--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণ দোষৰ বাবেই বিকৃত শাস্তি দি কুনাম আৰ্জিছে তালিবানে৷ মঙলবাৰে কান্দাহাৰৰ আহমেদ শ্বাহি ফুটবল ষ্টেডিয়ামত মুঠ নজন লোকক নিদাৰুণভাৱে  শাস্তি দিয়ে তালিবানে। তেওঁলোকৰ কিছুমানৰ ওপৰত চুৰিৰ অভিযোগ আছে আৰু কিছুমানৰ ওপৰত 'অবৈধ' যৌনসম্পৰ্কৰ অভিযোগ আছে। তালিবানৰ সদস্যকেইজনে আটক কৰা লোকসকলক চাবুকৰে মাৰিছিল, আৰু চাৰিজন লোকৰ হাত কাটি পেলোৱা হৈছিল।

মঙলবাৰে সকলো নাগৰিক আহমেদ শ্বাহি ষ্টেডিয়ামলৈ আহিছিল। আৰু ষ্টেডিয়ামত ৰোমাঞ্চকৰ খেল এখন চলি থকাৰ দৰেই  নজন লোকক শাস্তি দিয়াৰ ঘটনাৰ সাক্ষী হ’ল সকলো। টোলো নিউজে টুইট কৰিছে,  "উচ্চতম ন্যায়ালয়ে এটা বিবৃতি জাৰি কৰি কয় যে মঙলবাৰে কান্ধাৰৰ আহমেদ শ্বাহি ষ্টেডিয়ামত নজন দোষীক শাস্তি প্ৰদান কৰা হৈছে। তেওঁলোকৰ ওপৰত চুৰি আৰু 'বিকৃত' যৌনতাৰ অভিযোগ আছে। স্থানীয় প্ৰাদেশিক গভৰ্ণৰ হাজী জাইদে কৈছিল যে প্ৰতিজন দোষীক ৩৫ ৰ পৰা ৩৯ বাৰ চাবুক মাৰিছিল। অৱশ্যে, হাত কাটি দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হোৱা নাছিল।”

ইংলেণ্ডৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰীৰ পৰামৰ্শদাতা শবনম নাছিমীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই যে তালিবানে উক্ত নজন লোকৰ  হাত অংগ ছেদ কৰিছে৷ কিন্তু ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

আন্তৰ্জাতিক সম্প্ৰদায়ৰ আপত্তিক প্ৰায় উপেক্ষা কৰি তালিবান শাসকসকলে শীৰ্ষ নেতাৰহে আদেশ পালন কৰি আহিছে৷  চুৰিৰ অভিযোগ থকাৰ বাবেই  নিজকে ৰক্ষা কৰাৰ সামান্যতম সুযোগ নিদিয়াকৈ হাত কাটি পেলোৱা আৰু কাটি পেলোৱা টো স্পষ্টভাৱে মানৱ অধিকাৰৰ উলংঘন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে