ সন্মুখীন হয়। ইমান দিন ধৰি এই বিষয়টোক লৈ তেনেকৈ আলোচনা হোৱা নাছিল যদিও নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ শেহতীয়া ঘটনাই সকলোৰে চকু কপালত তুলিছে। শিক্ষাৰ ব্যয় বহন কৰিবলৈ বিশ্বত কি কি ঘটনা ঘটিবলৈ লৈছে সেয়া এতিয়া স্পষ্ট হৈ পৰিছে। ২৮ বছৰীয়া যুৱতীগৰাকীয়ে সদৰী কৰা মতে, ‘ঋণ পৰিশোধ কৰিবলৈ ৫বাৰ ডিম্বাণু বিক্ৰী কৰিছিল তেওঁ। ইয়াৰ ফলত তেওঁৰ মুঠ উপাৰ্জন হৈছে ৫০হাজাৰ ডলাৰ। এতিয়াও ১লাখ ১০হাজাৰ ডলাৰ পৰিশোধ কৰিবলৈ বাকী। এনেদৰে, ডিম্বাণু বিক্ৰী কৰি ঋণ পৰিশোধ কৰাৰ পৰিণাম অতি ভয়াৱহ হ’ব পাৰে বুলিও জনাইছে চিকিৎসকসকলে। চিকিৎসক সকলৰ মতে, ‘ডিম্বাণু দিয়াটো ৰক্তদান কৰাৰ দৰে প্ৰক্ৰিয়া নহয়। ডিম্বাণু প্ৰদান কৰা ব্যক্তিজনৰ ক্ষেত্ৰতো ভৱিষ্যতে বহুতো সমস্যাই দেখা দিব পাৰে। যেনে ক’ল’ন কেন্সাৰ, ভৱিষ্যতে মাতৃ হ’ব নোৱাৰা ইত্যাদি সমস্যাই দেখা দিব পাৰে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু