--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বহুমহলীয়া ঘৰত সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড।  ইয়াৰ ফলত একেটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হৈছে। এজন ব্যৱসায়ীৰ পত্নী, পুত্ৰ, কন্যা, মাতৃ আৰু ভতিজীৰ মৃত্যু হয় এই অগ্নিকাণ্ডত।  

আনহাতে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়ে মানুহৰ সহযোগত ওচৰ-চুবুৰীয়াৰ ঘৰত জখলা দি জুইত আবদ্ধ হৈ থকা শিশুসহ ৭জন লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত।
 
আছালতপুৰা লাংদেত আছে  ব্যৱসায়ী আয়াছুদ্দিনৰ পাঁচ মহলীয়া ঘৰ।  ঘৰৰ তলৰ মহলাত আছিল এটা গুদাম।  পৰিয়ালটো ওপৰৰ মহলাত থাকে।  বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত হঠাতে গুদামটোত সংঘটিত হয় এক অগ্নিকাণ্ড।  ইয়াৰ জুইকুৰা ঘৰৰ ওপৰৰ মহলাত উপনীত হয়।


ঘৰত উপস্থিত থকা মানুহখিনিয়ে জুই দেখি  চিঞৰি উঠে।  অট্টালিকাটোৰ পৰা চিঞৰ-বাখৰ শুনি ওচৰ-চুবুৰীয়া সেই স্থানত উপস্থিত হৈছিল যদিও জুইৰ শিখাৰ মাজত সোমাবলৈ কোনেও সাহস গোটাব পৰা নাছিল।  শিশু-মহিলাসকলে প্ৰাণৰক্ষা কৰিবলৈ সকলোক  অনুৰোধ কৰি আছিল।

 দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হয়।  ইফালে স্থানীয় ৰাইজৰ সহযোগত চিৰি বগাই ৭ জন লোকক  ঘৰটোৰ পৰা উলিয়াই অনা হয়।  ব্যৱসায়ীজনৰ পত্নী ছামা পাৰবীন (৩৬), কন্যা নাফিয়া (৭), পুত্ৰ ইবাদ (৫), মাতৃ কামাৰ জাহান আৰু ব্যৱসায়ীজনৰ ভতিজী উমাইমা (১২)ক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত পাঁচোজনকে মৃত ঘোষণা কৰে চিকিৎসকে।

 দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ডি এম শৈলেন্দ্ৰ কুমাৰ সিং আৰু এছ এছ পি হেমন্ত কুটিয়ালে জিলা চিকিৎসালয়ত উপস্থিত হৈ তথ্য গ্ৰহণ কৰে।  অগ্নিকাণ্ডৰ কাৰণ বিচাৰি তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু