--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা বানে সংহাৰৰ সৃষ্টি কৰিছিল দিল্লীত। ইয়াৰ মাজতে  দিল্লীত পুনৰ ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে।  শেহতীয়াকৈ দিল্লীত  হোৱা বানপানীৰ পিছত ডেংগুৰ প্ৰকোপ অধিক বৃদ্ধি পাইছে। 

 ডেংগু ৰোগীৰ উদ্বেগজনক বৃদ্ধিৰ মাজতে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৌৰভ ভৰদ্বাজে শুকুৰবাৰে কয় যে ২০ টা ডেংগু নমুনাৰ জিনম অনুক্ৰম পৰীক্ষা  কৰা হৈছে যাৰ ভিতৰত ১৯ টা নমুনা ইতিবাচক পোৱা গৈছে। ভৰদ্বাজে লগতে কয় যে  যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে স্বাস্থ্য বিভাগক ডেংগু ৰোগীসকলৰ বাবে বিচনা সংৰক্ষণ কৰিবলৈ আৰু চিকিৎসালয় আৰু 'মহল্লা' ক্লিনিকত পৰ্যাপ্ত ঔষধৰ মজুত নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য দিল্লীত  মহৰ প্ৰজননস্থলী ধ্বংস নকৰা পৰিয়ালে দিব লাগিব ১০০০ টকাৰ জৰিমনা। ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই জৰিমনাৰ পৰিমাণ ৫০০০ টকা। দিল্লীৰ স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে ডেংগুৰ সংক্ৰমণ নিয়ন্ত্ৰণত ৰখাৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইয়াৰ পূৰ্বে দিল্লীৰ ডেংগু পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ দিল্লী সচিবালয়ত এখন বৈঠক আহ্বান কৰিছিল। যোৱা দুসপ্তাহত, দিল্লীত  ডেংগুৰ ৫১  টা ইতিবাচক ঘটনা ধৰা পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস