--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণ দোষৰ বাবেই বিকৃত শাস্তি দি কুনাম আৰ্জিছে তালিবানে৷ মঙলবাৰে কান্দাহাৰৰ আহমেদ শ্বাহি ফুটবল ষ্টেডিয়ামত মুঠ নজন লোকক নিদাৰুণভাৱে  শাস্তি দিয়ে তালিবানে। তেওঁলোকৰ কিছুমানৰ ওপৰত চুৰিৰ অভিযোগ আছে আৰু কিছুমানৰ ওপৰত 'অবৈধ' যৌনসম্পৰ্কৰ অভিযোগ আছে। তালিবানৰ সদস্যকেইজনে আটক কৰা লোকসকলক চাবুকৰে মাৰিছিল, আৰু চাৰিজন লোকৰ হাত কাটি পেলোৱা হৈছিল।

মঙলবাৰে সকলো নাগৰিক আহমেদ শ্বাহি ষ্টেডিয়ামলৈ আহিছিল। আৰু ষ্টেডিয়ামত ৰোমাঞ্চকৰ খেল এখন চলি থকাৰ দৰেই  নজন লোকক শাস্তি দিয়াৰ ঘটনাৰ সাক্ষী হ’ল সকলো। টোলো নিউজে টুইট কৰিছে,  "উচ্চতম ন্যায়ালয়ে এটা বিবৃতি জাৰি কৰি কয় যে মঙলবাৰে কান্ধাৰৰ আহমেদ শ্বাহি ষ্টেডিয়ামত নজন দোষীক শাস্তি প্ৰদান কৰা হৈছে। তেওঁলোকৰ ওপৰত চুৰি আৰু 'বিকৃত' যৌনতাৰ অভিযোগ আছে। স্থানীয় প্ৰাদেশিক গভৰ্ণৰ হাজী জাইদে কৈছিল যে প্ৰতিজন দোষীক ৩৫ ৰ পৰা ৩৯ বাৰ চাবুক মাৰিছিল। অৱশ্যে, হাত কাটি দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হোৱা নাছিল।”

ইংলেণ্ডৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰীৰ পৰামৰ্শদাতা শবনম নাছিমীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই যে তালিবানে উক্ত নজন লোকৰ  হাত অংগ ছেদ কৰিছে৷ কিন্তু ঘটনাটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। 

আন্তৰ্জাতিক সম্প্ৰদায়ৰ আপত্তিক প্ৰায় উপেক্ষা কৰি তালিবান শাসকসকলে শীৰ্ষ নেতাৰহে আদেশ পালন কৰি আহিছে৷  চুৰিৰ অভিযোগ থকাৰ বাবেই  নিজকে ৰক্ষা কৰাৰ সামান্যতম সুযোগ নিদিয়াকৈ হাত কাটি পেলোৱা আৰু কাটি পেলোৱা টো স্পষ্টভাৱে মানৱ অধিকাৰৰ উলংঘন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ