--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বহুমহলীয়া ঘৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড।  ইয়াৰ ফলত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হৈছে। এজন ব্যৱসায়ীৰ পত্নী, পুত্ৰ, কন্যা, মাতৃ আৰু ভতিজীৰ মৃত্যু হয় এই অগ্নিকাণ্ডত।  

আনহাতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে মানুহৰ সহযোগত ওচৰ-চুবুৰীয়াৰ ঘৰত জখলা দি জুইত আবদ্ধ হৈ থকা শিশুসহ ৭জন লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত।
আছালতপুৰা লাংদেত আছে  ব্যৱসায়ী আয়াছুদ্দিনৰ পাঁচ মহলীয়া ঘৰ।  ঘৰৰ তলৰ মহলাত আছিল এটা গুদাম।  পৰিয়ালটো ওপৰৰ মহলাত থাকে।  বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত হঠাতে গুদামটোত সংঘটিত হয় এক অগ্নিকাণ্ড।  ইয়াৰ জুইকুৰা ঘৰৰ ওপৰৰ মহলাত উপনীত হয়।


ঘৰত উপস্থিত থকা মানুহখিনিয়ে জুই দেখি  চিঞৰি উঠে।  অট্টালিকাটোৰ পৰা চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া সেই স্থানত উপস্থিত হৈছিল যদিও জুইৰ শিখাৰ মাজত সোমাবলৈ কোনেও সাহস গোটাব পৰা নাছিল।  শিশু-মহিলাসকলে প্ৰাণৰক্ষা কৰিবলৈ সকলোক  অনুৰোধ কৰি আছিল।

 দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হয়।  ইফালে স্থানীয় ৰাইজৰ সহযোগত চিৰি বগাই ৭ জন লোকক  ঘৰটোৰ পৰা উলিয়াই অনা হয়।  ব্যৱসায়ীজনৰ পত্নী ছামা পাৰবীন (৩৬), কন্যা নাফিয়া (৭), পুত্ৰ ইবাদ (৫), মাতৃ কামাৰ জাহান আৰু ব্যৱসায়ীজনৰ ভতিজী উমাইমা (১২)ক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত পাঁচোজনকে মৃত ঘোষণা কৰে চিকিৎসকে।

 দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ডি এম শৈলেন্দ্ৰ কুমাৰ সিং আৰু এছ এছ পি হেমন্ত কুটিয়ালে জিলা চিকিৎসালয়ত উপস্থিত হৈ তথ্য গ্ৰহণ কৰে।  অগ্নিকাণ্ডৰ কাৰণ বিচাৰি তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী