--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা বানে সংহাৰৰ সৃষ্টি কৰিছিল দিল্লীত। ইয়াৰ মাজতে  দিল্লীত পুনৰ ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে।  শেহতীয়াকৈ দিল্লীত  হোৱা বানপানীৰ পিছত ডেংগুৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে। 

 ডেংগু ৰোগীৰ উদ্বেগজনক বৃদ্ধিৰ মাজতে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে শুকুৰবাৰে কয় যে ২০ টা ডেংগু নমুনাৰ জিনম অনুক্ৰম পৰীক্ষা  কৰা হৈছে যাৰ ভিতৰত ১৯ টা নমুনা ইতিবাচক পোৱা গৈছে। ভৰদ্বাজে লগতে কয় যে  যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্বাস্থ্য বিভাগক ডেংগু ৰোগীসকলৰ বাবে বিচনা সংৰক্ষণ কৰিবলৈ আৰু চিকিৎসালয় আৰু 'মহল্লা' ক্লিনিকত পৰ্যাপ্ত ঔষধৰ মজুত নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য দিল্লীত  মহৰ প্ৰজননস্থলী ধ্বংস নকৰা পৰিয়ালে দিব লাগিব ১০০০ টকাৰ জৰিমনা। ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই জৰিমনাৰ পৰিমাণ ৫০০০ টকা। দিল্লীৰ স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে ডেংগুৰ সংক্ৰমণ নিয়ন্ত্ৰণত ৰখাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইয়াৰ পূৰ্বে দিল্লীৰ ডেংগু পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ দিল্লী সচিবালয়ত এখন বৈঠক আহ্বান কৰিছিল। যোৱা দুসপ্তাহত, দিল্লীত  ডেংগুৰ ৫১  টা ইতিবাচক ঘটনা ধৰা পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে