--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিমধ্যে চন্দ্ৰযান-৩ পৃথিৱীৰ কক্ষপথৰ পৰা ওলাই আহি চন্দ্ৰ অভিমুখে যাত্ৰা কৰিছে। মঙলবাৰে (১ আগষ্ট) ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি চন্দ্ৰযান-৩ পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ গৈ চন্দ্ৰৰ ফালে আগবাঢ়িছে।

ইছৰোই কয় যেচন্দ্ৰযান ৩য়ে কক্ষপথ সফলতাৰে পাৰ কৰিছে। এই কক্ষপথত মহাকাশযানখন চন্দ্ৰৰ প্ৰভাৱ গোলকত প্ৰৱেশ কৰে। মঙলবাৰে পুৱা মহাকাশযানখনক পৃথিৱীৰ কক্ষপথৰ ওপৰেৰে চন্দ্ৰৰ ফালে তুলি লোৱাৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়।

ইছৰোৱে জনাইছে যে ইয়াৰ বাবেই চন্দ্ৰযান-৩ পৃথিৱীৰ কক্ষপথৰ পৰা বাহিৰলৈ গৈ ট্ৰান্সলুনাৰ কক্ষপথত সোমাই চন্দ্ৰৰ কক্ষপথৰ ফালে আগবাঢ়িবলৈ আৰম্ভ কৰে। এতিয়া চন্দ্ৰৰ কক্ষপথত উপনীত হ’বলৈ প্ৰায় পাঁচ দিন লাগিব। মহাকাশ সংস্থাটোৱে জনোৱা মতে, চন্দ্ৰযান-৩ক চন্দ্ৰৰ ওচৰলৈ নিয়াৰ প্ৰক্ৰিয়াটো ইছৰো টেলিমেট্ৰি, ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কত সম্পন্ন কৰা হৈছে।

ইছৰোই চন্দ্ৰযানক অৰ্ধচন্দ্ৰ কক্ষপথত প্ৰৱেশ কৰাইছিল। মহাকাশ সংস্থাটোৱে জনোৱা মতে, চন্দ্ৰযান-৩ পৃথিৱীৰ চাৰিওফালে কক্ষপথ সম্পূৰ্ণ কৰি এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে। পৰৱৰ্তী লক্ষ্য হ’ল চন্দ্ৰ। চন্দ্ৰৰ ওচৰ চাপি অহাৰ মাজতে ২০২৩ চনৰ ৫ আগষ্টত চন্দ্ৰ কক্ষপথ সন্নিৱিষ্ট প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু