--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক জঘন্য ঘটনা ঘটিছে মহাৰাষ্ট্ৰৰ পুনেত। ঋণ পৰিশোধ কৰিবলৈ ব্যৰ্থ  হোৱাৰ বাবেই  এজন  ঋণদাতাই এজন লোকৰ  পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে। আৰক্ষীয়ে অভিযুক্ত  ঋণদাতা লোকজনক গ্ৰেপ্তাৰ কৰিছে।

 আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো এই বছৰৰ ফেব্ৰুৱাৰীতে সংঘটিত হৈছিল।কিন্তু ঘটনাটোৰ কথা পলমকৈহে পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকীৰ স্বামীয়ে এজন লোকৰ  পৰা কিছু টকা ধাৰলৈ লৈছিল। কিন্তু সময়ত তেওঁ ধন  পৰিশোধ কৰাত ব্যৰ্থ হৈছিল।  ঋণদাতা লোকজনে নিৰন্তৰ ধন আদায় লোকজনক ভাবুকি  দিছিল। 

এদিন,  ঋণদাতা লোকজনে স্বামীক টকা ঘূৰাই দিবলৈ হেঁচা দিছিল আৰু  তেওঁৰ পত্নীক  স্বামীৰ চকুৰ সন্মুখতে ধৰ্ষণ কৰিছিল। ৪৭ বছৰীয়া ধনদাতাই গোটেই ঘটনাটো তেওঁৰ মোবাইল ফোনত ৰেকৰ্ড কৰিছিল। পিছত তেওঁ ইয়াক সামাজিক মাধ্যমতো বিয়পাই দিছিল।

পুনেৰ এজন আৰক্ষী বিষয়াই কয়, "ঘটনাটো এই বছৰৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। আমি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছো। তদন্ত চলি আছে। আৰক্ষীয়ে ধাৰণা কৰিছে  যে অভিযুক্তজনক জেৰা কৰি এই সন্দৰ্ভত অধিক তথ্য লাভ কৰাব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস