--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আজি ১১ ছেপ্টেম্বৰ দেওবাৰে পুৱা পূব পাপুয়া নিউ গিনিত এই ভয়ংকৰ ভূমিকম্পই জোকাৰি যায়। এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৬।  ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা প্ৰায় ৩০০ মাইল (৪৮০ কিলোমিটাৰ) দূৰত কম্পন অনুভৱ কৰা হৈছিল। ভূমিকম্পই জোকাৰি যায় সাগৰীয় উপকুল অঞ্চল। এই ভয়ংকৰ ভূমিকম্প অনুভূত হোৱাত ছুনামীৰ আশংকা কৰা হৈছে। 

হাই এলাৰ্ট জাৰি কৰি উপকুলীয় অঞ্চলৰ জনসাধাৰণক সাগৰৰ পাৰৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান কৰা হৈছে। বহুতো ঘৰ আৰু অট্টালিকাৰ ক্ষতি হোৱাৰ লগতে তিনি জন মানুহৰ মৃত্যু হোৱা বুলি বাতৰি পোৱা গৈছে। ভূমিকম্পৰ প্ৰাবল্য লৈ চাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপেও ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে। 

ভূমিকম্পৰ ফলত পাপুয়া নিউ গিনিৰ কিছু অংশত বিদ্যুৎ কৰ্তন হোৱাৰ লগতে বহুতো ঘৰ আৰু অট্টালিকাৰ ক্ষতিৰ খবৰ পোৱা গৈছে। উল্লেখ্য যে, পাপুয়া নিউ গিনি প্ৰশান্ত মহাসাগৰীয় অঞ্চলত “ৰিং অফ ফায়াৰ”ৰ মাজত অৱস্থিত, সেই বাবেই এই অঞ্চলত সঘনাই ভূমিকম্প হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক