--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰৰ আইন-শৃংখলা পৰিস্থিতিকলৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰ। বিশেষকৈ উপত্যকাটোত শেহতীয়াকৈ হিন্দু আৰু শিখ লোকক হত্যা কৰাৰ ঘটনা পুনৰ ঘটিবলৈ লোৱাত উদ্বিগ্ন হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ। সেয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে হত্যাৰ এনে ঘটনাবোৰ কিদৰে  সম্পূৰ্ণৰূপে বন্ধ হোৱাটো  নিশ্চিত কৰিব পাৰি সেই বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

শ্বাহে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ মুৰব্বী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলৰ সৈতে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠক আহ্বান কৰে। জানিব পৰা মতে বৈঠকত উপত্যকাটোত সন্ত্ৰাসবাদী চিনাক্তকৰণৰ বিষয়ত অধিক মানৱ বুদ্ধিমত্তা ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। 

শীতকাল আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানে প্ৰতি বছৰৰ দৰে উগ্ৰপন্থীক কাশ্মীৰত অনুপ্ৰৱেশ কৰোৱাৰ  চেষ্টা চলায়। বৈঠকত শ্বাহে অনুপ্ৰৱেশ প্ৰতিৰোধৰ বিষয়টোত যাতে কোনো  কাৰ্পণ্য কৰা নহয় সেই বিষয়ত মনোযোগ দিবলৈ কয়।তেওঁ পাকিস্তান অধিকৃত কাশ্মীৰত থকা উগ্ৰপন্থী লঞ্চ পেডৰ ওপৰতো নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে। 

ইয়াৰ উপৰি কেন্দ্ৰই অহা ছয় মাহত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। নিৰ্বাচনৰ বাবে ইতিমধ্যে উপত্যকাটোত বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে। উল্লেখ্য ২০১৮ চনত মেহবুবা মুফটিৰ চৰকাৰ ভাঙি যোৱাৰ পিছত উপত্যকাটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাই।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী