--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰৰ আইন-শৃংখলা পৰিস্থিতিকলৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ। বিশেষকৈ উপত্যকাটোত শেহতীয়াকৈ হিন্দু আৰু শিখ লোকক হত্যা কৰাৰ ঘটনা পুনৰ ঘটিবলৈ লোৱাত উদ্বিগ্ন হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ। সেয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হত্যাৰ এনে ঘটনাবোৰ কিদৰে  সম্পূৰ্ণৰূপে বন্ধ হোৱাটো  নিশ্চিত কৰিব পাৰি সেই বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

শ্বাহে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ মুৰব্বী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। জানিব পৰা মতে বৈঠকত উপত্যকাটোত সন্ত্ৰাসবাদী চিনাক্তকৰণৰ বিষয়ত অধিক মানৱ বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। 

শীতকাল আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানে প্ৰতি বছৰৰ দৰে উগ্ৰপন্থীক কাশ্মীৰত অনুপ্ৰৱেশ কৰোৱাৰ  চেষ্টা চলায়। বৈঠকত শ্বাহে অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিষয়টোত যাতে কোনো  কাৰ্পণ্য কৰা নহয় সেই বিষয়ত মনোযোগ দিবলৈ কয়।তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰত থকা উগ্ৰপন্থী লঞ্চ পেডৰ ওপৰতো নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। 

ইয়াৰ উপৰি কেন্দ্ৰই অহা ছয় মাহত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। নিৰ্বাচনৰ বাবে ইতিমধ্যে উপত্যকাটোত বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। উল্লেখ্য ২০১৮ চনত মেহবুবা মুফটিৰ চৰকাৰ ভাঙি যোৱাৰ পিছত উপত্যকাটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু